বেৰী হোৱাইট মেডিকেল স্কুল হেৰিটেজ প্ৰকল্প আৰু যাদুঘৰ আজিও ৰঙা ফিটাৰ মেৰপাকত ?
সম্পূৰ্ণ হৈও অনিশ্চিত: উদঘাটনৰ বাবে অধীৰ অপেক্ষাৰে জনসাধাৰণ
চাইন অন ডেস্ক:
ডিব্ৰুগড়ৰ ড° জন বেৰী হোৱাইট মেডিকেল স্কুল হেৰিটেজ ছাইট আৰু যাদুঘৰ প্ৰকল্পটো আৰম্ভ ককৰাৰ সাত বছৰ পাৰ হল যদিও আজিও এক অনিশ্চয়তাৰ মাজত।কাম সম্পূৰ্ণ হল তথাপিও জনসাধাৰণৰ বাবে মুকলি কৰিব পৰা অৱস্থাত নোহোৱাত বহুত প্ৰশ্নৰ উদ্ৰেক ঘটিছে।প্ৰকল্পৰ অধীনত কাম কৰা প্ৰতিষ্ঠানটোৱে (INTACH) কাম সম্পূৰ্ণ বুলি দাবী কৰিলেও জিলা প্রশাসনলৈ হস্তান্তৰ কৰিব পৰা হোৱা নাই বুলিও জানিব পৰা গৈছে।
উল্লেখ্য যে ২০১৮ চনৰ ১০ জানুৱাৰীত অইল ইণ্ডিয়া লিমিটেডে INTACH-ৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰে। ১২৫ বছৰীয়া জৰাজীৰ্ণ অৱস্থাত ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এই ভৱনটোক ২.১ কোটী টকাৰ বিনিয়োগেৰে হেৰিটেজ ছাইট আৰু যাদুঘৰলৈ ৰূপান্তৰিত কৰাৰ কথা আছিল।মূলতঃ ১৫ মাহৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ কথা আছিল।
অতি সম্প্ৰতি তথ্য জনাৰঅধিকাৰআইনৰ অধীনত(৭ জুলাইৰ তাৰিখে) প্ৰকাশ কৰা তথ্য অনুসৰি, INTACH-এ সংস্কাৰ তথা সংবৰ্দ্ধনৰ কাম সম্পূৰ্ণ কৰি গৃহটো হস্তান্তৰ কৰিবলৈ সাজু হৈ থকাৰ পিছতো এক যুটীয়া পৰিদৰ্শন নোহোৱাৰ বাবেই আজি পর্যন্ত ৰৈ থাকিব লগাত পৰিছে।গড় কাপ্তানী(বিল্ডিং), আৰু (ইঞ্জিনিয়াৰিং), অইল আৰু INTACH-ৰ প্ৰতিনিধিৰ সৈতে হোৱা এই পৰিদৰ্শন INTACH-এ প্রয়োজনীয় কাগজপত্ৰ এই সন্দৰ্ভত জমা নিদিয়াৰ বাবে হস্তান্তৰ সম্ভৱ হোৱা নাই।
চৰকাৰী সূত্ৰৰ মতে INTACH-এ ২০২৫ চনৰ জানুৱাৰীতেই প্ৰকল্পটো হস্তান্তৰ কৰিব বিচাৰিছিল। কিন্তু জিলা প্রশাসনে যুটীয়া পৰিদৰ্শন নোহোৱাকৈ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।
“সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাকৈ প্ৰকল্পটো গ্ৰহণ কৰিব নোৱাৰি,” এজন চৰকাৰী বিষয়াই কয়। আনহাতে এই প্ৰকল্প কাৰ্য্যকৰীকৰণৰ সময়ত বহুত অনিয়মৰো অভিযোগ ওলাইছে।নিয়োজিত স্থানীয় ঠিকাদাৰ গৰাকীয়ে সংস্কাৰৰ কাম কৰোঁতে প্ৰযুক্তিগত নিৰ্দেশনা মানি নচলাৰ অভিযোগ আছে। বিশেষকৈ, প্ৰতিটো ইটাৰ বাবে ১,০০০ টকাকৈ বিল দিয়াৰ কথাও তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত দিয়া তথ্যত কোৱা হৈছে, যাৰ বাবে খৰচৰ হাৰ অধিক হোৱাৰ সন্দেহ উঠিছে।
ইফালে কামৰ গুণগত মান আৰু প্ৰযুক্তিগত নিৰ্দেশনা মানি নচলাৰ গুৰুতৰ অভিযোগ আছে।ঠিকাদাৰজনে দিয়া বিল সন্দেহজনক বুলিও প্ৰকল্পৰ সৈতে জড়িত এক সূত্ৰই কয়। অইলৰ ২.১ কোটী টকাৰ উপৰিও বিচিপিএলে উক্ত যাদুঘৰৰ চৌহদৰ বাবে ১৫ লাখ টকাৰ অনুদান দিছিল।
২০১৮ চনৰ আগষ্টত এই প্ৰকল্পৰ তদাৰকৰ বাবে এখক ক’ৰ কমিটি গঠন কৰা হৈছিল।য’ত নেকি ডিব্ৰুগড়ৰ জিলা আয়ুক্তক সভাপতি হিচাপে লৈ INTACH-ৰ কনভেনৰ ড° আৰধনা কটকী, অসম মেডিকেলকলেজৰ অৱসৰপ্ৰাপ্ত চিকিৎসক ড° ৰতন কটকী (বৰ্তমান মৃত), ড° এম জামান আহমেদ, ড° বি.চি. গগৈ আদি সদস্য আছিল।
এই হেৰিটেজ ছাইটটোৱে ড° জন বেৰী হোৱাইটৰ প্ৰতি গুৰুত্ব আৰু সন্মান প্ৰদৰ্শন কৰা হৈছে। ১৮৫৮ চনত ২৪ বছৰ বয়সত অসমলৈ অহা এই ব্ৰিটিছ চাৰ্জনে অসমত ২৪ বছৰ সেৱা আগবঢ়াই ১৮৮২ চনত অৱসৰ গ্ৰহণ কৰোঁতে তেওঁৰ সমগ্ৰ সঞ্চয় ৫০ হাজাৰ টকা (বৰ্তমানৰ ১ কোটী টকাৰ সমান) ডিব্ৰুগড়ত এখন মেডিকেল স্কুল স্থাপনৰ বাবে দান কৰিছিল। ১৯০০ চনত স্থাপিত এই প্ৰতিষ্ঠানেই পিছলৈ ১৯৪৭ চনত অসম মেডিকেল কলেজলৈ ৰূপান্তৰিত হয়।
এই হেৰিটেজ প্ৰকল্প জনসাধাৰণৰ বাবে মুকলি নকৰাত অসমৰ চিকিৎসা শিক্ষাৰ ইতিহাস সংৰক্ষণৰ সুবিধা হেৰুৱাৰ লগতে এজন মহান ব্যক্তিৰ বিৰল অৱদানক সন্মান জনোৱাৰ সুযোগো হেৰুৱাইছে। কেবলমাত্ৰ প্ৰশাসনিক জটিলতাৰ বাবেই এই গুৰুত্বপূৰ্ণ প্ৰকল্পক ৰঙা ফিটাৰ মেৰপাকত ৰখাৰ লগে লগে সাধাৰণ মানুহৰ বাবেও ইয়াৰ দ্বাৰ উদঘাটনৰ বাবে অধীৰ অপেক্ষাৰে ৰব লগাত পৰিছে।