...
Spread the love

 

নতুন দিল্লীৰ কূটনীতি ব্যর্থ ?

 

য়েমেনত ভাৰতীয় নাৰ্ছ প্রিয়াক ১৬ জুলাইত ফাঁচি

 

নতুন দিল্লী:

ফাঁচিৰ পৰা ৰক্ষা কৰিব পাৰিব নে ভাৰতীয় নাৰ্ছ প্ৰিয়াক ?
য়েমেনৰ নাগৰিক এজনক হত্যা কৰাৰ অপৰাধত ভাৰতীয় নাৰ্ছ নিমিষা প্রিয়াক অহা ১৬ জুলাইত ফাঁচিকাঠত ওলমাব।

কেৰালাৰ পৰা গৈ য়েমেনত নাৰ্ছ হিচাপে কৰ্মৰত ৩৭ বছৰীয়া প্ৰিয়াক ফাঁচিৰ পৰা ৰেহাই দিবলৈ নতুন দিল্লীয়ে চৰকাৰৰ সৈতে কূটনৈতিক আলোচনা হৈছিল যদিও সেয়া ব্যৰ্থ হৈ পৰাটো নিশ্চিত হৈছে।

কিয়নো য়েমেনৰ আদালতে দেশখনৰ নাগৰিক তালাল আবদো মেহদিক হত্যা কৰাৰ অভিযোগত য়েমেনী আদালতে দিয়া মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিছিল।

নতুন দিল্লীয়ে ভাৰতীয় নাৰ্ছ প্ৰিয়াৰ মৃত্যুদণ্ডক লৈ পৰিস্থিতি নিৰীক্ষণ কৰি আছে যদিও এতিয়ালৈকে বিশেষ আগবাঢ়িব পৰা নাই। তথ্য মতে, ভাৰত চৰকাৰৰ বিষয়াই য়েমেনী কর্তৃপক্ষ আৰু প্ৰিয়াৰ পৰিয়ালৰ

সৈতে যোগাযোগ ৰক্ষা কৰি আছে। ভাৰতৰ মধ্যস্থতাকাৰী বাস্কৰণে শীঘ্ৰেই য়েমেনলৈ যাব। কিয়নো বাস্কৰণে য়েমিনী কর্তৃপক্ষ আৰু তালালৰ পৰিয়ালৰ সৈতে মধ্যস্থতা কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *