...

টি. চিটি. ফটোগ্রাফী একাডেমীত বিশ্ব ফটোগ্রাফী দিৱস

Spread the love

টি. চিটি. ফটোগ্রাফী একাডেমীত বিশ্ব ফটোগ্রাফী দিৱস উদ্যাপন

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফটোগ্ৰাফাৰ সৌৰভ দুৱৰা বিচাৰক

ভিডিঅ, সাংবাদিক ইফটিকাৰ হুছেইনক ফটোগ্রাফী বঁটাৰে সন্মানিত

চাইন অন ডেস্ক:

অসম চৰকাৰৰ কাৰিকৰী সঞ্চালকালয়ৰ দ্বাৰা অনুমোদিত অসমৰ একমাত্র বেচৰকাৰী ফটোগ্রাফী প্রশিক্ষণ প্রতিষ্ঠান ডিব্রুগড়ৰ বাণীপুৰত প্ৰতিষ্ঠিত টি. চিটি. ফটোগ্রাফী একাডেমীত অষ্টম বার্ষিক বিশ্ব ফটোগ্রাফী দিৱস ১৯ আগষ্ট, ২০২৫ তাৰিখত বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়।

ফটোগ্রাফী ক্লাব অফ্ আসামৰ সভাপতি বিদ্যাসাগৰ বৰুৱা আৰু আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফটোগ্ৰাফাৰ ৰত্নজিত চৌধুৰী, ডিব্ৰুগড়ৰ অগ্রণী ‘অপেক্ষা হস্পিতাল’ৰ সঞ্চালক ফটোপ্রেমী ডাঃ অশোক আগৰৱালা, শ্ৰীমতী চিল্কী আগৰৱালা, উপাসনা কলাকেন্দ্ৰৰ সভাপতি দীপক কুমাৰ দত্ত, অধ্যক্ষ তৰুণ কুমাৰ গগৈ, ড° নয়নমণি ফুকন, নন্দিতা গগৈ, অধ্যাপক ৰণেন্দ্ৰ খাউণ্ড আৰু ঝর্ণা শইকীয়া, মণিমালা গগৈৰ উপৰিও বহু গণ্যমান্য ব্যক্তি উক্ত অনুষ্ঠানত উপস্থিত থাকে।

‘ফটোগ্রাফী ক্লাব অফ্ আসাম’ৰ প্ৰতিষ্ঠাপক সভাপতি আৰু টি. চিটি. ফটোগ্রাফী একাডেমীৰ সঞ্চালক দেবাশীষ গগৈয়ে বিশ্বত ফটোগ্রাফী বিকাশৰ চমু ইতিহাস দাঙি ধৰাৰ লগতে বর্তমান বিশ্বত ফটোগ্রাফীৰ গুৰুত্ব সম্পর্কে বিশদ বর্ণনা দাঙি ধৰে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ফটোগ্রাফীৰ বিকাশত ডিব্ৰুগড়ৰ বিশিষ্ট ফটোগ্ৰাফাৰ মুক্তালাল বৰদলৈৰ দ্বিতীয় মহাযুদ্ধৰ সময়তে বৃটিছ চৰকাৰৰ পৰা চৰকাৰী ফটোগ্ৰাফাৰ হিচাপে নিযুক্তি পোৱা গৌৰৱমণ্ডিত অৱদানৰ তথ্যও তেখেতে দাঙি ধৰে। উপাসনা কলাকেন্দ্ৰত আয়োজন কৰা ফটো প্রদর্শনী আৰু ফটোগ্রাফীৰ প্রতিযোগিতাত প্রায় দুশ প্রতিযোগীয়ে যোগদান কৰে।

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফটোগ্ৰাফাৰ সৌৰভ দুৱৰাই প্রতিযোগিতাত বিচাৰক ৰূপে থাকি নিৰপেক্ষভাৱে বিচাৰ কৰি সকলোকে সন্তুষ্টি প্রদান কৰে।

ফটোগ্রাফী প্রতিযোগিতাৰ জ্যেষ্ঠ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে চিন্তু ঠাকুৰীয়া (দহ হাজাৰ টকা), দ্বিতীয় হর্ষজিত দাস (পাঁচ হাজাৰ টকা) আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ৰত্নজিত চৌধুৰীয়ে (তিনি হাজাৰ টকা)।

কনিষ্ঠ শাখাৰ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে প্রিয়াংশু গগৈ আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে অনুভূতি হাজৰিকাই। বিশিষ্ট ফটো ভিডিঅ, সাংবাদিক ইফটিকাৰ হুছেইনক ফটোগ্রাফী বঁটাৰে সন্মানিত কৰি পাঁচ হাজাৰ টকাৰ চেক্‌ প্ৰদান কৰি সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। তদুপৰি সু-দক্ষ ফটোগ্রাফাৰ আৰু সমাজকর্মী অৰিজিত দাসগুপ্তা, নিশান্ত টোডি, মোহিত টোডিৰ লগতে চিল্কী আগৰৱালাক তেওঁলোকৰ সামাজিক অৱদানৰ বাবে সম্বৰ্দ্ধনা জনোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *