ডিব্ৰুগড়ত এএমচিএইচৰ চিটি হস্পিতাল আধাৰশিলা
কেন্দ্ৰৰ অনুমতি পালেই ডিব্ৰুগড়ত নিৰ্মাণ হ’ব চিৰিয়াখানা
জুলাইত আধাৰশিলা চিকিৎসা মহাবিদ্যালয়ৰ
ডিব্ৰুগড়ত নতুন আৱৰ্ত ভৱনৰো নিৰ্মাণকাৰ্য আধাৰশিলা কৰিব দেশৰ উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে
চাইন অন ডেস্ক:


মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ ভাষণত জানিবলৈ দি কয়, এএমচিএইচৰ চিটি হস্পিতালখন নিৰ্মানত ব্যয় হ’ব ২০৬ কোটি টকা। তদুপৰি এই হস্পিতালখনত পেয়িং কেবিনৰো ব্যৱস্থা থাকিব। নিশা ১০ বজালৈকে চিটি স্কেন, এম আৰ আই কৰিব পাৰিব ৰোগীয়ে। দিনটো কৰ্মব্যস্ততা হৈ থকাসকলৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ইফালে চিকিৎসালয়খনত মাতৃ আৰু শিশুৰ বাবে চিকিৎসা ব্যৱস্থাৰো সুবিধা প্ৰদান কৰা বুলি প্ৰকাশ কৰে। সুন্দৰ আন্তঃগাঁথনিৰে নিৰ্মাণ হ’বলগীয়া এই হস্পিতালখন আগন্তক দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিব। ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাবে মহেন্দ্ৰ মোহন চিকিৎসালয়খন চিটি হস্পিতাল হিচাপে নিৰ্মাণ কৰা হৈছে। ডিব্ৰুগড়ত নিৰ্মাণ হ’বলগীয়া চিটি হস্পিতালে মহানগৰখনক বহু ওপৰলৈ নিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে। আনহাতে এ এম চিৰ বাবেও আৱাসীক কলনী নিৰ্মাণৰ বাবেও পৰিকল্পনা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে। ৩৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া আৱাসিক কলনীৰ আধাৰশিলা অহা মাহত সম্পন্ন কৰিব মুখ্যমন্ত্ৰীয়ে। ইয়াৰ ফলত অসম চিকিৎসা মহাবিদ্যালয়ে কেৱল দুটা মাহত ৫৭০ কোটি টকা লাভ কৰিব। ইফালে ডিব্ৰুগড় খনিকৰত ২৯০ কোটি ব্যয়েৰে ৩৫ হাজাৰ আসনযুক্ত ষ্টেডিয়ামন নিৰ্মাণৰ কথা উল্লেখ কৰি পূৰ্বৰ পাঁচ হাজাৰ আসনযুক্ত ষ্টেডিয়ামখন অক্টোবৰত উদ্বোধন কৰি নতুন কামৰো আধাৰশিলা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে।

ইফালে এই অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ভাষণ প্ৰসংগত কয়, এটা সময়ত দেশত জনসংখ্যা অনুপাতে চিকিৎসক নাই বুলি ধাৰণা আছিল। ইতিমধ্যে সেই অভাৱ পূৰণ কৰিবলৈ মোদীয়ে ১১ বছৰে নিৰন্তৰ প্ৰচেষ্টা চলাইছে। সমগ্ৰ দেশতে চিকিৎসা মহাবিদ্যালয় বৃদ্ধি কৰা হৈছে। আধুনিক চিকিৎসা ব্যৱস্থাক নতুন গতি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আগন্তক সময়ত ভাৰতবৰ্ষ হ’ব বিশ্বৰ মেডিকেল হাব। ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি কয়, অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হেল্থ কেয়াৰ ব্যৱস্থাক শক্তিশালী কৰিছে। উল্লেখ্য যে, আজিৰ এই অনুষ্ঠানত মন্ত্ৰী যোগেন মহন, প্ৰশান্ত ফুকন, বিমল বৰা, বিধায়ক বিনোদ হাজৰিকা, পোনাকন বৰুৱা, টেৰছ গোৱালা, চক্ৰধৰ গগৈ, প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে।
