প্ৰসংগ:যুৱতী অধিবক্তা নম্রতা বৰাৰ ৰহস্যজনক মৃত্যু
ৰিভ’ইৰ এছএছপিৰ নেতৃত্বত নেহা এপার্টমেন্টত অভিযান
নম্রতা বৰাৰ আইফোনক লৈ চাঞ্চল্য, কি আছে আইফোনত ? বহু গুপুত তথ্য ফাদিল হব নে’ কি?
এতিয়া কেৱল নম্রতাৰ পৰিয়ালেই নহয়, সমগ্ৰ ৰাজ্যৰ জনগণেও নম্রতাৰ মৃত্যুৰ বিষয়েও জানিব বিছাৰে
চাইন অন ডেস্ক:
নম্রতা বৰাৰ আইফোনক লৈ হৈছে ব্যাপক চাঞ্চল্য ! কি আছে আইফোনত ? বহু গুপুত তথ্য ফাদিল হব নে’ কি ? হত্যা নে দূৰ্ঘটনাত মৃত্যু, সেই ৰহস্য ফাদিল হব গৈ নে ? নে আৰক্ষী বিষয়া জোনমনি ৰাভাৰ দৰেই সকলো ফুটুকাৰ ফেন হব, সেয়াও তদন্তৰ পাছতহে গম পোৱা যাব।
বোকাখাতৰ যুৱতী তথা অধিবক্তা নম্রতা বৰাৰ ৰহস্যজনক মৃত্যুক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ঘটনাটো সংঘটিত হোৱাৰ আজি আঠ দিন সম্পূৰ্ণ হ’বৰ হ’ল যদিও আজি পর্যন্ত যুৱতী অধিবক্তাগৰাকীৰ মৃত্যুৰ ৰহস্য পোহৰলৈ অহা নাই। উল্লেখ্য যে কালি সন্ধিয়া মেঘালয়ৰ ৰিভ’ই জিলাৰ এছএছপি বিবেকানন্দ সিং ৰাথোৰৰ নেতৃত্বত অহা আৰক্ষীৰ এটা দলে দিছপুৰ আৰক্ষীৰ সহযোগত ৰুক্মিণীগাঁৱৰ নেহা এপার্টমেন্টত তালাচী চলায়। আন দুগৰাকী যুৱতীৰ সৈতে উক্ত এপার্টমেন্টটোত দীর্ঘসময় ধৰি ভাৰাতীয়া হিচাপে আছিল নম্রতা বৰা। প্রায় এঘণ্টাজোৰা তালাচী অভিযানটোত আৰক্ষীয়ে জব্দ কৰা মৃত নম্রতা বৰাৰ আইফোনটোক লৈও সৃষ্টি হৈছে চাঞ্চল্য।
সম্প্রতি মেঘালয় আৰক্ষীৰ চাইবাৰ কোষে জব্দ কৰা ম’বাইলটো তন্ন তন্নকৈ পৰীক্ষা কৰি আছে। আৰক্ষী সূত্ৰ এটাই সদৰী কৰা মতে জব্দকৃত আইফোনটো সঠিকভাৱে পৰীক্ষা কৰিলেই সকলো ৰহস্যৰ সমাধান হ’ব। কিয়নো হোমষ্টেৰ নামত কৌশলেৰে যৌনতাৰ বেহা চলোৱা মৃগাংক বৰুৱা আৰু প্ৰজ্ঞা দিহিঙীয়াৰ অন্যতম ঘনিষ্ঠ আছিল নম্রতা বৰা। যদিও মৃগাংক-প্রজ্ঞাই বিগত দেৱালীৰ পৰাহে নম্রতা বৰাৰ সৈতে চিনা-পৰিচয় হোৱাৰ দাবী কৰিছে, আৰক্ষীয়ে কিন্তু দুয়োৰে ভাষ্যক সহজভাৱে ল’ব পৰা নাই।বিগত বহুদিনৰ পৰাই দুয়োজনৰ সৈতে নম্রতা বৰাৰ চিনা-পৰিচয় আছিল।
সূত্রটোৱে জানিবলৈ দিয়া মতে মৃগাংক-প্রজ্ঞাৰ হোমস্টেত অনৈতিক কাৰ্য সংঘটিত – হোৱাৰ অভিযোগ উত্থাপন হৈছে। তদন্তৰ সময়ছোৱাত আৰক্ষীয়ে এই সন্দৰ্ভত বহু তথ্য লাভ কৰিছে। মৃগাংক-প্ৰজ্ঞাৰ এই অনৈতিক কাৰ্যৰ সৈতে কিবা প্ৰকাৰে নম্রতাও জড়িত হৈ পৰিছিল নেকি বা জড়িত কৰাৰ চেষ্টা চলোৱা হৈছিল নেকি সেয়াও তদন্তৰ আওতাত ৰখা হৈছে। অপেক্ষা মাথোঁ নম্রতা বৰাৰ আইফোনটোৰ পৰীক্ষাৰ প্ৰতিবেদন অহালৈ। যি কি নহওক যুৱতী অধিবক্তা নম্রতা বৰাৰ মৃত্যুৰ আঁৰত যে এক ভয়ংকৰ ষড়যন্ত্র জড়িত হৈ আছে সেই সন্দৰ্ভত একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে অসম তথা মেঘালয় আৰক্ষী।
এতিয়া কেৱল নম্রতাৰ পৰিয়ালেই নহয়, সমগ্ৰ ৰাজ্যৰ জনগণেও নম্রতাৰ মৃত্যুৰ বিষয়েও জানিব বিছাৰে।