...

ডিব্ৰুগড়ৰ ৫১ গৰাকী ৰোগীক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ বিধায়ক প্ৰশান্ত ফুকনৰ

ডিব্ৰুগড়ৰ ৫১ গৰাকী ৰোগীক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ বিধায়ক প্ৰশান্ত ফুকনৰ

চাইন অন ডেস্ক,২৩ নৱেম্বৰ:

ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে আজি পুৱা নিজৰ বাসগৃহৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত ৫১ গৰাকী ৰোগীক আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰে।

বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত আৰ্থিক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে এই সাহায্য প্ৰদান কৰা হয়। এই আৰ্থিক সাহায্যই ৰোগীসকলক চিকিৎসাৰ ব্যয় বহন কৰাত যথেষ্ট সকাহ প্ৰদান কৰিব বুলি বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে।

লগতে, সকলো ৰোগীয়ে যাতে অতি সোনকালে আৰোগ্য লাভ কৰি সুস্থ জীৱনলৈ উভতি আহিব পাৰে, তাৰ বাবে বিধায়ক প্ৰশান্ত ফুকনে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায়।

ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ এই পদক্ষেপে আৰ্থিকভাৱে অসুবিধাৰ সন্মুখীন হোৱা পৰিয়ালসমূহক সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *