সাংস্কৃতিক কূটনীতি আৰু আধ্যাত্মিক বিনিময়ৰ এক উল্লেখযোগ্য মুহূৰ্তত বৃহস্পতিবাৰে থাইলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ১৫ জনীয়া প্ৰতিনিধি দলে ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী জগন্নাথ মন্দিৰ পৰিদৰ্শন কৰে। উচ্চ পদস্থ দলটোৰ নেতৃত্বত আছিল দক্ষিণ এছিয়া, মধ্যপ্ৰাচ্য আৰু আফ্ৰিকান পৰিক্ৰমা বিভাগৰ সৈতে জড়িত মন্ত্ৰী কিৰণ মুংটিন ডাঙৰীয়া।