...
Spread the love

ক’ৰোনা আকৌ আহিল ধৰালৈ !

পুনৰ চিন্তিত দেশৰ জনগণ

আকৌ সাৱধান হবৰে হল !

কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত ?

 

চাইন অন ডেস্কঃ

২০১৯ চনৰ ডিচেম্বৰৰ শেষ সপ্তাহৰ ফালে আৰম্ভ হোৱা ক’ৰোনা মহামাৰীৰ যেন এতিয়াও অন্ত পৰা নাই ৷ সেইসময়ত প্ৰায় ৫ লাখৰো অধিকলোকৰ মৃত্যু হৈছিল ৷ যোৱা কেইমাহমানৰ পৰা সংক্ৰমণৰ গতি নিয়ন্ত্ৰণত আছিল যদিও এতিয়া এই ভাইৰাছ পুনৰ এবাৰ সক্ৰিয় হৈ উঠিছে ৷ আৰ এন এ ভাইৰাছৰ প্ৰকৃতি অনুসৰি অবিৰতভাৱে মিউটেচন হৈ থাকে, এই ক্ৰমত ক’ৰোনা ভাইৰাছতো মিউটেচন দেখা গৈছে আৰু নতুন ভিন্নতাও উত্থান ঘটিছে ৷
COVID-19ৰ এই নতুন ভেৰিয়েণ্টৰ সন্দৰ্ভত চিকিৎসকে কয়,’ COVID-19ৰ এই নতুন ভেৰিয়েণ্টটো খুৱ সহজে বিয়পে। অতি সহজে এই ভাইৰাছটো ইজনৰ পৰা আনজনৰ দেহত বিয়পাৰ সম্ভাৱনাটো বেছি ৷ কিন্তু যদিও এই ভেৰিয়েণ্টৰ সংক্ৰমণৰ ক্ষমতা বৃদ্ধি পাইছে, তথাপিও কিন্তু এই ভাইৰাছৰ গম্ভীৰতা(Seriousness) হোৱা নাই ৷
ইয়াৰ লক্ষণসমূহ কি কি ?
১) জ্বৰ, কাঁহ, চৰ্দি হ’ব পাৰে ৷
২) মূৰৰ বিষ হ’ব পাৰে ৷
৩) ডিঙি শুৰ শুৰুৱাব পাৰে ৷
৪) ভাগৰ ভাগৰ হ’ব পাৰে ৷
৫) ঘ্ৰাণ শক্তি হ্ৰাস পাব পাৰে ৷
৬) পেটৰ অসুখ হ’ব পাৰে ৷
৭) গা বা মাংসপেশীৰ বিষ হ’ব পাৰে ৷
কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত ?
কোনো বিশেষ কাম নাথাকিলে বাহিৰলৈ ওলাই যাব নালাগে ৷
বাহিৰলৈ ওলাই গ’লেও মাস্ক পৰিধান কৰিব লাগিব ৷
বাহিৰৰ পৰা আহি ভালদৰে হাত-ভৰি চাবোনেৰে ধুব ৷
নিজৰ সামগ্ৰী কেৱল নিজেই ব্যৱহাৰ কৰিব ৷ আনক ব্যৱহাৰ কৰিব নিদিব ৷
দৈনিক শৰীৰ চৰ্চা কৰাটো অতি প্ৰয়োজন ৷
সামাজিক দূৰত্ব বজাই চলিব ৷
কেনেধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত
COVID-19 epidemiological update – PDF Download

 

খাদ্যৰ ক্ষেত্ৰত জাংক ফুড গ্ৰহণ নকৰিব ৷ সতেজ শাক-পাচলি, ফল-মূল আদি গ্ৰহণ কৰিব ৷ প্ৰটিনযুক্ত খাদ্য যেনে -মাছ,মাংস,কণী নিয়মীয়া ভাৱে গ্ৰহণ কৰি থাকিব পাৰিলে ভাল ৷ খোৱাৰ আগতে সদায় ভালদৰে হাত চাবোনেৰে ধুব ৷ পাৰিলে বাহিৰৰ খাদ্য গ্ৰহণ নকৰিব ৷
ঘৰুৱাভাৱে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব ?
যদিহে উপৰোক্ত লক্ষণ সমূহে দেখা দিয়ে তেন্তে ব্যক্তিগৰাকী ব্যক্তিগৰাকীক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিব ৷ যদিহে এই সমূহ লক্ষণ দেখা দিয়াৰ দুই-তিনিদিনৰ ভিতৰত যদি ভাল নহয় তেন্তে তাৎক্ষণিক ভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব ৷
উল্লেখ্য যে, যদিহে আমি সাৱধানতা অৱলম্বন কৰো তেন্তে ই বহু বেছি ভয়াবহ নহয় ৷ সাৱধানতা অৱলম্বন কৰিলে এই ভাইৰাছত আক্ৰান্ত হ’লে ইয়াৰ পৰা সোনকালে আৰোগ্য হ’ব পাৰিব ৷
COVID-19ৰ প্ৰভাৱ কিন্তু আজিলৈকে দেশৰ লগতে বিশ্বত দেখা পোৱা গৈছে ৷ বিশ্বৰ লগতে দেশত পুনৰ বহুলোক আক্রান্ত হৈছে ক’ভিড-১৯ত ৷ COVID-19 ৰ নতুন ঢৌয়ে এতিয়া শংকিত কৰি তুলিছে সকলোকে ৷ COVID-19ৰ নতুনকৈ চিনাক্ত হোৱা এই NB.1.8.1 ভেৰিয়েণ্টত আক্রান্ত হৈছে বিশ্বৰ লগতে দেশৰ বহুলোক ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ক’ভিড ডেচব’ৰ্ডৰ তথ্য অনুসৰি যোৱা ২৭ মে’ (মঙলবাৰ) দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ১০১০ জন ৷ তথ্য অনুসৰি ১৯ মে’ৰ পৰা নতুনকৈ ৭৫৩ জন লোক আক্ৰান্ত হৈছে ৷ এতিয়ালৈকে দেশত ক’ৰোনাত আক্ৰান্ত হৈ ৬ জন লোকৰ মৃত্যু হৈছে ৷ বিশেষকৈ মহাৰাষ্ট্ৰ, কেৰালা, দিল্লী, তামিলনাডু আৰু ৰাজস্থানত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *