...

গুৱাহাটীত এতিয়া শুভাযাত্ৰা বন্ধ!

Spread the love

গুৱাহাটীৰ ৰাজপথত উলিয়াব নোৱাৰিব সমদল, শোভাযাত্ৰা !

চাইন অন ডেস্কঃ এতিয়াৰে পৰা গুৱাহাটী মহানগৰৰ ৰাজপথত উলিয়াব নোৱাৰিব কোনো ধৰণৰ সমদল বা শোভাযাত্ৰা । মহানগৰীৰ ৰাজপথত দেখা নাযাব কোনো শিক্ষানুষ্ঠানৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা, ৰাজনৈতিক, অ-ৰাজনৈতিক দল-সংগঠনৰ প্রতিবাদী কাৰ্যসূচী বা সমদল । কিয়নো গুৱাহাটী মহানগৰীত নিষিদ্ধ কৰা হৈছে সমদল-শোভাযাত্রা । এই নিৰ্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে ।

গুৱাহাটী মহানগৰত যান-বাহনৰ স্বাভাৱিক গতি সুনিশ্চিত কৰাৰ লগতে জনসাধাৰণে যাতে অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে শুকুৰবাৰে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে জাৰি কৰিছে এক নিৰ্দেশনা । এই নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি মহানগৰীত যান-বাহনৰ স্বাভাৱিক গতি চলাচল কৰাৰ ক্ষেত্ৰত সমদল, শোভাযাত্ৰা আদিয়ে তীব্ৰ যানজঁটৰ সৃষ্টি কৰে । ইয়াৰ ফলত নাগৰিক আৰু জৰুৰী সেৱা ব্যৱস্থা ব্যাহত হয় ।

তেনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ২০২৩ চনৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ধাৰা ১৬৩ অনুসৰি, গুৱাহাটীৰi উপ-আৰক্ষী আযুক্ত (প্রশাসন) ইমদাদ আলী স্বাক্ষৰিত এক জাননীযোগে মহানগৰত সকলোধৰণৰ সমদলত নিষেধাজ্ঞা আৰোপ কৰিছে ।

এই নিৰ্দেশত সকলো ধৰণৰ সমদল, ৰেলী, দৌৰ, মাৰাথন, ৱাকাথন আদিৰ ওপৰত গুৱাহাটী মহানগৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এই নিৰ্দেশনা তাৎক্ষণিকভাৱে প্ৰযোজ্য হ’ব । নিৰ্দেশ উলংঘা কৰিলে ২০২৩ চনৰ “ভাৰতীয় ন্যায় সংহিতা” ৰ ধাৰা ২২৩ অনুসৰি দণ্ডনীয় হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীতো মহানগৰ আৰক্ষীয়ে এক নিৰ্দেশনাযোগে মহানগৰীত সমদল শোভাযাত্ৰা উলিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল । কিন্তু মহানগৰ আৰক্ষীৰ এনে নিৰ্দেশনা কিদৰে যান-জঁট নিয়ন্ত্ৰণ কৰাত সফল হ’ব, সেয়া লাহে লাহে পৰিলক্ষিত হ’ব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *