জ্যেষ্ঠ সাংবাদিক মনজিৎ বৰাক প্ৰদীপ নাগ সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান
প্ৰদীপ নাগৰ সংগ্ৰামী সত্ত্বাক আমি জীয়াই ৰাখিব লাগিবঃ মনজিৎ বৰা
নিজক আৱিস্কাৰ কৰিব পৰাজনে জীৱনত সফল হ’ব পাৰিঃ ড০ শশীকান্ত শইকীয়া
চাইন অন ডেস্ক:
জ্যেষ্ঠ সাংবাদিক তথা ‘অসম আদিত্য’ কাকতৰ সম্পাদক মনজিৎ বৰাক আজি সদৌ অসম আদিবাসী ছাত্র সন্থাই প্ৰদীপ নাগ সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান কৰা হয়। ডিব্ৰুগড় লক্ষীনগৰস্থিত আউনিআটী শাখা সত্ৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হোৱা এক অভিনন্দন অনুষ্ঠানত আছাৰ ডিব্ৰুগড় জিলা সমিতিয়ে জ্যেষ্ঠ সাংবাদিক মনজিৎ বৰাক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। ইফালে এই বঁটা গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক মনজিৎ বৰাই কয় যে, প্ৰদীপ নাগৰ সংগ্ৰামী সত্ত্বা আছিল। আমি সাংবাদিকাৰ সীমাবদ্ধতাৰ মাজত থাকি প্ৰদীপ নাগৰ সংগ্ৰামী সত্ত্বাক জীয়াই ৰাখিব লাগিব। একেদৰে ছাত্র-ছাত্ৰীসকলক উদ্দেশ্যি কেতবোৰ গুৰুত্বপূৰ্ণ অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে মনজিৎ বৰাই। তেওঁ ছাত্র-ছাত্ৰীসকলক প্ৰদীপ নাগৰ আদৰ্শ অনুকৰণ কৰি জাতিটোক আগবঢ়াই নিবলৈ আহ্বান জনায়।
অন্যহাতে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক তথা ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই কয় যে, নিজক আৱিস্কাৰ কৰিব পৰাজনে জীৱনত সফল হ’ব পাৰি। আমি নিজক অন্বেষণ কৰিব লাগে। জীৱনৰ অৰ্থ কি? আমি কিয় আহিছোঁ, আমাৰ কৰ্তব্য কি সেই কথাবোৰ অনুভৱ কৰাসকলহে জীৱনৰ অৰ্থ বুজি পায়। জীৱনক ভালপোৱা আনন্দ পৰিধি হ’ব লাগে। আমি প্ৰতিদিনাই কাম কৰিব লাগে। ভাষণত ষ্টিক জকছৰ উদাহৰণ দি কয়, অতীতৰ অভিজ্ঞতাবিলাক লৈ ভৱিষ্যত গঢ়িব লাগিব। কাৰণ ভৱিষ্যত আমাৰ কি হ’ব আমি কোনোৱেও নাজানো। আমি জ্ঞান আহৰণ কৰিবলৈ হ’লে মুৰ্খৰ দৰে থাকিব লাগিব। জ্ঞান, শিক্ষা আৰু প্ৰজ্ঞা আহৰণ কৰিবলৈ আমি ভোকাতুৰৰ দৰে থাকিব লাগিব।
আছাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গৌতম ছাংগাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত প্ৰায় দুই শতাধিক কৃতী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। শিক্ষাবিদ ড০ দয়ানন্দ শ্বাহে উদ্বোধন কৰা সভাত জ্যেষ্ঠ সাংবাদিক যাদৱ গগৈ, কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি দিগন্ত শইকীয়া, ডিব্ৰুগড় জিলা মটক যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক বিতুপন দুৱৰাসহ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।