...

ডিব্ৰুগড় আদালতত হাজিৰ বিধায়ক অখিল গগৈ

Spread the love

 

ডিব্ৰুগড় আদালতত হাজিৰ বিধায়ক অখিল গগৈ

 

‘কা’ বিৰোধী আন্দোলনত অখিলৰ বিৰুদ্ধে পাঁচটা গোচৰ

 

চাইন অন ডেস্ক:

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা আন্দোলনৰ সময়ত ৰুজু হোৱা গোচৰত ডিব্ৰুগড় আদালতত সোমবাৰে হাজিৰ হ’ল বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। বিধায়ক গগৈৰ বিৰুদ্ধে ডিব্ৰুগড় আদালতত পাঁচটাকৈ গোচৰ চলি আছে।

বিধায়ক গগৈয়ে ডিব্ৰুগড় আদালতত হাজিৰ হোৱাৰ পাছতে ‘কা’ বাতিল কৰাৰ দাবী উত্থাপন কৰিছে। অখিল গগৈয়ে কয় যে, ‘কা’ বিৰোধী আন্দোলন বহুত নেতা-নেত্ৰী, দল-সংগঠনে কৰিলে। মৰণ মিলিল কেৱল আমাৰ! মূলতঃ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলেই ফচিল! বেছিভাগ নেতা আৰু সংগঠনেই ধোঁৱা তুলসীৰ পাত! আমিহে গভাইত অপৰাধী! ‘কা’ বিৰোধী আন্দোলনত মোৰ ওপৰত কিমানখন থানাত কিমানটা গোচৰ তৰিছিল হিচাপ নাই, ডিব্ৰুগড়ত মুঠ ৮ টা গোচৰ। ‘কেব’ হৈ থাকোতে এই ডিব্ৰুগড়তে মোক এনএছএ লগাই ৬ মাহ জে’লত ৰাখিছিল। ‘নিয়া’ লগাইও ডিব্ৰুগড় জে’লত ৰাখিছিল বেছ কিছু মাহ। আজি ৪ টা গোচৰ উঠিছিল; এটাত মোৰ ওপৰত, লগতে আন ১০ জন ‘সাধাৰণ মানুহ’ৰ ওপৰত চেছন ক’ৰ্টত চাৰ্জ ফ্ৰেম হ’ল অৰ্থাৎ আমাৰ ওপৰত অভিযোগৰ বিচাৰ হ’ব, আন এটা চিজেএম ক’ৰ্টৰ পৰা কমীট কৰি চেছন ক’ৰ্টলৈ বিচাৰৰ বাবে পঠিয়াই দিছে। আন দুটা গোচৰ অমীমাংসিত হৈ ৰ’ল।

একেটা প্ৰসংগত অখিল গগৈয়ে লগতে কয় যে, বগা চাৰ্ট, ক’লা পেণ্ট পিন্ধা আৰু ডাঙৰ ডাঙৰ সংগ্ৰামী নীতি বচন আওৰোৱা সকলো নেতা নিৰাপদ, ক’তো এক টোপাল ক’লা দাগ নাই, আমিহে ‘অপৰাধী/ অভিযুক্ত’ (নে ‘সন্দেহযুক্ত’?) হৈ ৰ’লোঁ। সেইসকল ‘সংগ্ৰামী’, ‘বিপ্লৱী’ৰ মুখতে কেতিয়াবা কেতিয়াবা শুনো বোলে আমাৰ দেশপ্ৰেম ভুৱা! তেওঁলোকহে খাটি আন্দোলনকাৰী! আমি বোলে চৰকাৰৰ লগত আপোচ কৰো, তেওঁলোক আপোচবিহীন। আপোচ কৰা হ’লে বিধায়ক অখিল গগৈয়ে তেওঁৰ বিৰুদ্ধে থকা ১২৫ টা গোচৰ শেষ কৰি দিব পাৰিলোঁ হয় বুলি মন্তব্য কৰে।

শেহতীয়াকৈ চৰকাৰে ৬৯৫৯০ গৰাকী হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিব খোজা প্ৰসংগক লৈয়ো ক্ষোভ প্ৰকাশ কৰি কয়, জাতীয় সংগঠনসমূহে এই প্ৰশ্নসমূহক লৈ সৱলভাৱে যিমান উত্থাপন কৰিব লাগিছিল, সেইয়া কৰা দেখা নাই। ন্যায়ালয়ৰ দ্বাৰা ঘোষিত সন্দেহযুক্ত বিদেশী নাগৰিকক চৰকাৰে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। আৰু আজিৰ দিনটোৰ পৰাই সেই সন্দেহযুক্ত নাগৰিকসকলক নাগৰিকত্ব দিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ বিৰুদ্ধে প্ৰত্যেকজন অসমীয়াই মাত মতাৰ প্ৰয়োজনীয়তা আছে। বিধায়ক অখিল গগৈয়ে লগেত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধেও সৰৱ হৈ পৰে। নিৰ্বাচনৰ আগে আগে অসমত ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এক সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপন কৰি গগৈয়ে কয়, শিৱসাগৰ সমষ্টিত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰা হৈছিল। কিন্তু আমি সেই প্ৰচেষ্টাক উফৰাই পেলাবলৈ সক্ষম হৈছিলো। শেহতীয়াকৈ ৰাজ্যত চলাই থকা উচ্ছেদ অভিযান প্ৰসংগতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈয়ে। গগৈয়ে কয়, চৰকাৰৰ মতে অচিনাকী আৰু সন্দেহজনক লোকক উচ্ছেদ কৰা বুলি ক’ব বিচাৰে যদিও চৰকাৰে খিলঞ্জীয়াক উচ্ছেদ কৰিছে। বিশ্বনাথত খিলঞ্জীয়া চাহ বাগানত উচ্ছেদ কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিয়ে পুনৰবাৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাদে উচ্ছেদ অভিযানৰ আন কোনো উদ্দেশ্য নাই বুলিও চৰকাৰক প্ৰত্যাহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *