বাক্সাত যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
বাক্সা জিলাৰ শালবাৰী মহকুমাৰ সদৰ শালবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত আজি পুৱা ৬ বজাৰ পৰা ৰাজ্যিক পৰ্য্যায়ত ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয়। আদৰণি ভাষণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই।
ড: শৰ্মাই লগতে কয়, একমাত্ৰ শান্তি সম্প্ৰীতিৰ কাৰণে আজি এই অঞ্চলত যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়িত কৰা হৈছে। মই লক্ষ্য কৰিছো প্ৰতি বছৰে মানাহ অভয়াৰণ্যলৈ অহা অতিথিৰ সংখ্যা বাঢ়িছে। মই কথা দিছো শালবাৰীত এক নতুন দিগন্ত কঢ়িয়াই আনিম।