...

ৰঙানদী জলবিদ্যুৎ প্ৰকল্প ভাঙি পেলাব লাগে ?

Spread the love

ৰঙানদী জলবিদ্যুৎ প্ৰকল্প ভাঙি পেলাব লাগে ?

 

দিবাং নদীবান্ধে ৭ মিনিটত ডিব্ৰু-ছৈখোৱা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ধ্বংস কৰিব !
বৃহৎ নদীবান্ধক লৈ সৰৱ লুৰিণজ্যোতি গগৈ

 

চাইন অন ডেস্কঃ

ৰঙানদী জলবিদ্যুৎ প্ৰকল্প ভাঙি পেলোৱাৰ দাবী জনাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। ৰঙানদী প্ৰকল্পৰ জৰিয়তে উত্তৰ অসমত সৃষ্টি হোৱা ভয়াবহ বান পৰিস্থিতিক লৈ সৰৱ হৈ পৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। লক্ষীমপুৰৰ বিভিন্ন অঞ্চলত হোৱা বানত সাধাৰণ জনতাৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি লুৰিণজ্যোতি গগৈয়ে কয়, বানৰ কৱলত ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা তথা বিস্তৰ ক্ষতি হৈছে।

মাত্ৰ ৪০৫ মেগাৱট ক্ষমতাসম্পন্ন জলবিদ্যুৎ প্ৰকল্পৰ পানীয়েই যি ক্ষতি কৰিলে তাতকৈ পাঁচ গুণ অধিক ক্ষমাতাসম্পন্ন সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰিলে কেনে প্ৰভাৱ পৰিৱ অনুমান কৰাটো অসম্ভৱ বুলি মন্তব্য কৰে। ইফালে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰিলে পূৰ্বৰ পানীৰ পৰিমাণতকৈ প্ৰায় ২০ ফুট উচ্চতাৰে পানী বাগৰি যাব বুলি উল্লেখ কৰি তেতিয়া কেনে পৰিস্থিতি তথা ভয়ানক পৰিবেশ হ’ব পাৰে বুলি প্ৰকাশ কৰে। আনহাতে এসময়ত নদীবান্ধ নালাগে বুলি আন্দোলন কৰা, ঘৰিয়ালৰ চকুপানী টোকা একাংশই এতিয়া ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হৈ আছে বুলি উল্লেখ কৰি এতিয়া জনসাধাৰণৰ জীৱন সম্পত্তি ধ্বংস কৰা এনে পৰিবেশ দেখা নাপায় সমালোচনা কৰে। আনহাতে অৰুণাচল নিৰ্মাণ হৈ থকা দেশৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈয়ো সৰৱ হৈ পৰে লুৰিণজ্যোতি গগৈয়ে।

লুৰিণজ্যোতি গগৈয়ে এই প্ৰসংগত কয়, ৩০০০ ক্ষমতাসম্পন্ন দিবাং জলবিদ্যুৎ প্ৰকল্পই ২-৩ তিনিটত ধ্বংস কৰিব ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ৭ মিনিটত পাবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্পটো ভাঙিলে বহু মিটাৰ উচ্চতালৈ জলস্তৰ বৃদ্ধি পাব। আমাৰ জাতীয় সম্পদ সমূহলৈ ভৱিষ্যতলৈ ভয়াৱহতা মাতি আনি দিবাং জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণৰ বাবে কাম-কাজ আৰম্ভ কৰিছে। এতিয়া আমি ভয়াৱহ পৰিৱেশ পৰিস্থিতিত আছোঁ। নামনি অংশত জলবিদ্যুৎ প্ৰকল্পসমূহে পেলাবলগীয়া প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰিব লাগে। অধ্যয়নৰ প্ৰতিবেদনৰ ভিত্তিতহে এনেধৰণৰ সিদ্ধান্ত ল’ব লাগে। সোৱণশিৰিত যেতিয়া অধ্যয়ন কৰা হৈছিল, বান্ধটোৰ আৰ্হি সলনি কৰা হৈছিল। ইফালে একেটা প্ৰসংগত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বৰ্তমানৰ একাংশ মন্ত্ৰীক সমালোচনা কৰি কয়, নামনি সোৱণশিৰি প্ৰকল্পৰ বিৰোধিতা কৰিছিল বৰ্তমান চৰকাৰৰ বহু মন্ত্ৰীয়ে। আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰিছে। বৃহৎ নদীবান্ধবিৰোধী আন্দোলনৰ সপক্ষে যুক্তি দিয়া এইসকলৰ একাংশ নেতা এতিয়া পাভলুটি মাৰিছে। জীৱন আৰু সভ্যতা ধ্বংস কৰা বৃহৎ নদীবান্ধ বন্ধ কৰিবলৈ সকলোৱে প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *