পাটাছাৰকুছিত নৱম সংখ্যক সদৌ অসম প্ৰাগজ্যোতি একাংক নাট প্ৰতিযোগিতা সম্পন্ন
প্ৰথম শ্ৰেষ্ঠ দলৰ সন্মান গুৱাহাটীৰ নটতীর্থলৈ
প্ৰথম শ্ৰেষ্ঠ অভিনেতা নলবাৰীৰ নাট্যচর্চাৰ ৰঞ্জন তালুকদাৰ
প্ৰথম শ্ৰেষ্ঠ অভিনেত্ৰী গোলাঘাটৰ কুশীলৱ সাংস্কৃতিক গোষ্ঠীৰ অন্তৰা হাজৰিকা
পাটাছাৰকুছি,২১নৱেম্বৰ:
ৰাজ্যৰ অন্যতম স্বেচ্চাসেৱী সামাজিক অনুষ্ঠান বজালী জিলাৰ অন্তৰ্গত পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত কালি (২০ নৱেম্বৰ) স্থানীয় নিৰ্মল হালৈ মহাবিদ্যালয়ৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত ক্লাবৰ প্ৰাক্তন সভাপতি তথা নাট্যকৰ্মী, বিশিষ্ট যুৱ সমজকৰ্মী প্ৰয়াত মণ্টু কুমাৰ শৰ্মা সোঁৱৰণী নৱম সংখ্যক সদৌ অসম প্ৰাগজ্যোতি একাংক নাট প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ যায়। অসমৰ এখন আগশাৰীৰ একাংক নাট প্ৰতিযোগিতা হিচাপে পৰিচিত প্ৰতিযোগিতাখনৰ এইবেলিৰ নাট্য সন্ধিয়াটি পাটাছাৰকুছিৰ সন্তান বিশিষ্ট নাট্যশিল্পী প্রয়াত ললিত চন্দ্ৰ শৰ্মাৰ নামত উৎসৰ্গিত কৰা হৈছে৷ তিনিচুকীয়া, লক্ষ্মীমপুৰ, গোলাঘাট, দৰং, ওডালগুৰি, গুৱাহাটী, নলবাৰী, পাঠশালা আদি ঠাইৰে ধৰি অসমৰ ১৪ টা আগশাৰীৰ নাট্যদলে অংশ গ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাখনত গুৱাহাটীৰ নটতীর্থয়ে (নাটকঃ চ’ৰি) প্ৰথম শ্ৰেষ্ঠ দল, গুৱাহাটীৰ ন-প্রবাহে (নাটকঃ কল্যানী কাব্যব শেষ পৃষ্ঠা) দ্বিতীয় শ্রেষ্ঠ দল, নলবাৰীৰ নাট্যচর্চাই (নাটকঃ দুঃস্বপ্ন) তৃতীয় শ্ৰেষ্ঠ দল, গোলাঘাটৰ কুশীলৱ সাংস্কৃতিক গোষ্ঠীয়ে শ্ৰেষ্ঠ
শৃংখলাবদ্ধ দল, নলবাৰীৰ নাট্যচর্চাৰ ৰঞ্জন তালুকদাৰে প্ৰথম শ্ৰেষ্ঠ অভিনেতা, গুৱাহাটীৰ ন-প্রবাহৰ কিশোৰ পাঠকে
দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা,ওদালগুৰিৰ যাত্রাৰ কুমাৰ দিব্যজ্যোতি নাৰায়ণ দেৱে তৃতীয় শ্ৰেষ্ঠ অভিনেতা, গোলাঘাটৰ কুশীলৱ সাংস্কৃতিক গোষ্ঠীৰ অন্তৰা হাজৰিকাই প্ৰথম শ্ৰেষ্ঠ অভিনেত্ৰী, গুৱাহাটীৰ কটনিয়ান নাট্য সমাজৰ মৃগাংক্ষী মহন্তই দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী, ওদালগুৰিৰ যাত্রাৰ নিবেদিতা বৰুৱাই তৃতীয় শ্ৰেষ্ঠ অভিনেত্ৰী, গুৱাহাটীৰ ন-প্রবাহৰ দৰ্শন ভট্টাচাৰ্যই শ্ৰেষ্ঠ কৌতুক অভিনেতা, মালিগাঁওৰ সৃষ্টি কলা কেন্দ্রৰ ধৃতি কাকতিয়ে শ্ৰেষ্ঠ শিশু শিল্পী, গুৱাহাটীৰ কটনিয়ান নাট্য সমাজৰ
কৌশিক কিশোৰ হাজৰিকাই শ্ৰেষ্ঠ নাট্যকাৰ (নাটকঃ মাফলাৰ) আৰু গুৱাহাটীৰ নটতীর্থৰ ৰিলান্ড হুছেইনে শ্ৰেষ্ঠ পৰিচালক (নাটকঃ চ’ৰি) ৰ বঁটা লাভ কৰে৷ প্ৰতিযোগিতাখনত বিচাৰক হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট নাট্যকাৰ তথা নাট পৰিচালক প্ৰনৱ বৰুৱা, বিশিষ্ট নাট্যকাৰ তথা নাট পৰিচালক উৎপল কুমাৰ দাস আৰু নাট সমালোচক ৰন্টু শৰ্মাই৷ শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ সহযোগী
