...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ উদ্যোগত গৱেষণা ফেল’শ্বিপ প্ৰদান

Spread the love

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ উদ্যোগত গৱেষণা ফেল’শ্বিপ প্ৰদান

 

চাইন অন ডেস্ক:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ (CDAA) উদ্যোগত প্ৰথমবাৰৰ বাবে এটি পি এইচ. ডি. গৱেষণা ফেল’শ্বিপ প্ৰদান কৰা হয়। ২৪ জুন তাৰিখে বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি সভাকক্ষত অনুষ্ঠিত সংস্থাৰ বাৰ্ষিক সভাত উপাচাৰ্য প্ৰাধ্যাপক জিতেন হাজৰিকাই ৰসায়ন বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰ হিমাংকু বৰুৱাক এই ফেল’শ্বিপ প্ৰদান কৰে।
উল্লেখ্য যে, ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ বৰঙণিৰে এক পূঁজি গঠন কৰা হৈছে আৰু ইয়াৰ সঞ্চিত ধনেৰে প্ৰত্যেক বছৰে ৰসায়ন বিভাগৰ একোজনকৈ মেধাবী ছাত্ৰ-ছাত্ৰীক এই ফেলশ্বিপ প্ৰদান কৰা হ’ব। বঁটা প্ৰদান অনুষ্ঠানত CDAA ৰ সভাপতি ড৹ ৰমেশ চন্দ্ৰ বৰুৱা, সম্পাদক তথা বিভাগীয় প্ৰধান ড৹ বলীন চেতিয়া, বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ সভাপতি ড৹ প্ৰশান্ত শইকীয়া, বিজ্ঞান আৰু অভিযান্ত্ৰিক ডীন ড৹ গীতিকা বৰা, গৱেষণা ও উন্নয়নৰ ডীন ড৹ পংকজ দাস, প্ৰাক্তন ছাত্ৰ তথা আই. আই. টি. গুৱাহাটীৰ অধ্যাপক ড৹ অনিল শইকীয়া উপস্থিত থাকে।
সংস্থাৰ কাৰ্যকৰী সভাপতি ড৹ ৰাহুল কৰে আঁত ধৰা গাম্ভীৰ্য্য পূৰ্ণ এই অনুষ্ঠানত উপাচাৰ্য গৰাকীয়ে বঁটা প্ৰদান কৰি দিয়া তেখেতৰ ভাষণত সংস্থাৰ সমূহ বিষয় ববীয়াক ভূয়সী প্ৰশংসা কৰাৰ লগতে বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে প্ৰবৰ্তন কৰা এনে উদ্যোগ অন্য বিভাগৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ বাবেও অনুকৰণীয় হব পাৰে বুলি উল্লেখ কৰে।
সভাত ৰসায়ন বিজ্ঞান বিভাগৰ শিক্ষক শিক্ষয়িত্ৰী, গৱেষক ছাত্ৰ ছাত্ৰীৰ উপৰিও প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। অনলাইন মাধ্যমতো বহুকেইজন দেশ-বিদেশত কৰ্মৰত প্ৰাক্তন ছাত্ৰ ছাত্ৰী উপস্থিত থাকি তেখেত সকলৰ মন্তব্য আগবঢ়ায়।
সভাৰ পৰৱৰ্তীকালত ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ পুৰণি সমিতি খন ভংগ কৰি ড৹ অনিল শইকীয়াক সভাপতি, ড৹ দিপাংকজ গগৈক কাৰ্যকৰী সভাপতি, ড৹ জিতু ৰঞ্জন চেতিয়াক সম্পাদক আৰু অন্যান্য বিষয় ববীয়াৰে এখন নতুন সমিতি গঠন কৰি সংস্থাৰ পৰৱৰ্তী কৰ্মসূচীৰ বিষয়ে বিস্তৃত ভাৱে আলোচনা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *