ডিব্ৰুগড় জিলাৰ খাদ্য অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিদৰ্শনকাৰী দলে বন্ধ কৰে প্ৰতিস্থান
বঙালগাওস্থিত “Motor Spirit Petrol” আৰু “High Speed Diesel” সামগ্ৰীৰ খুচুৰা বিক্ৰী কেন্দ্ৰ M/S SHAH REFUELING STATION প্ৰতিষ্ঠান।
চাইন অন ডেক্সঃ
ডিব্রুগড় জিলাৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী (ভা.প্ৰ.সে) মহোদয়ৰ নিৰ্দেশমৰ্মে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে পেট্ৰলজাত উৎপাদিত সামগ্ৰীৰ ভেজালকৰণৰ বিৰুদ্ধে লগতে গ্ৰাহকে যাতে উচিত পৰিমানত পেট্ৰল/ ডিজেল লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈ পেট্ৰল/ডিজেল পাম্পসমূহত অভিযান অব্যাহত ৰাখিছে। ডিব্ৰুগড় জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিদৰ্শনকাৰী এটি দলে ৰাইজৰ অভিযোগৰ ভিত্তিত বঙালগাওস্থিত “Motor Spirit Petrol” আৰু “High Speed Diesel” সামগ্ৰীৰ খুচুৰা বিক্ৰী কেন্দ্ৰ M/S SHAH REFUELING STATION ত উপস্থিত হৈ ভেজালকৰণ সন্দৰ্ভত অনুসন্ধান কৰে। উল্লেক্ষযোগ্য যে, প্ৰতিষ্ঠানটোৰ স্বত্তাধিকাৰীয়ে “Assam Trad Articles Order 1982″ৰ অধীনত অনুজ্ঞাপত্ৰ, “Fire Fighting”ৰ প্ৰমাণপত্ৰ তথা অন্যান্য যাৱতীয় নথিপত্র বিভাগীয় পৰিদৰ্শনকাৰী দলটোৰ আগত প্ৰদৰ্শন কৰাত ব্যাৰ্থ হয়। ফলশ্ৰুতিত পৰিদৰ্শনকাৰী দলটোয়ে M/S SHAH REFUELING STATION প্ৰতিষ্ঠানটো ছীল কৰাৰ লগতে যাৱতীয় নথি প্ৰদৰ্শন নকৰালৈকে প্ৰতিষ্ঠানটোৰ পৰিচালনত বাধা আৰোপ কৰে। আনহাতে, বিভাগীয় পৰিদৰ্শনকাৰী ভেজালকৰণ সন্দৰ্ভত পৰৱৰ্তী অনুসন্ধানৰ বাবে পেট্ৰল পাম্পটোৰ পৰা নমুনা সংগ্রহ কৰিছে।