কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰিদৰ্শন
চাবুৱাৰ বালিজানত ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা খহনীয়াত আক্ৰান্ত অংশ পৰিদৰ্শন
চাইন অন ডেস্ক:
আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে চাবুৱাৰ বালিজানত ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা খহনীয়াত আক্ৰান্ত অংশ পৰিদৰ্শন আৰু পৰিস্থিতিৰ বুজ লয় জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই।
ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াই অঞ্চলটোলৈ অশনি সংকেত কঢ়িয়াই আনিছিল।ইতিমধ্যে প্ৰায় ১,৫০০ মিটাৰ অংশত সৃষ্টি হোৱা ব্যাপক খহনীয়াই ঐতিহাসিক তামুলীছিঙা আলিলৈও ভাবুকি কঢ়িয়াই আনিছিল।
এই অংশত পানীৰ তীব্ৰ সোঁত থকাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জলসম্পদ বিভাগে যুদ্ধকালীন তৎপৰতাৰে খহনীয়া ৰোধৰ বাবে পাৰ্কুপাইন স্থাপন কৰি পানীৰ প্ৰবাহ হ্ৰাস কৰাৰ উপৰি অন্যান্য জৰুৰী প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰি আছে। এই অংশৰ সুৰক্ষাৰ বাবে বিভাগীয় অভিযন্তাক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি থকাৰ লগতে পৰিস্থিতিৰ যাতে অধিক অৱনতি নহয়, তাৰ প্ৰতিও দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী হাজৰিকাই।
বাৰিষাকালৰ অন্তত এই অংশত মেগা জিঅ’ বেগ আদিৰ সহায়ত স্থায়ী প্ৰতিৰোধী কাম হাতত লোৱা হ’ব বুলিও মন্ত্ৰী পীযুষ হাজৰিকাই সদৰী কৰে।