ঋষভে পালে ২৭ কোটিঃ আৰ চি বিয়ে পালে চেম্পিয়নৰ ট্ৰফী আৰু ২০ কোটি
আহমেদাবাদঃ
২০২৫ ত ক্ৰিকেটেৰে সম্পূৰ্ণ হ’ল বিৰাট কোহলি।এদিনীয়া বিশ্বকাপ, টি-২০ বিশ্বকাপ আৰু অসংখ্য ব্যক্তিগত খিতাপ। ক্ৰিকেটৰ জৰিয়তে দেশক যি দিব লাগে সেয়া সকলো দিছে তেওঁ।
যদিও ফ্ৰেঞ্চাইজি ক্ৰিকেটত অৰ্থই সকলো তথাপিও ইয়াৰ সৈতে আৱেগক জড়িত কৰা মানুহজনেই বিৰাট কোহলি। বিৰাটৰ বাবেই ১৭ বছৰে ট্ৰফী শূন্য ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মহাসাগাৰৰ দৰে অনুৰাগী। সেয়ে তেওঁ ক্ৰিকেটৰ প্ৰতিটো ফৰ্মেতৰে পোষ্টাৰ বয়।
ঐতিহাসিক লৰ্ডছত শচীন টেণ্ডুলকাৰৰ নামত নাছিল শতক। সৰ্বকালৰ মহান ক্ৰিকেটাৰ ডন ব্ৰেডমেনেও পৰা নাছিল গড়ে ১০০ ৰাণ কৰিবলৈ। কিন্তু সেই সকলো আছে বিৰাটৰ নামতেই। ১৯৮৯ চনৰ ১৫ নৱেম্বৰত কৰাছীত পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল শচীন তেণ্ডুলকাৰে।
তাৰ পিছত সুদীৰ্ঘ ২২ বছৰৰ অপেক্ষা। ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ ঠিক প্ৰাক মুহূৰ্ততহে তেওঁ হৈছিল এদিনীয়া চেম্পিয়ন। ক্ৰিকেটত সকলো পায়ো যেন ২২ বছৰে শূন্য হৈ আছিল তেওঁ। অথচ তেওঁ তেতিয়ালৈকে হৈ পৰিছিল সৰ্বকালৰ অন্যতম মহান ক্ৰিকেটাৰ। তেওঁ হৈ পৰিছিল ক্ৰিকেট নামৰ ধৰ্মৰ ভগৱান।
অপেক্ষা আৰু ধৈৰ্যই সকলো। ধৈৰ্যৰে ক্ৰিজত থাকি শ্বট নিৰ্বাচন কৰিব নোৱাৰিলেই উইকেট পতন নিশ্চিত। বিৰাটৰো অপেক্ষা দীঘলীয়া হ’ল। ১৭ বছৰীয়া এই অপেক্ষা। আহমেদাবাদত সেই অপেক্ষাৰ অন্ত। ক্ৰিকেট বিশ্বয়ো বিচাৰিছিল সেয়াই।
২০০৯ ত ১৬ খন মেচত তেওঁৰ বেটৰ পৰা আহিছিল ২৪৬ ৰাণ। ২০১০ ত তেওঁ কৰিছিল ৩০৭ ৰাণ। ২০১১ ত প্ৰথমবাৰৰ বাবে তেওঁ এটা ছিজনত কৰে ৫৫৭ ৰাণ। ২০১২ ত ৩৬৪, ২০১৩ ত ৬৩৪, ২০১৪ ত ৩৫৯, ২০১৫ ত ৫০৫ ৰাণ কৰিছিল বিৰাটে।
২০১৬ ত তেওঁ নিজেই সৰ্বাধিক ৯৭৩ ৰাণ কৰিও চেম্পিয়ন কৰিব পৰা নাছিল দলটোক। ২০১৭ ত ৩০৮, ২০১৮ ত ৫৩০, ২০১৯ ত ৪৬৪, ২০২০ ত ৪৬৬ ৰাণ কৰিছিল তেওঁ। ২০২১ ত ৪০৫, ২০২২ ত ৩৪১, ২০২৩ ত ৬৩৯, ২০২৪ ত ৭৪১ আৰু এইবাৰ ২০২৫ ত তেওঁ ৬৫৭ ৰাণ কৰিছে।
এই সুদীৰ্ঘ সময়ত একাধিকবাৰ মূৰত অৰেঞ্জ কেপ পিন্ধি চকুত চকুপানী লৈ ক্ৰিজৰ পৰা ওলাই যোৱা বিৰাটৰ অসহনীয় সেই অৱস্থাৰ সাক্ষী সকলো। সেয়ে হয়তো এইবাৰ মহাকুম্ভতো আৰ চি বিৰ হৈ বিৰাটে পৰিধান কৰা ১৮ নম্বৰ জাৰ্ছি পৰিধান কৰি স্নান কৰিছি অনুৰাগীয়ে। খোজেৰে গৈ আগবঢ়াইছিল তিৰুপতি মন্দিৰলৈ প্ৰসাদ। ১৮ নম্বৰৰ জাৰ্ছি আৰু ১৮ নম্বৰৰ ছিজন। স্মৰণীয় কৰি তোলাৰ এয়াই যেন সঠিক সময়।
২০২৩ ত এই আহমেদাবাদতে দেউকা মেলিবলৈ ধৰা এটা সপোনৰ শেষ মুহূৰ্তত দেউকা ভাঙিছিল। সাক্ষী আছিল বিৰাট কোহলি। সেইদিনাও কান্দিছিল বিৰাটে, কান্দিছিল দেশৰ ক্ৰিকেট অনুৰাগীয়ে। পিন্ধি থকা টুপিটোৰে ঢাকি লৈছিল মুখখন। এইবাৰো সেই আহমেদাবাদ। এইবাৰো কান্দিছে বিৰাটে। দেউকা ভঙাৰ দুখত নহয়, ১৭ বছৰে সন্তৰ্পণে কঢ়িয়াই ফুৰা সপোনটোৱে মুক্ত আকাশত উৰিবলৈ পোৱাৰ সুখতহে।
‘ছেজ মাষ্টাৰ’ বিৰাট কোহলি। ক্ৰিজত তেওঁ থাকিলে অসম্ভৱ বুলি একো কথাই বিশ্বাস কৰিবলৈ নাৰাজ তেওঁৰ অনুৰাগী। সেই বিশ্বাসেৰেই প্ৰতিবাৰেই তেওঁৰ অনুৰাগীয়ে আই পি এলৰ সময়ত চিঞঁৰে এটাই শ্লোগান- ‘য়ে ছালা কাপ নামডে’।
১৭ বছৰে আওঁৰাই থকা এই শ্লোগান সময়ৰ পাকচক্ৰত আৰ চি বিৰ বাবেই হৈ পৰিছিল কটাক্ষ। কেইবাবৰো সুযোগ সৃষ্টি কৰিও ব্যৰ্থ হৈছিল দলটো। এইবাৰ সেই সুযোগক এৰি নিদিলে দলটোৱে। বিৰাটৰ দৰেই দলটোৰ প্ৰতিজন সদস্যই ককালত বান্ধি ল’লে টঙালি। ‘য়ে ছালা কাম নামডে’ৰ পৰা শ্লোগান সলনি কৰিলে ‘য়ে ছালা কাপ নামডো’লৈ।
অধিনায়কৰ দায়িত্বত নাথাকিলেও অভিজ্ঞতা আৰু পৰামৰ্শৰ সমান্তৰালকৈ প্ৰতিটো মুহূৰ্ততে নিজৰ উপস্থিতি আৰু বেটিং দক্ষতাৰে দলটোক এঢাপ এঢাপকৈ আগুৱাই লৈ গ’ল তেওঁ। অৱশেষত বিৰাটৰ নামতো আহিল এটা ট্ৰফী।
এই ট্ৰফী আৰ চি বি ফ্ৰেঞ্চাইজিৰ বাবে যিমান গুৰুত্বপূৰ্ণ সিমানেই গুৰুত্বপূৰ্ণ আছিল বিৰাটৰ বাবে। এই ট্ৰফীৰ বাবেই তেওঁ সৰ্বোচ্চ উজাৰি দিছে। দেশৰ হৈ প্ৰতিটো ফৰ্মেটতে সফলতা অৰ্জন কৰা বিৰাট যেন ক’ৰবাত হৈ আছিল অসম্পূৰ্ণ। সেই অসম্পূৰ্ণতাখিনি পূৰ্ণ হ’ল। আই পি এলৰ চেম্পিয়ন হ’ল বিৰাট কোহলি আৰু তেওঁৰ আৰ চি বি।
