ডিব্ৰুগড়ৰ বাণীপুৰ পেট্ৰল ডিপোত দূষিত ইন্ধনৰ ঘটনা
বিকল হল বহু লঘূ বাহন !
চাইন অন ডেক্সঃ
ডিব্ৰুগড়ৰ বাণীপুৰৰ ইণ্ডিয়ান অইলৰ পেট্ৰ’ল ডিপোত যোৱা নিশা অজানিতে কেইবাখনো বাহনত পেট্ৰ’লৰ সলনি পানী ভৰাই দিয়াত এক উদ্বেগজনক পৰিস্থিতিৰ স্বৃষ্টি হয়।দূষিত ইন্ধনৰ ফলত অসংখ্য দুচকীয়া বাহন বিকল হৈ পৰে, যাৰ ফলত বহুকেইখন যাত্ৰাৰ মাজভাগত স্থবিৰ হৈ পৰে।ফলত মালিকসকলে নিজৰ বাহনসমূহ পথৰ পৰা ঠেলি দিবলগীয়া পৰিস্থিতি হয়।
ক্ষতিগ্ৰস্ত গ্ৰাহকৰ অভিযোগৰ পিছত ডিপোত বিক্ৰী বন্ধ কৰি দিয়া হয়।ইয়াৰ পিছতে ডিপো কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত বাহনসমূহৰ ইন্ধনৰ টেংকিৰ পৰা পানী নিষ্কাশন আৰম্ভ কৰি মেৰামতিৰ কাম আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
এই ঘটনাই জনসাধাৰণৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে, বহুতে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। ইতিমধ্যে ডিব্ৰুগড় আৰক্ষী ডিপোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’বলৈ সক্ষম হৈছে।