বিচাৰক হিচাপে অংশগ্ৰহণ কৰে স্থানীয় নাট্যকর্মী দীপক শৰ্মাই। বজালী জিলাৰ জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে আনুষ্ঠানিকভাবে প্ৰতিযোগিতাখন উদ্বোধন কৰি কয় যে নাটক অকল বিনোদনৰ মাধ্যমেই নহয়, নাটক কু-সংস্কাৰ অন্ধবিশ্বাসৰ দৰে আধুনিক যুগৰ অভিশাপৰ বোৰৰ বিৰুদ্ধে এক প্ৰতিবাদৰ ভাষা৷ অসমীয়া নাটকৰ ইতিহাস গৌৰৱ উজ্জ্বল বুলি উল্লেখ কৰি ভাগৱতীয়ে নাটক সমাজ বিবৰ্তনৰ অন্যতম মাধ্যম বুলি মন্তব্য কৰে৷ অনুষ্ঠানত নটৰাজৰ মূৰ্তিৰ সম্মুখত বন্তি প্ৰজ্বলন কৰে স্থানীয় নিৰ্মল হালৈ মহাবিদ্যাল়য়ৰ অধ্যক্ষ ড°কৌশিক কুমাৰ ডেকাই, প্ৰয়াত মণ্টু কুমাৰ শৰ্মাৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে স্থানীয় বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কিশোৰ কুমাৰ ৰয়ে, প্ৰয়াত ললিত চন্দ্ৰ শৰ্মাৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে প্ৰয়াত শৰ্মাৰ কনিষ্ঠ পুত্ৰ তথা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অৱসৰী যুটীয়া সঞ্চালক ডাঃ পুলিন চন্দ্ৰ শৰ্মাই আৰু প্ৰতিযোগিতাৰ বিভিন্ন সোঁৱৰণী বঁটা সমূহৰ ব্যক্তিৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে বিভিন্ন সোঁৱৰণী বঁটাৰ দাতাসকলৰ লগতে ক্লাবৰ সভাপতি ৰফিকুল হক, সম্পাদক দ্বীপেন দাস, নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি সতীশ ডেকা আৰু সম্পাদক খগেন ডেকাই৷ ক্লাবৰ শীৰ্ষক সংগীত পৰিৱেশনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে নিতুল শৰ্মা আৰু আমিনুল হকে। প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত তথা নিতুল শৰ্মাই আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হয়। প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটাসহ মানপত্ৰৰ লগতে নগদ ধন প্ৰদান কৰা হয়৷ প্ৰথম শ্ৰেষ্ঠ দলে তুনো আলি সোঁৱৰণী ২৫,০০০ টকা, দ্বিতীয় শ্ৰেষ্ঠ দলে অখিল চন্দ্ৰ গোস্বামী সোঁৱৰণী ২০,০০০টকা, তৃতীয় শ্ৰেষ্ঠ দলে গোপীকান্ত শৰ্মা সোঁৱৰণী ১৫,০০০ টকা, শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলে মঙ্গল চাহ সোঁৱৰণী ৪০০০ টকা, প্ৰথম শ্ৰেষ্ঠ অভিনেতাই অক্ষয় কুমাৰ গোস্বামী সোঁৱৰণী ৪০০০ টকা, দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাই নৰেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী ৩,০০০ টকা, তৃতীয় শ্ৰেষ্ঠ অভিনেতাই সুৰেন্দ্ৰ নাথ দাস সোঁৱৰণী ২,০০০ টকা, প্ৰথম শ্ৰেষ্ঠ অভিনেত্ৰীয়ে গিৰিজা দেৱী সোঁৱৰণী ৪,০০০ টকা, দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীয়ে দীনেশ চক্ৰৱৰ্তী সোঁৱৰণী ৩,০০০ টকা, তৃতীয় শ্ৰেষ্ঠ অভিনেত্ৰীয়ে বাপুৰাম ৰাজবংশী সোঁৱৰণী ২০০০ টকা, শ্ৰেষ্ঠ কৌতুক অভিনেতাই ঊমেশ চন্দ্ৰ গোস্বামী সোঁৱৰণী ৩,০০০ টকা, শ্ৰেষ্ঠ শিশু শিল্পীয়ে মহিধৰ দাস আৰু হৰেশ্বৰী দাস সোঁৱৰণী ৩,০০০ টকা, শ্ৰেষ্ঠ নাট্যকাৰে অন্নদাচৰণ গোস্বামী আৰু গিৰিবালা গোস্বামী সোঁৱৰণী ৩,০০০ টকা আৰু শ্ৰেষ্ঠ পৰিচালকে ৰজনীকান্ত শৰ্মা সোঁৱৰণী ৩,০০০ টকা লাভ কৰে।