আই পি এল চেম্পিয়নৰ আৰ্থিক পুৰস্কাৰ
২০০৮ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ চমুকৈ আই পি এল। উদ্বোধনী বৰ্ষৰ চেম্পিয়ন আছিল ৰাজস্থান ৰয়েলছ। ফ্ৰেঞ্চাইজিটোৱে সেইবাৰ চেম্পিয়নৰ খিতাপৰ সৈতে লাভ কৰিছিল ৪ কোটি ৮০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ।
সময়ৰ সৈতে সলনি হ’ল আই পি এল। ধনে-জনে তজবজিয়া হ’ল বি চি চি আই। সেয়ে এতিয়া বাঢ়িল আই পি এলৰ আৰ্থিক পুৰস্কাৰ। ২০২৪ ৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে চেম্পিয়ন হৈ লাভ কৰিছিল ২০ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ।
অৰ্থাৎ উদ্বোধনী বৰ্ষৰ পৰা ২০২৪ লৈকে আই পি এলৰ আৰ্থিক পুৰস্কাৰৰ ধন পাঁচগুণতকৈও অধিক বৃদ্ধি হ’ল। উল্লেখ্য যে, বিশ্বৰ আটাইতকৈ ধনী ক্ৰিকেট লীগ আই পি এলৰ চেম্পিয়ন দলটোৱে আজিৰ তাৰিখত টি-২০ বিশ্বকাপৰ চেম্পিয়নতকৈ অধিক ধনৰ পুৰস্কাৰ লাভ কৰে।
ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ধাৰাবাহিকভাৱে আই পি এলৰ পুৰস্কাৰৰ ধন বৃদ্ধি কৰি আহিছে। কেৱল ২০১৭ আৰু ২০২০ বৰ্ষত হে আৰ্থিক পুৰস্কাৰ বৃদ্ধি কৰা নাছিল আই পি এলৰ। বৰঞ্চ ২০১৭ ত পুৰস্কাৰৰ ধনৰ পৰিমাণ হ্ৰাসহে কৰা হৈছিল।
উদ্বোধনী বৰ্ষৰ সৈতে তাৰ পিছৰ বছৰ অৰ্থাৎ ২০০৯ চনত পুৰস্কাৰৰ ধন আছিল ৪.৮ কোটি টকা। ২০১০ চনৰ পৰা এই আৰ্থিক পুৰস্কাৰ বৃদ্ধি কৰা হয় ১০ কোটি টকালৈ। পৰৱৰ্তী তিনি বছৰতো ১০ কোটি টকাই আছিল আৰ্থিক পুৰস্কাৰ।
২০১৪ আৰু ২০১৫ চনত আৰ্থিক পুৰস্কাৰ বৃদ্ধি হয় ১৫ কোটি টকালৈ। ২০১৬ চনত পুনৰ ৫ কোটি টকা বৃদ্ধি কৰি চেম্পিয়নৰ পুৰস্কাৰ কৰা হয় ২০ কোটি টকা।
২০১৭ চনত প্ৰথমবাৰৰ বাবে ৫ কোটি টকা হ্ৰাস কৰি চেম্পিয়নৰ আৰ্থিক পুৰস্কাৰ কৰা হয় ১৫ কোটি টকা। ২০১৮ চনত আকৌ বৃদ্ধি কৰি কৰা হয় ২০ কোটি টকা। তেতিয়াৰে পৰা চেম্পিয়ন দলটোক ২০ কোটি টকাই আৰ্থিক পুৰস্কাৰ হিচাপে প্ৰদান কৰা হৈছে। অৰ্থাৎ আৰ চি বিয়ে এইবাৰ চেম্পিয়নৰ ট্ৰফীৰ সৈতে লাভ কৰিছে ২০ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ।
স্মৰ্তব্য, ২০২৪ ৰ টি-২০ বিশ্বকাপত চেম্পিয়ন হৈছিল ভাৰত। আই চি চিৰ এই মেগা ইভেণ্টত চেম্পিয়ন হোৱা ভাৰতীয় দলটোক ট্ৰফীৰ সৈতে দিয়া হৈছিল ১৯৯.৫ মিলিয়ন ডলাৰৰ আৰ্থিক পুৰস্কাৰ। ভাৰতীয় টকাৰ হিচাপত ১৯.৫ কোটি টকা।
ৰোহিত শৰ্মাৰ নেতৃত্বতে এইবাৰ চেম্পিয়নছ ট্ৰফীও জয় কৰা ভাৰতীয় দলটোৱে ৰোহিতৰ দলটোৱে আৰ্থিক পুৰস্কাৰ লাভ কৰিছিল ১৯৫.৩ মিলিয়ন। ভাৰতীয় টকাৰ হিচাপত ১৯.৫৩ কোটি টকা।
যদিও আই পি এলৰ চেম্পিয়ন দলটোৱে ২০ কোটি টকা আৰ্থিক পুৰস্কাৰ হিচাপে লাভ কৰিছে তথাপিও কিন্তু এই ধনৰ পৰিমাণ কেইবাগৰাকীও ক্ৰিকেটাৰৰ আই পি এলৰ দৰমহাতকৈ বহু কম। লক্ষ্ণৌ ছুপাৰে জায়েণ্টছৰ অধিনায়ক ঋষভ পণ্টে এইবাৰ আই পি এলৰ নিলামত লাভ কৰিছিল সৰ্বাধিক ২৭ কোটি টকা। আই পি এলৰ ইতিহাসৰ তেওঁৱেই আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে। অৱশ্যে তেওঁ এইবাৰৰ ছিজনত অন্তিম মেচত শতক অৰ্জন কৰাৰ বিপৰীতে আটাই কেইখনতে চূড়ান্ত ৰূপত ব্যৰ্থ হৈছে। দলটোক নেতৃত্ব দিয়াতো প্ৰশ্নৰ সন্মুখীন হৈছে। আনকি তেওঁৰ উইকেট কীপিঙক লৈয়ো প্ৰশ্ন উঠিছে।
সেইদৰে পঞ্জাৱ কিংছক ফাইনেললৈ লৈ অহা অধিনায়ক শ্ৰেয়াছ আয়াৰে এইবাৰ নিলামত লাভ কৰিছিল ২৬.৭৫ কোটি টকা। অৱশ্যে শ্ৰেয়াছৰ নামত যিদৰে ফ্ৰেঞ্চাইজিটোৱে ধন ব্যয় কৰিছে তাৰ ফলো লাভ কৰিছে। যিদৰে ঘৰুৱা তৰুণ ক্ৰিকেট প্ৰতিভাক লৈ শ্ৰেয়াছে দলটোক আগুৱাই নিছে, ভৱিষ্যতৰ পৰিকল্পনা কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে আগন্তুক দুটা ছিজনত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলেও আচৰিত হ’বলগীয়া একো নাথিকিব। এইবাৰেই সেই সুযোগ কঢ়িয়াই আনিছিল যদিও ৬ ৰাণৰ ব্যৱধানে বঞ্চিত কৰিলে দলটোক।
আই পি এলৰ চেম্পিয়নৰ আৰ্থিক পুৰস্কাৰতকৈ অধিক ধন লাভ কৰা আন এগৰাকী ক্ৰিকেটাৰ ভেংকটেছ আয়াৰ। কলকাতাৰ এইগৰাকী ক্ৰিকেটাৰে লাভ কৰিছিল ২৩.৭৫ কোটি টকা। অৱশ্যে তেওঁ ব্যৰ্থতাৰ তালিকাতে নিজৰ নাম খোদিত কৰিছে।