এণ্ডাৰছন-তেন্ডুলকাৰ টুফী পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ পঞ্চম তথা অন্তিমখন মেচ আজি দ্য অভেলত অনুষ্ঠিত হ’ব। শৃংখলাটোত পৰাজয়ৰ হাত সাৰিবলৈ আজিৰে পৰা আৰম্ভ হোৱা টেষ্টখন টীম ইণ্ডিয়াৰ বাবে মৰণপণ যুঁজ হিচাপে বিবেচিত হৈছে। ইতিমধ্যে শৃংখলাটোত ঘৰুৱা দল ইংলেন্ডে ১২-১৩ অগ্রগতি লাভ কৰি আছে। গতিকে ইংৰাজ বাহিনীয়ে শৃংখলা হেৰুওৱাৰ কোনো শংকা নাই। তাৰ পৰিৱৰ্তে অভেল টেষ্টত ভাৰতীয় দলটোৰ বাবে জয় অনিবার্য। মেচখনত পৰাস্ত হ’লেই শৃংখলাটো হেৰুৱাব শুভমন গিল বাহিনীয়ে।
অভেল টেষ্টৰ পূৰ্বে ভাৰতীয় দলটোৰ বাবে এক সুখবৰ। অধিনায়ক বেন ষ্ট’কছৰ লগতে তাৰকা পেচ বলাৰ জ’ফ্ৰা আৰ্চাৰ, ব্রাইডন কাৰ্ছ আৰু লিয়ান ড’ছন অবিহনে টেষ্টখনত ভাগ ল’ব ইংৰাজ বাহিনীয়ে। ইয়াৰ সুযোগ গ্ৰহণ কৰি ভাৰতীয় দলটোৱে অভেল টেষ্টত জয়ৰ লক্ষ্য লৈছে। অৱশ্যে টেষ্টখনত ভাৰতীয় দলটোৱে তাৰকা পেচৱলাৰ যশপ্রীত বুমৰাহ অবিহনে অংশগ্রহণ কৰাৰ সম্ভাৱনা আছে। তাৰকা পেচবলাৰগৰাকী সন্দর্ভত আজি অধিনায়ক গিলে কয় যে আজি পুৱাহে বুমৰাহৰ অংশগ্রহণ সন্দর্ভত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হ’ব।
