মালেগাঁও বিস্ফোৰণ কাণ্ডৰ ৰায়ক লৈ কংগ্রেছক তীব্র সমালোচনা বিজেপিৰ
হিন্দু কেতিয়াও সন্ত্রাসবাদী হ’ব নোৱাৰে: অমিত শ্বাহ
নতুন দিল্লী:
‘হিন্দু কেতিয়াও সন্ত্রাসবাদী হ’ব নোৱাৰে’। ৰাজ্যসভাত অপাৰেচন সিন্দূৰ সন্দৰ্ভত হোৱা বিতর্কত ভাগ লৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই দাবী কৰে। তেওঁ কষ, হিন্দু সন্ত্রাসবাদ কোনে আৰম্ভ কৰিছিল? মই গৌৰৱেৰে ক’ব পাৰোঁ যে কোনো হিন্দু কেতিয়াও সন্ত্রাসবাদী হ’ব নোৱাৰে। ২০০৮ চনৰ মালেগাঁও বিস্ফোৰণ, ২০০৭ চনৰ ভাৰত-পাকিস্তানৰ সমঝৌতা এক্সপ্ৰেছৰ বিস্ফোৰণ, হায়দৰাবাদৰ মক্কা মছজিদত নামাজৰ সময়ত আক্রমণ, ৰাজস্থানৰ আজমের শ্বৰীফ দৰগাহৰ আক্ৰমণকে ধৰি এলানি ঘটনাৰ সৈতে হিন্দু লোক জড়িত থকা বুলি বিৰোধী কংগ্ৰেছে ধাৰাবাহিকভাবে প্ৰচাৰ চলাই আহিছে।
ইফালে কালি মালেগাঁও কাণ্ড সন্দর্ভত নিয়াৰ আদালতে দিয়া ৰায়ে সন্দেহজনক অভিযুক্ত প্রজ্ঞা ঠাকুৰকে ধৰি ৭ হিন্দু লোকক দোষমুক্ত ঘোষণা কৰাটোৱে গৃহমন্ত্রীৰ দাবীক অধিক স্পষ্ট কৰিছে। জ্যেষ্ঠ বিজেপি নেতা ৰবিশংকৰ প্ৰসাদেও আদালতৰ ৰায়দান কংগ্ৰেছৰ ‘হিন্দু সন্ত্রাসবাদৰ তত্ত্ব’ক নস্যাৎ কৰিলে। তেওঁ এয়া ৰাজনৈতিক ষড়যন্ত্র বুলি দাবী কৰি সত্যৰ সদায় জয় বুলি কয়।