...

এইচ আই ভি আৰু যৌন সংক্ৰমণৰ সন্দৰ্ভত জিলা পৰ্য্যায়ৰ সজাগতা

 

 

এইচ আই ভি আৰু যৌন সংক্ৰমণৰ সন্দৰ্ভত জিলা পৰ্য্যায়ৰ সজাগতা

 

 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ মেনেজমেণ্ট ষ্টাডিজৰ কনফাৰেন্স হ’লত শুভাৰম্ভণি

 

 

চাইন অন ডেস্ক:

জিলা স্বাস্থ্য সমিতি, ডিব্ৰুগড়ৰ উদ্যোগত বুধবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ মেনেজমেণ্ট ষ্টাডিজৰ কনফাৰেন্স হলত এইচ আই ভি আৰু যৌন সংক্ৰমণ (এছ টি আই)ৰ সন্দৰ্ভত জিলা পৰ্য্যায়ৰ সজাগতা কেম্পেইনিং (তথ্য, শিক্ষা আৰু যোগাযোগ বা আই ই চি) অভিযানৰ শুভাৰম্ভণি হয়। এই আই ই চি বা সজাগতা অভিযানৰ লক্ষ্য হৈছে সমগ্ৰ জিলাখনত জনসাধাৰণৰ মাজত এইচ আই ভি আৰু যৌন সংক্ৰমন সম্পৰ্কে সজাগতা বৃদ্ধি কৰা ।

এই আইইচি বা সজাগতা অভিযানত জিলাখনৰ ১২০খন গাঁও আৰু চাহ বাগিচাক লক্ষ্য কৰি লোৱা হ’ব । তদুপৰি বিদ্যালয়, মহাবিদ্যালয়, আৰু সম্প্ৰদায়ৰ গোটসমূহৰ মাজত সজাগতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। এই অভিযানৰ কাৰ্য্যসূচীসমূহৰ ভিতৰত মূলত: গৃহ পৰিদৰ্শনেৰে সজাগতা সৃষ্টি, মাইকৰ জৰিয়তে সজাগতা বাৰ্তা প্ৰেৰণ, বিশেষ স্বাস্থ্য শিবিৰ আৰু কাউন্সেলিঙৰ জৰিয়তে সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হ’ব ।

একেদৰে ,নগৰ অঞ্চলৰ‌ বিপদজনক আৰু সীমিত স্বাস্থ্যসেৱাৰ সুবিধা থকা বস্তি অঞ্চলসমূহতো এই সজাগতা কাৰ্যসূচী পালন কৰা হ’ব। এই জিলাব্যাপী আই ই চি অভিযানৰ লক্ষ্য হৈছে নতুন এইচ আই ভি সংক্ৰমণৰ উৰ্ধমুখী ধাৰাটো নিম্নগামী কৰা আৰু প্ৰতিৰোধৰ বিষয়ে জনসাধাৰণৰ সচেতনতা বৃদ্ধি কৰা।

উক্ত অনুষ্ঠানত ডিব্ৰুগড়‌ জিলাৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল বৰুৱা, ডাঃ ডিম্পি বৰঠাকুৰ, জিলা এইডছ্ কন্ট্ৰল বিষয়া ডাঃ ৰবি বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিক্ৰমা গুৰু ড০ সুৰজিৎ বৰকটকী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আৰ আৰ চিৰ অধ্যক্ষ বিভুতি কাকতি, ডিব্ৰুগড় বিশ্ববিদ্যালৰ নিচা মুক্তি হোষ্টেল কমিটিৰ ন’ডেল বিষয়া প্ৰানজিত কলিতা, ডিব্ৰুগড়ৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযাৰ জিলা গণমাধ্যম বিষয়া ডেইজী গগৈ , বিশ্ববিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকল উপস্হিত থাকে । উল্লেখযোগ্য যে, উক্ত দিনা উপস্থিত ছাত্ৰ – ছাত্ৰী সকলৰ আভা আই ডি ও‌ প্ৰস্তুত কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *