...

ডিব্ৰুগড়ৰ গৰুধৰীয়াৰ পৰা ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতালৈ প্ৰতীম বৰুৱাৰ

Spread the love

 

ডিব্ৰুগড়ৰ গৰুধৰীয়াৰ পৰা ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতালৈ প্ৰতীম বৰুৱাৰ

 

অসমক প্ৰতিনিধিত্ব কৰিব নয়দাত

 

চাইন অন ডেস্ক:

ৰাষ্ট্ৰীয় পৰ্যায়ত বক্সিং ৰিঙত নামিব ডিব্ৰুগড়ৰ প্ৰতীম বৰুৱা। ডিব্ৰুগড়ৰ গৰুধৰীয়াৰ প্ৰতীম বৰুৱাই নয়ডাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিঙত অসমক প্ৰতিনিধিত্ব কৰাৰ বাবে সাজু হৈছে গৰুধৰীয়া হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ প্ৰতীম বৰুৱা।

ইতিমধ্যে মাৰ্ঘেৰিটা, যোৰহাট আৰু গোলাঘাটত ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা ৰাজ্যিক পৰ্যায়ৰ বক্সিংত অংশগ্ৰহণ কৰি কেইবাটাও পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। অহা ৭ আগষ্টৰ পৰা নয়ডাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলখনত অংশগ্রহণৰ বাবে ইতিমধ্যে নিজকে প্ৰস্তুতি চলাইছে প্ৰতীমক যুৱনেতা পৰাগ দত্তই ফুলাম গামোচা আৰু জাপিৰে অভিনন্দন জনোৱাৰ লগতে অন্যান্য ক্ৰীড়া প্ৰেমী শুভাকাংক্ষী সকলেও শুভেচ্ছা জ্ঞাপন কৰে।

ডিব্ৰুগড় জালান নগৰৰ বক্সিং একাডেমীত নিয়মিতভাৱে অনুশীলন চলোৱা ডিব্ৰুগড় ভিতৰুৱা অঞ্চল গৰুধৰীয়াৰ সঞ্জয় বৰুৱা আৰু সংগীতা বৰুৱাৰ সন্তান প্ৰতীমৰ এই যাত্ৰাত সকলো উৎফুল্লিত হৈ পৰা লগতে স্থানীয় যুৱ নেতা অশোক উৰাঙেও অভিনন্দন জ্ঞাপন কৰি তেওঁৰ পাৰদৰ্শিতাৰ জৰিয়তে নিজৰ লগতে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হব বুলি আশা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *