...

পুটিনেৰ পাচত ইউক্রেইনৰ ৰাষ্ট্ৰপতিৰে আলোচনা ট্রাম্পৰ

Spread the love

 

 

পুটিনেৰ পাচত ইউক্রেইনৰ ৰাষ্ট্ৰপতিৰে আলোচনা ট্রাম্পৰ

 

 

শান্তিৰ সূত্ৰ বিচাৰি হোৱাইট হাউছত জেলেনস্কি

 

 

বাশ্বিংটন:

ৰাছিয়া-ইউক্রেইন সংঘাতৰ সমাধানসূত্র বিচাৰি আলাস্কাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ আলোচনা হোৱাৰ পিচত এইবাৰ ট্রাম্পৰ সৈতে আলোচনাৰ বাবে ৱাশিংটনত উপস্থিত হৈছে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি।হোৱাইট হাউছৰ বিবৃতি অনুসৰি অনুষ্ঠিত হয় এই বহু প্রতীক্ষিত আলোচনা।

ৰাছিয়াৰ বিৰুদ্ধে একক শক্তি প্ৰদৰ্শনৰ উদ্দেশ্যে জেলেনস্কিয়ে লগত নিছে ইউৰোপৰ একাংশ নেতাক।জানিব পৰামতে, তেওঁৰ লগত ৱাশ্বিংটনে গৈছে ইউৰোপিয়ান কমিছনৰ অধ্যক্ষ উর্দুলা ভন ডেৰলেয়েন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ই মানুৱেল মেক্র, ব্রিটেই নৰ প্রধানমন্ত্রী কেইৰ ষ্টাৰমাৰ, জার্মানি চেন্সেলৰ ফ্ৰেডৰিখ মার্জ, ইটালীৰ প্রধানমন্ত্রী জর্জিয়া মেল’নি, ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাৰ আৰু নাটোৰ সচিবপ্রধান মার্ক ৰুট।

বিশেষজ্ঞৰ মতে আলোচনাৰ অন্যতম বিষয় নাটোৰ দৰে সুৰক্ষা ব্যৱস্থা, যিটো ৰাছিয়াৰ সৈতে শান্তি স্থাপনৰ ক্ষেত্ৰত ইউক্রেইনৰ প্রয়োজন হ’ব। অৱশ্যে ট্রাম্পৰ সৈতে হোৱা আলোচনাত ৰাষ্ট্ৰপতি পুটিনে ইউক্রেইন নাটোৰ সদস্য হোৱাৰ বিৰোধিতা কৰিছিল আৰু দেশখনত বাহ্যিক আক্রমণ হ’লে ৰাছিয়াই সুৰক্ষা দিব বুলি প্রতিশ্রুতি দিছিল।

আলোচনাৰ পূৰ্বে ৰাষ্ট্ৰপতি ট্রাম্পে ইউক্রেইনৰ ৰাষ্ট্ৰপতিক আনুষ্ঠানিক আদৰণি জনায়। ইয়াৰ পিচতে নির্দিষ্ট স্থানত দুয়ো আলোচনাত বহে। জেলেনস্কিৰ পিচত ট্রাম্পে অভ্যাগত ইউৰোপিয়ান নেতাসকলৰ সৈতে
এখন গুৰুত্ব-মিলিত হয়।

হোৱাইট হাউছ হিচাপে অভিহি ড’নাল্ড ট্র আলোচনাৰ দুঃসংবাদ দি মাধ্যমত ট্রাম্পে পৰা ক্রিমিয়াম জেলেনস্কিয়ে নাটোৰ সদস্যপদ পৰিত্যাগ কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *