...

কেন্দ্ৰই ত্ৰিপুৰাৰ গুৰুত্বপূৰ্ণ লেণ্ডপ’ৰ্টসমূহ কৰিলে বন্ধ

Spread the love

 

কেন্দ্ৰই ত্ৰিপুৰাৰ গুৰুত্বপূৰ্ণ লেণ্ডপ’ৰ্টসমূহ কৰিলে বন্ধ

লগে লগে উত্তৰ-পূবলৈ বাংলাদেশৰ ৰপ্তানিয়ে একপ্ৰকাৰ পথ অৱৰোধ কৰিছে

 

আগৰতলাঃ

আগৰতলাৰ ওচৰৰ আখৌৰা সংহত চেক পোষ্টকে ধৰি গুৰুত্বপূৰ্ণ লেণ্ডপ’ৰ্টসমূহৰ মাজেৰে বৈদেশিক বাণিজ্য সঞ্চালকালয়ৰ নিৰ্দেশনাৰ পিছতে ১৭ মে’ৰ পৰা ভাৰতৰ উত্তৰ-পূব আৰু বাংলাদেশৰ মাজত সীমা অতিক্ৰমৰ বাণিজ্যই তীব্ৰ আঘাত হানিছে।

ইয়াৰ পৰিণতি তাৎক্ষণিকভাৱে হৈছে। ত্ৰিপুৰা অভিমুখী সামগ্ৰী কঢ়িয়াই অনা শ শ ট্ৰাকক মুভমেণ্ট ক্লিয়াৰেন্সৰ পৰা বঞ্চিত কৰি ঘূৰি আহিবলৈ বাধ্য হৈছে। আখৌৰা আইচিপিৰ বিষয়াসকলে মালবাহী যাতায়ত তীব্ৰভাৱে হ্ৰাস পোৱাটো নিশ্চিত কৰিছে, নিষেধাজ্ঞা কাৰ্যকৰী হোৱাৰ পিছত মাছ আৰু সীমিত পৰিমাণৰ চিমেণ্টৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে।

আখৌৰা আইচিপিৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, ‘ইয়াৰ ফলত সামগ্ৰীৰ গতিবিধি ভয়াৱহভাৱে হ্ৰাস পাইছে।পূৰ্বতে নিয়মীয়াকৈ প্লাষ্টিক সামগ্ৰী, পিভিচি সামগ্ৰী, প্ৰচেছড খাদ্য, আৰু ফলমূলৰ পানীয়ৰ আমদানি সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে।

নতুন নিষেধাজ্ঞাই বাংলাদেশৰ ৰপ্তানিকাৰকসকলকো আতংকিত কৰি তুলিছে, যিয়ে দীৰ্ঘম্যাদী অৰ্থনৈতিক প্ৰতিক্ৰিয়াৰ আশংকা কৰিছে। এজন বাংলাদেশী ব্যৱসায়ীয়ে সংবাদ মাধ্যমক কয়, ‘আমি দৈনিক আখৌৰাৰ জৰিয়তে প্ৰায় ৩০ লাখ বাংলাদেশী টাকা মূল্যৰ সামগ্ৰী ৰপ্তানি কৰিছিলো, আৰু সেই সামগ্ৰীসমূহৰ অধিকাংশই— ৰস, প্লাষ্টিকৰ সামগ্ৰী, আচবাব—এতিয়া নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

আখৌৰা লেণ্ডপৰ্টে ভাৰতীয় ৰাজ্য যেনে ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, আৰু অসমৰ কিছু অংশলৈ বাংলাদেশী ৰপ্তানিকাৰকসকলৰ বাবে এক মূল বাণিজ্যিক প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে। যোৱা বিত্তীয় বৰ্ষত আখৌৰাৰ জৰিয়তে বাংলাদেশৰ ৰপ্তানিয়ে ৪৫৩ কোটি টকা স্পৰ্শ কৰিছিল, যিটো পূৰ্বৰ বছৰত ৪২৭ কোটি টকা আছিল— যিটো বন্দৰটোৰ ক্ৰমবৰ্ধমান বাণিজ্যিক প্ৰাসংগিকতাৰ প্ৰমাণ। বাংলাদেশৰ অন্যতম বৃহৎ প্লাষ্টিক নিৰ্মাতা আৰ এফ এল প্লাষ্টিক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। বাংলাদেশৰ এখন দৈনিক কাকতক দিয়া এক বিবৃতিত আৰ এফ এলৰ খুচুৰা বিভাগৰ বিষয়া কামৰুজ্জামান কমলে কয় যে, ‘উত্তৰ-পূবৰ বজাৰখন এতিয়া বন্ধ হৈ গৈছে।সাগৰীয় বন্দৰলৈ স্থানান্তৰিত হ’লে লজিষ্টিক খৰচ বৃদ্ধি পাব আৰু বাণিজ্য অসাধ্য হৈ পৰিব।ত্ৰিপুৰাত পৰিস্থিতিৰ মূল্যায়নৰ বাবে ৰাজ্য চৰকাৰে ক্ষীপ্ৰতাৰে আগবাঢ়িছে। সোমবাৰে আখৌৰা আইচিপিত উদ্যোগ আৰু বাণিজ্য সঞ্চালক ড০ চাইলেশ যাদৱৰ সভাপতিত্বত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত ডিজিএফটিৰ নতুন বাণিজ্যিক নীতি কঠোৰভাৱে বলবৎ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়া হয়।

আখৌৰা লেণ্ড বন্দৰৰ মেনেজাৰ দেবাশিশ নন্দীয়ে নিশ্চিত কৰে যে আমি নিৰ্দেশ অনুসৰি কেৱল ৰেহাই পোৱা সামগ্ৰীহে প্ৰক্ৰিয়াকৰণ কৰি আছো।
ইফালে, আনকি অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱসায়তো ব্যাঘাত জন্মিছে। বুধবাৰে বাংলাদেশৰ ৰপ্তানিকাৰকসকলে প্ৰয়োজনীয় অনুমতি পত্ৰ লাভ কৰাত ব্যৰ্থ হোৱাৰ খবৰ পোৱাৰ পিছতে বুধবাৰে মাছ কঢ়িয়াই অনা কোনো ট্ৰাকে সীমান্ত পাৰ হোৱা নাছিল।হিচাপ অনুসৰি আখৌৰা হৈ ভাৰতলৈ দৈনিক ৯০ হাজাৰৰ পৰা ৯৫ হাজাৰ ডলাৰ মূল্যৰ মাছ আৰু শুকান মাছ ৰপ্তানি কৰা হয়।

বাণিজ্যিক লোকচান বৃদ্ধি পোৱা আৰু সীমান্তৰ দুয়োপাৰে হতাশা বৃদ্ধি পোৱাৰ লগে লগে ব্যৱসায়ীসকলে বাংলাদেশ আৰু ভাৰতৰ উত্তৰ-পূবৰ মাজৰ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কৰিড’ৰটো বজাই ৰাখিব পৰা মধ্যম পথ বিচাৰিবলৈ জৰুৰী কূটনৈতিক হস্তক্ষেপৰ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *