সামাজিক মাধ্যমত লুৰিণজ্যোতি গগৈৰ প্ৰয়াত মাতৃক উদ্দেশ্যি অপমানজনক মন্তব্য
ডিব্ৰুগড় সদৰ থানাত এজাহাৰ অসম জাতীয় পৰিষদৰ
চাইন অন ডেস্ক:
অসম জাতীয় পৰিসদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ প্ৰয়াত মাতৃক সাঙুৰি অপমানজনক মন্তব্য কৰা ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল অজাপৰ নেতা-কৰ্মী। ডিব্ৰুগড় সদৰ থানাত এজাহাৰ দাখিল কৰিলে গোলাঘাটৰ কমাৰবন্ধা গাঁৱৰ মনোজ বৰা নামৰ ব্যক্তিজনৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ লগতে ভাতৃ আৰু ভগ্নী সংগঠন অসম যুৱ শক্তি আৰু অসম মহিলা শক্তিয়ে এজাহাৰ দাখিল কৰে।
মনোজ বৰা নামৰ ব্যক্তিজনে সামাজিক মাধ্যমত লুৰিণজ্যোতি গগৈৰ মাতৃক লৈ অশালীন মন্তব্য কৰিছিল। ভদ্ৰ সমাজত ব্যৱহাৰ নোহোৱা শব্দ প্ৰয়োগ কৰি লুৰিণজ্যোতি গগৈৰ মাতৃ প্ৰয়াত দুলু গগৈক লৈ অশালীন মন্তব্য কৰা মনোজ বৰাক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।
উল্লেখযোগ্য যে, দুদিনমানৰ পূৰ্বে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এক সংবাদমেল সম্বোধন কৰিছিল। শাসকপক্ষক সমালোচনা কৰি অনুষ্ঠিত কৰা সংবাদমেলৰ ভিডিঅ’ অসমৰ এটা বৈদ্যুতিন মাধ্যমে সম্প্ৰচাৰ কৰিছিল। আনহাতে বৈদ্যুতিন মাধ্যমটোৱে তেওঁলোকৰ ফেচবুক পেজত আপলোড কৰা পোষ্টত মনোজ বৰা নামৰ ব্যক্তিজনে অশালীন মন্তব্য কৰা পৰিলক্ষিত হয়।
ইফালে ২০২১ চনতে ইহসংসাৰ ত্যাগ কৰিছিল লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈ। প্ৰয়াত এগৰাকী মাতৃক ৰাজনীতিৰ পথাৰত টানি আনি এনেধৰণে অশালীন মন্তব্য কৰাটো নিশ্চিতভাৱে গৰ্হিত কাৰ্য। আৰু এই মন্তব্যই অখিল গগৈৰ ৰাজনৈতিক ভাৱমূৰ্তি ম্লান কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগ উঠিছে।
