...

অসম কেবিনেটে শিক্ষা, ষ্টাৰ্ট-আপ আৰু বিকেন্দ্ৰীকৃত শাসন শক্তিশালী কৰিবলৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তত কেবিনেটৰ অনুমোদন

Spread the love

 

অসম কেবিনেটে শিক্ষা, ষ্টাৰ্ট-আপ আৰু বিকেন্দ্ৰীকৃত শাসন শক্তিশালী কৰিবলৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তত কেবিনেটৰ অনুমোদন

 

চাইন অন ডেস্ক:

অসমৰ সামাজিক-অৰ্থনৈতিক পৰিবেশ পৰিৱৰ্তনৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট সভাৰ পিছত কেইবাটাও প্ৰধান সিদ্ধান্তৰ কথা ঘোষণা কৰে।

এই সিদ্ধান্তসমূহে শিক্ষা সংস্কাৰ, বিশ্বব্যাপী নিয়োগৰ সুযোগ, ষ্টাৰ্ট-আপ সহায়তা, বিকেন্দ্ৰীকৃত শাসন আৰু নাগৰিক আন্তঃগাঁথনি উন্নয়নক সামৰি লৈছে।অসমৰ উদ্যোক্তা পৰিৱেশ শক্তিশালী কৰিবলৈ কেবিনেটে উদ্ভাৱন, ইনকিউবেশ্যন আৰু ষ্টাৰ্ট-আপ বিভাগৰ (DIIS) অধীনত “অসম ইনোভেশ্যন এণ্ড ষ্টাৰ্ট-আপ ফাউণ্ডেশ্যন” নামৰ এটা কোম্পানী গঠনৰ অনুমোদন দিয়ে।এই ফাউণ্ডেশ্যনে ৰাজ্যৰ ষ্টাৰ্ট-আপসমূহৰ বাবে উদ্ভাৱন, ইনকিউবেশ্যন, পুঁজিৰ সুবিধা আৰু পথপ্ৰদৰ্শনক প্ৰসাৰিত কৰিবলৈ এক নিৰ্দিষ্ট মঞ্চ হিচাপে কাম কৰিব।”এই ফাউণ্ডেশ্যনে নৱোদ্যমী উদ্যোক্তাসকলৰ বাবে এক-স্থান মঞ্চ হিচাপে কাম কৰিব, যিয়ে উদ্ভাৱনীমূলক ধাৰণাসমূহক সফল ব্যৱসায়লৈ ৰূপান্তৰিত কৰিবলৈ পথপ্ৰদৰ্শন, পুঁজি আৰু নীতিগত সহায়তা প্ৰদান কৰিব,”—মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়।

শিক্ষাৰ ক্ষেত্ৰত এক প্ৰধান পদক্ষেপত কেবিনেটে বিশ্ব বেংকৰ পৰা ২,৭৫০ কোটি টকাৰ ঋণৰ অনুমোদন দিয়ে, য’ত ৯০% কেন্দ্ৰীয় চৰকাৰে বহন কৰিব আৰু বাকী ১০% (২৭৫ কোটি টকা) ৰাজ্য চৰকাৰে বহন কৰিব বুলি প্ৰকাশ কৰি
এই পুঁজি গণিত আৰু বিজ্ঞানত শিক্ষক প্ৰশিক্ষণ, প্ৰধান শিক্ষক আৰু অধ্যক্ষসকলৰ বাবে নেতৃত্ব কাৰ্যসূচী, বিদ্যালয়সমূহত বিজ্ঞান আৰু প্ৰযুক্তি প্ৰসাৰৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলিও উল্লেখ কৰে।

তদুপৰি, ৪০০খন চৰকাৰী বিদ্যালয়ে আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰতিখনে ৩-৫ কোটি টকা লাভ কৰিব, আনহাতে ১,৭৩৩টা আংগনৱাড়ী কেন্দ্ৰই উন্নয়নৰ বাবে প্ৰতিটোৱে ২৫ লাখ টকা পাব।কেবিনেটে বিধায়ক স্থানীয় অঞ্চল উন্নয়ন আঁচনি (MLALADS) আৰু একত্ৰিত পুঁজিৰ দ্বাৰা পুঁজি যোগানেৰে এপাৰ্টমেণ্ট ভৱনসমূহত সামূহিক নাগৰিক আন্তঃগাঁথনি উন্নত কৰাৰ নতুন আঁচনিৰো অনুমোদন দিয়ে।

কেবিনেটে আৰক্ষী থানা আধুনিকীকৰণৰ লক্ষ্যৰে মিশ্যন অৱ ওভাৰঅল ইমপ্ৰুভমেণ্ট অৱ থানা ফৰ ৰেস্পন্সিভ ইমেজ (মৈত্ৰী) আঁচনিৰ বাবে ১৫০ কোটি টকা আবণ্টন কৰে। এইটো অসমত আৰক্ষী আন্তঃগাঁথনি আধুনিকীকৰণৰ এক নিৰন্তৰ প্ৰচেষ্টা। প্ৰথম পৰ্যায়ত ৭৩টা আৰক্ষী থানা ইতিমধ্যে সম্পূৰ্ণ হৈছে। দ্বিতীয় পৰ্যায়ত ৪৬টা আৰক্ষী থানা হাতত লোৱা হৈছিল, যাৰ ভিতৰত ৩১টা আৰু এটা চাইবাৰ আৰক্ষী থানা সম্পূৰ্ণ হৈছে।বাকী কামবোৰ চলি আছে।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ১,৫০০ কোটি টকাৰ অসম আৰক্ষীৰ আন্তঃগাঁথনি উন্নত কৰা হৈছে, যিটো ৰাজ্যৰ ইতিহাসত এক অভূতপূৰ্ব পৰিমাণ।মিশ্যন বসুন্ধৰা ৩.০ৰ অধীনত প্ৰায় ৫০০টা প্ৰতিষ্ঠান, য’ত নামঘৰ, মন্দিৰ আৰু বিদ্যালয় আদি অন্তৰ্ভুক্ত, সমাজ উন্নয়নৰ বাবে ভূমি আবণ্টন লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *