...
Spread the love

সম্ভাব্য বানপানীৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ সকলো ব্যৱসায়ীলৈ জিলা প্ৰশাসনৰ জৰুৰী নিৰ্দেশনা।

 

চাইন অন ডেস্কঃ

 

সম্ভাব্য বানপানীৰ প্ৰতি লক্ষ্য ৰাখি অত্যাৱশ্যকীয় সামগ্ৰীৰ সকলো ব্যৱসায়ীক জিলা প্ৰশাসনে কেতবোৰ নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিছে। সেই অনুসৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱসায়ীসকলে নিজ ব্যৱসায়িক প্ৰতিষ্ঠানত সকলো সময়তে অত্যাৱশ্যকীয় সামগ্ৰী পৰ্যাপ্ত পৰিমাণে মজুত ৰাখিব লাগিব। গ্ৰাহকে সহজতে দেখা পোৱাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত সামগ্ৰীৰ ষ্টক আৰু মূল্যৰ স্পষ্ট তথ্য সম্বলিত এখন বৰ্ড ৰাখিব লাগিব। ইয়াৰোপৰি প্ৰতিদিন পুৱা ১০ বজাৰ ভিতৰত দৈনিক ৰিটাৰ্ণ জমা দিব লাগিব। আনহাতে, অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱসায় কৰা সকলো পাইকাৰী বিক্ৰেতাই খুচুৰা বিক্ৰেতাক কেচ মেম’ দিব লাগিব যাতে ইয়াৰ দ্বাৰা কোনো কাৰণতে গ্ৰাহকৰ পৰা সমগ্ৰীৰ বাবদ কোনো ধৰণৰ অত্যধিক মূল্য লোৱা নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *