...

অৱশেষত সুদীর্ঘ ৮ বছৰীয়া প্ৰেমৰ সম্পৰ্কই লাভ কৰিলে পূর্ণতা

Spread the love

অৱশেষত সুদীর্ঘ ৮ বছৰীয়া প্ৰেমৰ সম্পৰ্কই লাভ কৰিলে পূর্ণতা

৪২ কোটিৰ হীৰাৰ আঙঠিৰে জৰ্জিনাক বিয়াৰ প্ৰস্তাৱ ৰ’নাল্ডোৰ!

 

লিছবন:

বিশ্ব ফুটবলৰ বাদছাহ তথা পর্তুগীজ ফুটবল কিংবদন্তি ক্রিস্টিয়ানো ৰ’নাল্ডো বিয়াত বহিব। অৱশেষত তেওঁৰ ৮ বছৰৰ প্রেম আৰু ব্যক্তিগত -সম্পর্কই পূর্ণতা লাভ কৰিবলৈ আগবাঢ়িছে।প্রেমিকা জর্জিনা – ৰ’ড্রিগেজৰ সৈতে তেওঁৰ বাগদান সম্পূৰ্ণ হয়।
৪০ বছৰীয়া ফুটবল তাৰকাগৰাকীয়ে এটা হীৰা আঙঠিৰে তেওঁৰ প্রেমিকালৈ বিয়াৰ প্ৰস্তাৱ আগবঢ়ায়। জর্জিনাই এই খবৰটো নিজৰ ইনস্টাগ্রাম হেণ্ডেলত প্রকাশ কৰিছে। তেওঁৰ এখন বাগদানৰ দানৰ ধুনীয়া ফটো আপলোড কৰি এই খবৰ প্ৰকাশ কৰে। আপলোড কৰা ছবিখনত দেখা গৈছে যে তেওঁৰ ধুনীয়াকৈ মেনিকিউৰ কৰা হাত দুখন ৰ’নাল্ডোৰ হাতৰ ওপৰত আছে। ৰ’নাল্ডোৱে যেতিয়া তেওঁক আঙঠিটো দি বিয়াৰ প্ৰস্তাৱ আগবঢ়াই তেওঁৰ পৰা উত্তৰ বিচাৰে, তেতিয়া তেওঁ উত্তৰ দিয়ে, ‘হয়, মই বিয়াত বহিম। বর্তমান আৰু মোৰ সমগ্র জীৱনৰ বাবে।’ এই অনূদিত কেপচনটো তেওঁ নিজৰ পোষ্টটোত লিখিছে।
আনহাতে, জর্জিনাই এই আকর্ষণীয় হীৰাৰ আঙঠিটোৰ ছবিখন আপলোড কৰাৰ পিছতে জনপ্রিয় গহনা ব্যৱসায়ী জুলিয়া চাফে এই গহনাৰ বিষয়ে এটা বিশদ ভিডিঅ’ পোষ্ট কৰি দাবী কৰে যে এই আঙঠিটোৰ মূল্য ২০ৰ পৰা ৫০ লাখ ডলাৰৰ ভিতৰত। ভাৰতীয় মুদ্রাত প্রায় ১৬.৮ কোটিৰ পৰা ৪২ কোটি টকা।
জুলিয়াৰ মতে, আঙুঠিটোৰ ওপৰত থকা পাথৰটো ৩৫ কেৰেটৰ ডিম্বাকৃতিৰ হীৰা। ‘আন এটা কথা যিয়ে এই পাথৰটোক ইমান দামী কৰি তুলিছে। এই পাথৰটো নিয়মিতভাৱে পিন্ধিবলৈ হ’লে আঙুলিৰ পুনৰ গঠনৰ অস্ত্রোপচাৰৰ প্ৰয়োজন হ’ব। কল্পনা কৰকচোন সমগ্র দিনটো, প্রতিদিনে আঙুলিত ১০০ পাউণ্ডৰ কেটলবেল পিন্ধিব।
যন্ত্রণাদায়ক, কিন্তু ই অতি মূল্যবান।’ জুলিয়াই তেওঁৰ পোষ্টটোত এইদৰে কয়। ৰ’নাল্ডোৱে ৯ বছৰ পূৰ্বে মাদ্রিদৰ গুচি ষ্ট’ৰত জর্জিনাক লগ পাইছিল।তাত তেওঁ ছেলছ এছিছটেন্ট হিচাপে কাম কৰি আছিল। সময়ৰ লগে লগে এই সম্পর্কটো গাঢ় হৈ আহে আৰু বৰ্তমান ফুটবলাৰগৰাকীয়ে তেওঁৰ প্রেমিকাক বিয়াৰ প্ৰস্তাৱ দিয়ে। এই যুটিটোৰ বৰ্তমান ৫টা সন্তান আছে। তেওঁলোক হৈছে ক্রিস্টিয়ানো জুনিয়ৰ, যমজ সন্তান ইভা আৰু মেটিঅ’, আলানা আৰু বেলা।

Leave a Reply

Your email address will not be published. Required fields are marked *