...
Spread the love

 

নিৰ্বোধ হাতী “মইনাক” অমানুষিক অত্যাচাৰ ?

অমাত জীৱৰ ওপৰত অমানৱীয় অত্যাচাৰ !

হাতীটোক কোনে মাৰিছিল ?

 

চাইন অন ডেস্কঃ

 

 

হাতী আৰু মানুহৰ সংঘাত এতিয়াৰ নহয়।এই সংঘাত দীৰ্ঘদিনীয়া।তথাপিও হাতীৰ ধীৰ-স্থিৰ,গহীনৰ বাবে মানুহৰ এক প্ৰিয় জন্তুৰ ভিতৰত পৰে।কিন্তু তেনে এক সময়তে হাতীৰ ওপৰত মাউতে কৰা অত্যাচাৰৰ এক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত,এতিয়া সকলোতে হৈ-চৈৰ স্বৃষ্টি হৈছে।
নগাঁৱৰ জাজৰিৰ চাউলখোৱা অঞ্চলত মইনা নামৰ এজনী পোহনীয়া হাতীৰ ওপৰত দুই মাউতৰ নিৰ্মম প্ৰহাৰৰ ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই জাঙুৰ খাই উঠিছে প্ৰকৃতিপ্ৰেমী সংগঠন।হাতীক প্ৰহাৰ কৰা ঘটনাক লৈ তৎপৰ হৈ পৰিছে জীৱ-জন্তু অপৰাধ নিয়ন্ত্ৰণ সন্থা।
এটা পোহনীয়া হাতী মইনাক দুজনকৈ মাউতে নিৰ্মমভাৱে প্ৰহাৰ কৰি থকাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে ইয়াৰ তীব্ৰ নিন্দা কৰাৰ লগতে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । মইনাক নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাৰ পিছতেই চামগুৰিৰ ৰঙাগড়াত গীতা নামৰ এজনী হাতীৰ অসুস্থতাৰ সময়ত গঠিত ‘‘টীম গীতা’’ নামৰ সংগঠনটোৱে এই কাণ্ডৰ বিৰুদ্ধে কাষ চাপে আৰক্ষীৰ ।
এই ঘটনাৰ বিৰুদ্ধে স্থানীয় জাজৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে টীম গীতাই । হাতীৰ ওপৰত নিৰ্মম প্ৰহাৰ কৰা মাউতৰ বিৰুদ্ধে তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে টীম গীতাই । আনহাতে দুজনকৈ মাউতে হাতীজনীক প্ৰহাৰ কৰা ঘটনাক লৈ প্ৰকৃতিপ্ৰেমীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে ঘটনাটোক লৈ তৎপৰ হৈ পৰে কেইবাগৰাকী প্ৰকৃতিপ্ৰেমী, জীৱ-জন্তু অপৰাধ নিয়ন্ত্ৰণ সংস্থাৰ লগতে নগাঁও বন বিভাগ।

টীম গীতাই এজাহাৰ দাখিল কৰাৰ পূৰ্বেই কেইবাগৰাকী প্ৰকৃতিপ্ৰেমী ব্যক্তিৰ সহযোগত নগাঁও বন বিভাগে মইনাক উদ্ধাৰ কৰাৰ লগতে মইনাক প্ৰহাৰ কৰা দুয়োজন মাউতক আটক কৰিবলৈ সক্ষম হোৱা বুলি কয় জীৱ-জন্তু অপৰাধ নিয়ন্ত্ৰণ শাখাৰ জনসংযোগ বিষয়া দেৱাঞ্জন মুখাৰ্জীয়ে । প্ৰকৃতিপ্ৰেমী ব্যক্তি অভিনৱ বৰুৱা, ভাস্কৰ বৰা, জয়ন্ত চহৰীয়া, ৰূপ শৰ্মা আৰু উৎপল শইকীয়াৰ সহযোগত নগাঁও বন বিভাগে মইনা নামৰ হাতীজনীক উদ্ধাৰ কৰাৰ লগতে প্ৰহাৰ কৰা দুই মাউত আজাৰুল ইছলাম আৰু চামছুল হকক নগাঁৱৰ ডিমৌ চাৰিআলিৰ সমীপৰ পৰা আটক কৰিবলৈ সক্ষম হয় বন বিভাগৰ এটা দল ।
এই সন্দৰ্ভত বন বিভাগে নিজাববীয়াকৈ গোচৰ লোৱা বুলিও কয় জীৱ-জন্তু অপৰাধ নিয়ন্ত্ৰণ সন্থাৰ জনসংযোগ বিষয়া দেৱাঞ্জন মুখাৰ্জীয়ে । ইপিনে, প্ৰকৃতিপ্ৰেমী সংগঠন ‘পান্থতৰু’ৰ অন্যতম প্ৰতিনিধি তথা বিশিষ্ট প্ৰকৃতিপ্ৰেমী বুবুল শৰ্মাই সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয়, “হাতী অতি মৰমীয়াল জীৱ। অসমত প্ৰায় এহেজাৰৰো অধিক পোহনীয়া হাতী আছে, যিবোৰ বছৰৰ প্ৰায় ছমাহ নিবনুৱা হৈ থাকে । এই সময়ছোৱাত হাতীৰ মালিকসকলৰ বাবে খাদ্য আৰু যত্নৰ ব্যয় বহন কৰাটো কঠিন হৈ পৰে । ফলত হাতীসমূহ প্ৰায়ে খাদ্য সংকটৰ সন্মুখীন হয় ।”
লগতে শ্ৰীলংকাৰ দৰে অসমতো পোহনীয়া হাতীসমূহক পৰ্যটনৰ আকৰ্ষণ হিচাপে ব্যৱহাৰ কৰি তেওঁলোকৰ জীৱিকাৰ ব্যৱস্থা গ্ৰহণ কৰাৰো পোষকতা কৰে পান্থতৰুৰ প্ৰতিনিধি তথা প্ৰকৃতিপ্ৰেমী বুবুল শৰ্মাই । এনে পদক্ষেপে হাতীৰ যত্ন আৰু সুৰক্ষাৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব বুলিও দাবী কৰে বুবুল শৰ্মাই । প্ৰকৃতিপ্ৰেমীগৰাকীয়ে ভাইৰেল হোৱা ভিডিঅ’টোত নিৰ্মমভাৱে মাউতে প্ৰহাৰ কৰাৰ কথা উল্লেখ কৰি আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি দোষী ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে ।
এই ঘটনাই অসমৰ পোহনীয়া হাতীৰ যত্ন আৰু সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উদ্বেগ ঘটাইছে । প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে হাতীৰ সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়নৰো দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *