...

অৰুণাচলৰ চেপ্পাত ভয়ংকৰ ভূমিঙ্খলন:সাত জনৰ মৃত্যুৰ আশংকা

 

অৰুণাচলৰ চেপ্পাত ভয়ংকৰ ভূমিঙ্খলন:সাত জনৰ মৃত্যুৰ আশংকা

চাইন অন ডেস্ক:

অসমৰ চুবুৰীয়া ৰাজ্যত বিগত দুদিন ধৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত প্ৰায় ধাৰাৱাহিকভাৱে সংঘটিত হৈ আছে ভূমিঙ্খলনৰ ঘটনা। ভূমিঙ্খলনৰ ফলত কিছু কিছু ঠাইত পথ বন্ধ হৈ পৰিছে। জানিব পৰা মতে, যোৱানিশা অৰুণাচল পশ্চিম কামেঙ জিলাৰ চেপ্পাত সংঘটিত এক ভয়ানক ভূমিঙ্খলনৰ ফলত পথ বন্ধ হৈ পৰাৰ লগতে সাতজনকৈ লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, অৰুণাচলৰ চেপ্পা-বানা সংযোগী পথটোত যোৱানিশা ভূমিখঙ্খলনত পথত মাটি ,শিল আদি বাগৰি পৰাৰ লগতে এখন টাটা ছুমু গাড়ীক ভূমিঙ্খলনে পথৰপৰা নমাই নিয়ে। আনহাতে ঘটনাটোত সাতজনকৈ লোকে প্ৰাণ হেৰুওৱাৰ আশংকা কৰা হৈছে।গাড়ীখনে যাত্ৰীসহ বানাৰ পৰা চেপ্পা দিশে গতি কৰি আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *