বিধায়ক চক্ৰধৰ গগৈৰ জকাই গাঁও পঞ্চায়তৰ ধৰিয়াতলী থানবাম ভূৰ ভূৰীৰ সংযোগী পথ দলঙৰ সমস্যা পৰিদৰ্শন
চাইন অন ডেস্ক,২৪নবেম্বৰ:
অসম বিধানসভাৰ ৮৯নং খোৱাং সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন জকাই গাঁও পঞ্চায়তৰ অধীনৰ জকাই অঞ্চলৰ অতিকৈ ভিতৰুৱা ধৰিয়াতলী তিনিআলিৰ পৰা থানবাম হৈ ১নং ভূৰ ভূৰীলৈ সংযোগী পথৰ লগতে দলং ,১নং মহমাৰীৰ পৰা বৰডুবি সংযোগী পথ পৰিদৰ্শন কৰি ৰাইজৰ সৈতে সমস্যাৰ বুজ লৈ খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে মত বিনিময় কৰে।পৰিদৰ্শন কালত বিধায়ক চক্ৰধৰ গগৈয়ে জকাই থানবাম ১নং ভূৰ ভূৰীৰ ৰাইজৰ লগত ধৰিয়াতলী তিনিআলিৰ পৰা ১নং ভূৰ ভূৰীলৈ পথ আৰু সংযোগী দলং আৰু জকাই ১নং মহমাৰী পৰা বৰডুবি সংযোগী পথ নিৰ্মাণৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰ সহযোগিতাৰে আৰু বিভাগৰ কতৃপক্ষৰ সৈতে সৌহাদ্যপূৰ্ণ আলোচনা কৰি পথ-দলং উন্নয়নৰ ক্ষেত্ৰত বিধায়ক হিচাপে পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে।পৰিদৰ্শন কালত বিধায়ক গৰাকীৰ সৈতে বি জে পিৰ বৰবৰুৱা মণ্ডলৰ সভাপতি সীমান্ত গগৈ,বৰবৰুৱা আঞ্চলিক পঞ্চায়তৰ সভাপতি ভাস্কৰ সোনোৱাল, জকাই গাঁও পঞ্চায়তৰ সভানেত্ৰী দ্বীপশিখা সোনোৱাল,বি জে পিৰ বৰবৰুৱা মণ্ডলৰ জনজাতি মৰ্চাৰ সভাপতি পদ্মধৰ সোনোৱালৰ উপৰিও দলীয় কৰ্মকৰ্তা সকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।বি জে পিৰ বৰবৰুৱা মণ্ডলৰ কাৰ্যনিৰ্বাহক সদস্য জয়ন্ত কলিতাই আতঁ ধৰা উক্ত কাৰ্যসূচীত বিধায়ক চক্ৰধৰ গগৈয়ে সমষ্টিৰ অন্তৰ্গত জকাই ধৰিয়াতলী, মহমাৰী, ভূৰ ভূৰী গাঁৱৰ পথ দলংৰ সমস্যা লোৱাৰ বাবে স্থানীয় ৰাইজে বিধায়ক গৰাকীৰ প্ৰতি শুভাশিষ জ্ঞাপন কৰে।