নীলাচলৰ বুকুত শক্তিৰ আৰাধ্যা দেৱী মা কামাখ্যা
দেশ-বিদেশৰ সাধু-সন্নাসী আৰু ভক্ত-দৰ্শনাৰ্থীৰে মুখৰিত নীলাচল পাহাৰ
গুৱাহাটী :
এতিয়া দেশ-বিদেশৰ সাধু-সন্নাসী আৰু ভক্ত-দৰ্শনাৰ্থীৰে মুখৰিত হৈ পৰিছে নীলাচল পাহাৰ ।
অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি হ’ব ২২ জুনৰ দুপৰীয়া ২ বাজি ৫৬ মিনিট ২৭ ছেকেণ্ডত । ২২ জুনৰ পৰা ২৫ জুনলৈ মন্দিৰৰ দুৱাৰ বন্ধ থাকিব । ২৬ জুনৰ পুৱা দেৱীৰ স্নান আৰু নিত্যপূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব ।
অম্বুবাচী মহাযোগৰ কেইদিনত শক্তিৰূপী মা কামাখ্যাৰ জপ-তপ আৰু আৰাধনা কৰাৰ বাবে নীলাচল পাহাৰত সমৱেত হৈছে দেশ-বিদেশৰ বহু সাধু-সন্নাসী । একপ্ৰকাৰ উদুলি-মুদুলি হৈ পৰিছে নীলাচল পাহাৰ । অন্যতম শক্তিপীঠ তথা দেৱীপীঠ হিচাপে বিশ্ব প্ৰসিদ্ধ এই মা কামাখ্যা মন্দিৰৰ মহাত্ম্যই যুগ যুগ ধৰি সকলোকে আকৰ্ষিত কৰি আহিছে ।
সময়ৰ গতিত কামাখ্যা মন্দিৰৰ চৌপাশৰ ৰূপ সলনি হৈছে যদিও ইয়াৰ অধ্যাত্মিক স্বৰূপ আজিও অক্ষয় অৱস্থাত আছে । যুগ যুগ ধৰি চলি অহা পৰম্পৰাৰেই মা কামাখ্যা মন্দিৰ পৰিচালিত হৈ আহিছে । মা কামাখ্যা মন্দিৰকলৈ সময়ে সময়ে বিভিন্ন ধৰণৰ চৰ্চাই প্ৰাধান্য লাভ কৰে যদিও আস্থা আৰু বিশ্বাসৰ প্ৰতীক হিচাপে আজিও মা কামাখ্যা মন্দিৰ সেই একেদৰেই আছে ।
মা কামাখ্যা মন্দিৰৰ আধ্যাত্মিক পৰিৱেশে সকলোকে মানসিক প্ৰশান্তি দিয়ে । নীলাচলৰ বুকুত প্ৰৱেশ কৰাৰ লগে লগেই সকলোৱে এক অনন্য মানসিক সন্তুষ্টি লাভ কৰে । কেৱল অম্বুবাচী মহাযোগ বুলিয়েই নহয় আন সকলো সময়তেই নীলাচল পাহাৰ ভক্তৰে মুখৰিত হৈ থাকে।
কামাখ্যা দেৱীপীঠ সন্দৰ্ভত কামাখ্যা দেৱালয়ৰ সৰুদলৈ হিমাদ্ৰী শৰ্মাই কয়, “মা কামাখ্যা হৈছে বিশ্বজননী, জগতজননী, জগত উদ্ধাৰকাৰিনী, জগত ৰঞ্জনকাৰিণী । গোটেই ব্ৰহ্মাণ্ড সৃষ্টিৰ মূলতে হৈছে মা কামাখ্যা । গুৱাহাটীৰ নীলাচল পাহাৰৰ বুকুত মাৰ অৱস্থিতি ।’’
‘‘হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ হৈছে এই কামাখ্যা মন্দিৰ । দেশৰ মুঠ ৫১ খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ । ইয়াতেই মা ভগৱতী বিৰাজমান । মা কামাখ্যাৰ দশমাবিদ্যাৰো ৰূপ আছে । গৰ্ভগৃহত মা কামাখ্যা আৰু মহালক্ষ্মী আৰু মহাসৰস্বতী আছে ।’’ তেওঁ কয়৷
‘‘মা কামাখ্যাই সমগ্ৰ বিশ্ব-ব্ৰহ্মাণ্ড নিয়ন্ত্রণ কৰে । মাৰ মন্দিৰটো কোনো সাধাৰণ পৰিকল্পনাৰ নহয় । এইটো মহাদেৱৰ পৰিকল্পনা । মন্দিৰৰ তলৰ ভাগখিনি বিশ্বকৰ্মা আৰু কামদেৱে বনাইছে । এইটো দেৱতাই বনোৱা মন্দিৰ । ভিতৰত অষ্টভৈৰৱ আছে । বাহিৰত চৌষষ্ঠী যোগিনী আছে, ওঠৰ ভৈৰৱ আছে আৰু নানান ধৰণৰ ক্ষোদিত মূৰ্তি আছে । ইয়াত কেৱল মনুষ্যই নহয় নানান দেৱ-দেৱীয়ে মাৰ সেৱা কৰিবলৈ আহে ।” শৰ্মাই কয় ৷