...

আৰব সাগৰত ভাৰত-পাকৰ যুদ্ধৰ আখৰা ?

Spread the love

আৰব সাগৰত ভাৰত-পাকৰ যুদ্ধৰ আখৰা ?

৬০ ন’টিকেল ব্যৱধানত পৃথক অনুশীলনত ব্যস্ত দুই দেশৰ নৌসেনা

 

পোৰবন্দৰ:

অপাৰেচন সিন্দূৰৰ পিছত আন এক যুদ্ধৰ কুচকাৱাজ ভাৰত-পাকিস্তানৰ। ভাৰতীয় নৌসেনাই আজি – আৰব সাগৰত যুদ্ধৰ অনুশীলন চলায়। আনহাতে পাকিস্তানৰ নৌসেনায়ো একে সময়তে আৰব সাগৰত যুদ্ধৰ আখৰা কৰি থকা পৰিলক্ষিত হয়। এই যুদ্ধ অনুশীলনত দুয়োখন দেশৰ মাজৰ দূৰত্ব মাত্র ৬০ ন’টিকেল মাইল।
হঠাৎ প্রায় ১১২ কিলোমিটাৰ দূৰত্বত চিৰবৈৰী দেশ দুখনে যুদ্ধৰ আখৰা কৰি বিশেষ তাৎপর্য বহন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতীয় নৌসেনাই গুজৰাটৰ পোৰবন্ধৰ আৰু ওখা উপকূলৰ সমীপত ১১ আৰু ১২ আগষ্টত অনুশীলন কৰিব। একেসময়তে পাকিস্তানৰ নৌ সেনায়ো অনুশীলনৰ বাবে এক অধিসূচনা জৰি কৰিছে।
ইয়াৰ বাবে পাকিস্তান বায়ুসেনাকো নির্দেশ দিয়া হৈছে যায়ে সংশ্লিষ্ট সময়ত আকাশমাৰ্গত বিমানৰ উৰণত নিষেধাজ্ঞা আৰোপ কৰে। উল্লেখ্য যে অপাৰেচন সিন্দুৰৰ পিছত নিচেই কম দূৰত্বত দুইখন দেশৰ এই অনুশীলনে বিশেষ গুৰুত্ব লাভ কৰিছে। কিয়নো অপাৰেচন সিন্দুৰৰ পিছত ভাৰতীয় নৌসেনাই কৰাচীত আক্ৰমণৰ সম্পূৰ্ণ প্রস্তুতি চলাইছিল। অৱশ্যে শেষ মুহূৰ্তত সিদ্ধান্ত বাতিল কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *