আধাতে বন্ধ হ’ল চিয়াং নদীবান্ধৰ প্ৰতিবাদী সভা
কোনো মীমাংসা নহ’ল
প্ৰতিবাদকাৰী নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু
প্ৰতিবাদী নেতা নিৰুদ্দেশ হোৱা ঘটনাৰ বাবে মন্ত্ৰী আৰু জিলা উপায়ুক্তক জবাবদিহি
চাইন অন ডেস্কঃ
উত্তাল প্ৰতিবাদৰ মাজত আধাতেই স্থগিত হ’ল চিয়াং নদীবান্ধৰ প্ৰতিবাদী গাঁৱৰ প্ৰতিনিধিৰে হোৱা আলোচনা । কালি চিয়াং নদীবান্ধ সন্দৰ্ভত অনুষ্ঠিত হয় এক আলোচনা । চৰকাৰ আৰু পাংকাং গাঁৱৰ মাজত চুক্তি সম্পাদনৰ পিছতেই আৰম্ভ হোৱা প্ৰতিবাদৰ মীমাংসা সন্দৰ্ভত বলেঙত অনুষ্ঠিত সভাখনত দুয়োপক্ষই সমাধানসূত্ৰ উলিওৱাত ব্যৰ্থ হয়। ইয়াৰ পিছতেই নিশা প্ৰকল্পৰ কাষত অৱস্থান কৰে প্ৰতিবাদকাৰীসকলে ।
চিয়াং নদীবান্ধৰ প্ৰতিবাদী গাঁৱৰ প্ৰতিনিধিৰ লগত মঙলবাৰে বলেঙত অনুষ্ঠিত সভাত কোনো সিদ্ধান্ত নোহোৱাৰ বাবে সভা আধাতে স্থগিত হয় । চিয়াং ইণ্ডিজিনিয়াছ ফাৰ্মাৰ ফ’ৰামৰ মুখপাত্ৰ নিথ পাৰোনে ই টিভি ভাৰতক কয়, “ফ’ৰামৰ তৰফৰ পৰা দুগৰাকী বিধায়ক আৰু এগৰাকী মন্ত্ৰীৰ লগত এই বিষয়ে আলোচনা হোৱাৰ পিছত পৰৱৰ্তী কাৰ্যসূচী অনুষ্ঠিত হৈছিল । এই কাৰ্যসূচী জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল বিয়লি ৪ বজাৰ পৰা । সভাখনত অৰুণাচল প্ৰদেশৰ পঞ্চায়তীৰাজ, ৰাজ্যিক পৰিবহণ বিভাগৰ মন্ত্ৰী ওজিং তাছিং, বিধায়ক অনি পায়েং উপস্থিত থাকে যদিও য়ংকিয়ঙৰ বিধায়ক আলো লিবাং উপস্থিত নাথাকিল।”
নিথ পাৰোনে উল্লেখ কৰা মতে, প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ নেতা ইব মিলিৰ ওপৰত গোচৰ ৰুজু হোৱাৰ পিছত নিৰুদ্দেশ হোৱা ঘটনাৰ বাবে মন্ত্ৰী আৰু জিলা উপায়ুক্তক জবাবদিহি কৰে । নিথ পাৰোনয়ে জনোৱা মতে, স্থানীয় ৰাইজে জিলা উপায়ুক্তক কাৰ্যালয়তে আবদ্ধ কৰি ৰাখে । আনহাতে প্ৰতিবাদী গাঁৱৰ ৰাইজে নিশা প্ৰকল্পৰ স্থানত অৱস্থান কৰে ।
বিগত ২৩ মে’ৰ পৰা অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাত চিয়াং নদীবান্ধ বিৰোধী প্ৰতিবাদ চলি থকা সময়তে চিয়াং জিলাৰ উপায়ুক্তই নদীবান্ধ বিৰোধী নেতা ইব মিলিৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে । চিয়াং জিলাৰ উপায়ুক্ত পি এন থুনগনয়ে নদীবান্ধৰ বিৰোধী ইব মিলিয়ে উজনি চিয়াং বহুমুখী প্ৰকল্প নিৰ্মাণৰ বাবে বেগিঙ গাঁৱত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে গোচৰ ৰুজু কৰিছে।
ঘটনাৰ বিৱৰণ অনুসৰি, যোৱা ২৩ মে’ ত প্ৰায় ৪০০ লোকৰ সমদলৰে প্ৰকল্প নিৰ্মাণৰ ঠাইত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল । সেই সমাবেশ জিলা উপায়ুক্তৰ দ্বাৰা এদিন পূৰ্বে জাৰি কৰা ১৪৪ ধাৰা ভংগ কৰি অনুষ্ঠিত কৰা হয়।সেই প্ৰতিবাদ ইণ্ডিজিনিয়াছ ফাৰ্মাৰ ফ’ৰামৰ নেতৃত্বত আৰম্ভ হয় আৰু ইব মিলিয়ে ইয়াৰ নেতৃত্ব দিছিল । মিলিৰ ওপৰত ভাৰতীয় ন্যায় সংহিতাৰ ১৩৫/১৯১ আৰু ৩২৪ ৰ অধীনত ধাৰা ৩ আৰু ৪ ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ গোচৰ ৰুজু কৰা হয় ।
উল্লেখ্য যে যোৱা ২৩ মে’ত প্ৰতিবাদকাৰীসকলে বেগিং গাঁৱৰ পৰা চিয়াঙৰ জিলা সদৰ বলেঙলৈ যোৱা একমাত্ৰ ওলোমা দলঙত অগ্নিসংযোগ কৰি সংযোগ বিচ্ছিন্ন কৰে । কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ ভিতৰত আই টি বি পি, চি আৰ পি এফ, অৰুণাচল প্ৰদেশৰ আই আৰ বি বাহিনী আৰু অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে প্ৰকল্পৰ সমীপত সুৰক্ষা প্ৰদান কৰি আছে । ইতিমধ্যে ইব মিলিক একেধৰণৰ প্ৰতিবাদৰ বাবে দুবাৰকৈ আটক কৰা হৈছে । ইয়াৰে ২৫ খন গাঁৱত প্ৰায় ১.৫ লাখ লোক আছে । অৰুণাচল প্ৰদেশৰ পাঁচখন জিলাত আছে প্ৰায় ৭৬ হাজাৰ আদি জনগোষ্ঠীৰ লোক।
এতিয়া সময়ত কি হব সেয়া লক্ষনীয় হৈ ৰব।