ইতিহাস ৰচনা হ’ল ! ঐতিহাসিক ক্ষণ !
চেনাব নদীৰ ওপৰত বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’ল সংযোগ প্ৰকল্পৰ মুঠ দৈৰ্ঘ প্ৰায় ২৭২ কিলোমিটাৰ
আৰু ইয়াক নিৰ্মাণৰ বাবে ৪৩ হাজাৰ কোটিতকৈও অধিক ধন ব্যয়
এই দলংখন পেৰিছৰ আইফেল টাৱাৰতকৈও ওখ
দলং নিৰ্মাণত ব্যয় প্ৰায় ১৫০০ কোটি টকা
এই দলং উদ্বোধনী অনুষ্ঠাত উপ-ৰাজ্যপাল মনোজ সিনহা, জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱো উপস্থিত থাকে। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷কাৰণ অপাৰেশ্যন সেন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী জম্মু-কাশ্মীৰত উপস্থিত হৈছে।ইয়াৰ বাবেই এই স্থানত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে। ইয়াৰ পূৰ্বে তেওঁ চেনাব দলং পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে এক আলোচনাত মিলিত হয়। ইয়াৰ সমান্তৰালকৈ তেওঁ শ্ৰমিকসকলকো সাক্ষাৎ কৰে ।