মিছ ৱৰ্ল্ড ২০২৫ ৰ আয়োজন ভাৰতত
বিদেশী সুন্দৰীৰে ভৰি পৰিছে ৰামোজী ফিল্ম চিটীৰ চৌহদ
মিছ ৱৰ্ল্ডৰ মুকুটৰ বাবে দাবীদাৰ ১০৮ খন দেশৰ সুন্দৰীসকলে ৰামোজী ফিল্ম চিটিত উপস্থিত
চাইন অন ডেক্সঃ
বিশ্বৰ সৰ্ববৃহৎ ফিল্ম ষ্টুডিঅ’ ৰামোজী ফিল্ম চিটীৰ বাকৰি ভৰি পৰে বিদেশী সুন্দৰীৰে ৷ মিছ ৱৰ্ল্ডৰ মুকুটৰ বাবে দাবীদাৰ ১০৮ খন দেশৰ সুন্দৰীসকলে ৰামোজী ফিল্ম চিটিত উপস্থিত হোৱাৰ পিছৰে পৰা লাভ কৰিছে বিশেষ চৰ্চা ৷
বিশেষ বাছেৰে আহি ৰামোজী ফিল্ম চিটীৰ মূল প্ৰৱেশদ্বাৰত উপস্থিত হোৱা বিদেশী সুন্দৰীসকলক আদৰণি জনায় ৰামোজী গ্ৰুপৰ চি এম ডি চি এইচ কিৰণ, ৰামোজী ফিল্ম চিটিৰ পৰিচালন সঞ্চালক চি এইচ বিজয়েশ্বৰী, ইটিভিৰ চি ই অ’ বাপ্পিনীডু, ইব্ৰাহিমপট্টনমৰ বিধায়ক মালৰেড্ডী ৰংগাৰেড্ডী আৰু ৰাচাকোণ্ডাৰ আয়ুক্ত সুধীৰ বাবু।
মুকুতাৰ মালা আৰু তিলকেৰে পৰম্পৰাগতভাৱে সুন্দৰীসকলক আদৰণি জনায় ৰামোজী ফিল্ম চিটীৰ প্ৰতিনিধি আৰু বিষয়াসকলে ৷ সুন্দৰীসকলৰ আদৰণিৰ অৰ্থে সমগ্ৰ ফিল্ম চিটীক সজাই তোলা হৈছিল ৰং-বিৰঙী লাইটেৰে ৷ সংগীতৰ মূৰ্চ্ছনাৰে প্ৰাণৱন্ত হৈ পৰে সমগ্ৰ চৌহদ ৷ মহাৰাষ্ট্ৰৰ বিখ্যাত পুনেৰী ঢোল সংগীতৰ গানৰ তালে তালে নাচে বিদেশী সুন্দৰীসকলে।
ৰামোজী ফিল্ম চিটীত প্ৰৱেশৰ পিছতে ইয়াৰ চাইনেজত গ্ৰুপ ফটোৰ বাবে পোজ দিয়ে সুন্দৰীসকলে । তাৰপিছত ১০৮ গৰাকী মিছ ৱৰ্ল্ড প্ৰতিযোগীয়ে ফিল্ম চিটীৰ সৌন্দৰ্য উপভোগ কৰে ৷ বাহুবলী চেটটো সুন্দৰীসকলে ফটোৰ বাবে ভিন্ন প’জ দিয়া দেখা যায় ৷