ডিব্ৰুগড়ত উজনি অসম ভিত্তিত ১০,১৩, আৰু ১৫ বছৰ অনুৰ্ধ্বৰ আৰ্চাৰী প্ৰশিক্ষণ শিবিৰ সামৰণি
২০৫ প্ৰশিক্ষাৰ্থীৰ মাজত ৰাষ্ট্ৰীয় বীৰ শ্বহীদ বিৰচা মুণ্ডা সোঁৱৰণী আৰ্চাৰী প্ৰতিযোগিতা অনুষ্ঠিত
চাইন অন ডেস্ক:
উজনি অসম আৰ্চাৰী একাডেমী, ডিব্ৰুগড় উদ্যোগত, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, ডিব্ৰুগড় জিলা আৰ্চাৰী সন্থা, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ সমাজকৰ্মী অসীম হাজৰিকা অনুৰাগী মঞ্চ আৰু ডিব্ৰুগড় লায়ন্স ক্লাবৰ সহযোগত যোৱা ১০জুলাইৰ পৰা ৩০ জুলাইলৈ ডিব্ৰুগড়ত পোণ প্ৰথম বাৰৰ বাবে ডিব্ৰুগড় জিলা ভিত্তিত ১০,১৩ আৰু ১৫ বছৰ বয়সৰ অনুৰ্ধ্বৰ আৰ্চাৰী প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায়। ইতিমধ্যে সামৰণি উজনি অসম আৰ্চাৰী একাডেমী ডিব্ৰুগড় উদ্যোগত অনুষ্ঠিত প্ৰশিক্ষণৰ শেষত ৰাষ্ট্ৰীয় বীৰ শ্বহীদ বিৰচা মুণ্ডাৰ সোঁৱৰণত আৰ্চাৰী প্ৰশিক্ষণ লোৱা ২০৫গৰাকী প্ৰশিক্ষাৰ্থীৰ মাজত প্ৰতিযোগিতা বৰবৰুৱা পূজা খেল পথাৰত অনুষ্ঠিত কৰা হয়।
এই উপলক্ষে উজনি অসম আৰ্চাৰী একাডেমী, ডিব্ৰুগড় প্ৰশিক্ষণ শিবিৰ অংশগ্ৰহণ কৰা ২০৫গৰাকী প্ৰশিক্ষাৰ্থী খেলুৱৈ বেনাৰ লৈ কুচ-কাৱাজেৰে অভিবাদন প্ৰদৰ্শন কৰাৰ উপৰিও ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে। আৰ্চাৰী প্ৰশিক্ষণ শিবিৰৰ প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সভাত ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ, খোৱাং সমষ্টিৰ যুৱ নেতা সমাজহিতৈষী অসীম হাজৰিকাৰ সভাপতিত্ব অনুষ্ঠিত সভাৰ আতঁধৰি উজনি অসম আৰ্চাৰী একাডেমী,ডিব্ৰুগড় মুখ্য আহ্বায়ক তথা ক্ৰীড়া সংগঠক ৰাজেশ বদন নায়কে ডিব্ৰুগড় জিলাৰ পোণ প্ৰথম বাৰৰ বাবে উজনি অসম আৰ্চাৰী একাডেমী,ডিব্ৰুগড়ৰ জৰিয়তে আৰ্চাৰী প্ৰশিক্ষণৰ যোগেদি ক্ৰীড়া প্ৰতিভা বিকাশ সাধনৰ উদ্দেশ্যে সদায় নিষ্ঠাৰে সেৱা আগবঢ়াই যাব বুলি প্ৰকাশ কৰে।
সভাত খোৱাং সমজিলা আয়ুক্ত জিণ্টু বৰাই আৰ্চাৰী ইতিহাস প্ৰসিদ্ধ খেল হিচাপে পৰিগণিত বুলি দিয়া নিজৰ ভাষণত প্ৰশিক্ষাৰ্থী সকলক আৰ্চাৰী খেলুৱৈ হিচাপে নিজকে প্ৰস্তুতি চলাবলৈ হ’লে লক্ষ্য স্থিৰ কৰি আত্ম বিশ্বাসেৰে আগবাঢ়ি যাব লাগিব বুলি প্ৰকাশ কৰে আৰু ৰামায়ণ আৰু মহাভাৰতৰ যুগৰ পৰাই পৌৰাণিক খেল হিচাপে ধনুবিদ্যা বা আৰ্চাৰী খেলে সুকীয়া স্থান দখল কৰি আহিছে বুলি মননশীল বক্তব্য আগবঢ়ায় তথা মহাভাৰতৰ অৰ্জুনে দ্ৰুপদীৰ স্বয়ম্বৰ সভাত মৎস্য ভেদ কৰি যি লক্ষ্যৰে সফল হৈছিল, মহাৰথী কৰ্ণ বা একলব্যই যি সাধনাৰে ধনুবিদ্যাত পাৰ্গত হৈছিল সেই অনুপ্ৰেৰণা আৰু আদৰ্শৰে আৰ্চাৰী প্ৰশিক্ষণৰ ক্ষেত্ৰত মনোনিবেশ কৰিবলৈ আহ্বান জনায়।
সভাত ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই উজনি অসম আৰ্চাৰী একাডেমীয়ে (ডিব্ৰুগড়) ভৱিষ্যতৰ দিনত খেলুৱৈ সৃষ্টিৰ ক্ষেত্ৰত প্ৰতিগৰাকী প্ৰশিক্ষণ শিবিৰৰ আত্ম প্ৰত্যয়েৰে ব্ৰতী হবলৈ পৰামৰ্শ প্ৰদান কৰে। অনুষ্ঠানত অসম আৰ্চাৰী সন্থাৰ উপসভানেত্ৰী উষাৰাণী বৰুৱা সোণোৱালে উজনি অসম আৰ্চাৰী একাডেমীয়ে ভৱিষ্যতৰ দিনত আৰ্চাৰী খেলৰ জৰিয়তে ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হিচাপে নিজকে প্ৰস্তুতি চলোৱাৰ মানসেৰে মনোনিবেশ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত ডিব্ৰুগড় লায়ন্স ক্লাবৰ সভাপতি ৰক্তিম গগৈ, সম্পাদক সঞ্জীৱ চেৰ্টাজী, উজনি অসম আৰ্চাৰী একাডেমী একাডেমী উপ-সভাপতি বিপুল কুমাৰ দাস সমাজকৰ্মী শ্যামল ভূমিজ আৰু দীপক তাঁতী প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে যোৱা ১০জুলাইৰ পৰা আৰম্ভ হোৱা উজনি অসম আৰ্চাৰী একাডেমী প্ৰশিক্ষণ শিবিৰত মুখ্য প্ৰশিক্ষক আৰ্চাৰী খেলুৱৈ ডেভিদ স্বৰ্গীয়াৰীৰ উপৰিও মণিপুৰৰ চন্দপা সিঙে প্ৰশিক্ষণ প্ৰদান কৰে।
উজনি অসম আৰ্চাৰী একাডেমী ডিব্ৰুগড় মুখ্য আহ্বায়ক ৰাজেশ বদন নায়কে ডিব্ৰুগড় জিলাত পোণ প্ৰথম বাৰৰ বাবে উজনি অসম আৰ্চাৰী একাডেমী জৰিয়তে প্ৰশিক্ষণ শিবিৰ আয়োজন, আৰ্চাৰী খেলৰ প্ৰসাৰ, প্ৰচাৰ তথা আৰ্চাৰী খেলৰ বাবে অসম মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা পদক্ষেপ, উজনি অসম আৰ্চাৰী একাডেমী সভাপতি তথা ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী,অসম আৰ্চাৰী সন্থাৰ সম্পাদক জয়ন্ত বড়োৰ প্ৰমুখ্যে শুভাকাংক্ষী সকলে আগবঢ়োৱা পদক্ষেপক শলাগ জ্ঞাপন কৰে।

