...

ৰেলৱে মালগুদাম শ্রমিক সংঘৰ অভিযোগ খণ্ডন

Spread the love

 

 

ৰেলৱে মালগুদাম শ্রমিক সংঘৰ অভিযোগ খণ্ডন

 

 

অভ্যন্তৰীণ মতভেদৰ বিষয়
চাৰিজনীয়া আভ্যন্তৰীণ তদন্ত সমিতি গঠন

 

চাইন অন ডেস্ক:

শেহতীয়াকৈ সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত “ৰেলৱত চাকৰি দিয়াৰ নামত দুর্নীতি আৰু কেলেঙ্কাৰী” শীৰ্ষক খবৰত ভাৰতীয় ৰেলৱে মালগুদাম শ্রমিক সংঘৰ কেইজনো পদাধিকাৰীৰ বিৰুদ্ধে উথাপিত গুৰুতৰ অভিযোগ খণ্ডন কৰিছে।সংঘই এক বিবৃতিত সকলোবোৰ অভিযোগ সম্পূৰ্ণভাৱে ভ্ৰান্তিকৰ আৰু অসত্য বুলি নাকচ কৰি স্পষ্টকৈ কয় যে, এই ঘটনাটো মূলতঃ সংগঠনৰ ভিতৰৰ অভ্যন্তৰীণ মতভেদ।

সংঘৰ ৰাষ্ট্ৰীয় প্ৰভাৰীয়ে স্পষ্ট কৰি জনায় যে, বিতৰ্কৰ মূল বিষয় হ’ল চম্পক বৰা, যি একালৰ সংগঠনৰ এজন সক্ৰিয় সদস্য আছিল।বিভিন্ন অভিযোগ আৰু একাধিক আপত্তিৰ ভিত্তিত তেওঁক ইতিমধ্যেই সংঘই সংগঠনমূলক কাৰ্যৰ পৰা অব্যাহতি দিয়া হয়।ধন ডেকা আৰু নগাঁওবাসী চম্পক বৰাৰ মাজত দীঘলীয়া ব্যক্তিগত মতভেদ চলি আহিছিল আৰু এতিয়া ইয়াক আইনী প্ৰক্ৰিয়াৰ মাজত আছে।“আইনে নিজৰ কাম কৰি আছে আৰু সংগঠনেও নিজৰ অভ্যন্তৰীণ ব্যৱস্থাপ্ৰণালী অনুসৰি বিষয়টো সমাধানৰ চেষ্টা কৰি আছে।”__ৰাষ্ট্ৰীয় প্ৰভাৰী মনোজ কুমাৰে সদৰী কৰে।

বিবৃতিত আৰু কোৱা হয় যে যিসকল পদাধিকাৰী — ধন ডেকা, পঞ্চানন ডেকা, ৰঞ্জন পেংগু, দাদুল বৰুআ, সঞ্জু ছেত্ৰী, সীমা মন্ত্রী, মনেশ্বৰ পামে আদিকে ধৰি অভিযোগ উঠিছে এই সকলোৰে ওপৰত সংঘই এক ন্যায়িক তদন্ত কৰিবলৈ চাৰিজনীয়া অভ্যন্তৰীণ অনুসন্ধানী সমিতি গঠন কৰি দিছে আৰু তদন্ত সম্পূৰ্ণ নোহোৱালৈকে তেওঁলোকক সংগঠনৰ সকলো কাৰ্য আৰু দায়িত্বৰ পৰা অস্থায়ীভাৱে অব্যাহিত ৰাখিবলৈ সংঘই নিৰ্দেশ দিছে বুলি জানিবলৈ দিয়ে।

ৰাষ্ট্ৰীয় প্ৰভাৰীয়ে লগতে কয় যে, ১৯৯৮ চনৰ পৰা BRMGSS সদায়ে শ্রমিকৰ অধিকাৰ আৰু স্বাৰ্থৰ হকে অহপুৰুষাৰ্থ যত্নসহকাৰে কাম কৰি আহিছে। বৰ্তমান সংগঠনটোৱে অসমৰ প্ৰায় ২৫ হাজাৰ শ্রমিকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দি আগবাঢ়ি গৈছে।কোনো ধৰণৰ দুর্নীতি বা শ্রমিক-বিৰোধী কাৰ্যকলাপ সংগঠনে কোনোপধ্যে সহ্য নকৰে বুলি স্পষ্ট ভাবে উল্লেখ কৰে।লগতে তেওঁ সংঘৰ পঞ্জীয়ন সম্পৰ্কীয় যি মন্তব্য কৰিছে সেইটো এটা অতি ভ্ৰান্তিকৰ, হাস্যকৰ আৰু দুৰ্ভাগ্যজনক বুলি আখ্যা দি কয় যে সত্যতা সংঘৰ চৰকাৰী ৱেবছাইটত সহজে পৰীক্ষা কৰিব পাৰি।

আনহাতেদি
সংঘৰ ৰাষ্ট্ৰীয় মহাসচিবে মন্তব্য কৰি কয় যে, সংগঠনৰ প্ৰতিচ্ছবি কলংকিত কৰাৰ এই প্রচেষ্টা এইয়ে প্ৰথম নহয়।এটা শ্ৰমিক বিৰোধী দুষ্ট চক্ৰই সদায়ে শ্ৰমিকৰ বিৰুদ্ধে এক চক্ৰান্ত কৰি আহি আছে । তেওঁ আৰু কয়— “অদালতত চলি থকা আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ নহোৱালৈকে একপক্ষকৈ কোনো সিদ্ধান্ত নল’বলৈ সংবাদ মাধ্যমক আহ্বান জনোৱা লগতে সত্য অসত্য নিশ্চিতকৰণৰ পিছতে সংবাদ প্ৰকাশ কৰিবলৈ অনুৰোধ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *