...

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ আন এখন দুখৰ ছবি

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ আন এখন দুখৰ ছবি

চিনাকি ঘৰখনত এতিয়া কেৱল নিঃসংগতাই সংগী এনিৰ !

প্ৰাঞ্জল শইকীয়া,দুলীয়াজান:

মানুহৰ জীৱনত কেতিয়াবা এনে কিছুমান ঘটনা সংঘটিত হয়, যাৰ বেদনাই কেৱল মানুহকেই নহয়, অবুজ জীৱ-জন্তুকো নিঃসংগ কৰি তোলে। দুলীয়াজানৰ চন্দ্ৰকান্ত ভূঞা আৰু তেওঁৰ পৰিয়ালৰ তিনিগৰাকী সদস্যক নৃশংসভাৱে হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোকে শোকস্তব্ধ কৰি ৰখাৰ সময়তে পোহৰলৈ আহিছে আন এক হৃদয়বিদাৰক ছবি। সেই ভয়ংকৰ হত্যাকাণ্ডৰ একমাত্ৰ নিৰৱ সাক্ষী হৈ ৰৈছে পৰিয়ালটোৰ মৰমৰ পোহনীয়া কুকুৰ ‘এনি, যি ঘটনাৰ সময়ত পৰিয়ালটোৰ লগতে আছিল। ঘটনাৰ কিছু সময় পূৰ্বলৈকে ঘৰখনত সকলো স্বাভাৱিকেই আছিল। পৰিয়ালৰ মুৰব্বী চন্দ্ৰকান্ত ভূঞাই ঘাতকক ঘৰৰ চোফাত বহুৱাই থৈ অসুস্থ পোহনীয়া কুকুৰ এনিক পশু চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল। নিজৰ পৰিয়ালৰ সদস্যৰ দৰেই মৰম আৰু যত্নৰে প্ৰতিপালন কৰা এনিৰ চিকিৎসাৰ চিন্তাত ব্যস্ত আছিল তেওঁ। কিন্তু কোনে জানিছিল, চিকিৎসকৰ ওচৰৰ পৰা উভতি অহাৰ পাছতেই তেওঁৰ জীৱনলৈ নামি আহিব চৰম বিপৰ্যয়! ঘৰলৈ উভতি অহাৰ কিছু সময়ৰ পাছতে ঘাতকৰ নৃশংসতাৰ বলি হৈ চিৰদিনৰ বাবে হেৰাই গ’ল চন্দ্ৰকান্ত ভূঞা আৰু তেওঁৰ পৰিয়ালৰ তিনিওজন সদস্য। এটা সময়ত যিখন ঘৰ হাঁহি-আনন্দ, মৰম-চেনেহ আৰু আপোনজনৰ উপস্থিতিৰে মুখৰিত হৈ আছিল, সেই ঘৰখনতে এতিয়া বিৰাজ কৰিছে এক গভীৰ নিস্তব্ধতাই। এনিৰ চিনাকি মাত, মৰমৰ স্পৰ্শ আৰু আপোন মানুহকেইজনৰ উপস্থিতি যেন হঠাৎ নোহোৱা হৈ পৰিল। ঘৰখনৰ আটাইতকৈ আপোন মানুহকেইজনক হেৰুৱাই এতিয়া সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিছে অবুজ প্ৰাণীটো। আটাইতকৈ কৰুণ দৃশ্যটো হ’ল, এনি এতিয়াও যাব পৰা নাই তাৰ চিনাকি ঘৰখনৰ ভিতৰলৈ। বাৰে বাৰে ঘৰখনৰ ওপৰৰ মহলালৈ উঠি যাবলৈ চেষ্টা কৰে যদিও কোনো এক অজান আশংকা অথবা পৰিৱেশৰ পৰিৱৰ্তনে যেন তাক আধাবাটতে ৰখাই দিয়ে। যিখন ঘৰত এসময়ত তাৰ মৰমৰ মানুহকেইজনৰ মাত শুনিবলৈ পাইছিল, য’ত সিহঁতৰ সৈতে প্ৰতিটো মুহূৰ্ত পাৰ কৰিছিল, সেই একেখন ঘৰতে এতিয়া সি বিচাৰি ফুৰিছে চিনাকি মুখ আৰু মৰমৰ পৰশ। হত্যাকাণ্ডৰ সময়ত ঘাতকজন ঘৰখনৰ চিনাকি আৰু আপোন মানুহ আছিল বাবেই হয়তো স্বাভাৱিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল বুলি ধাৰণা কৰিব পাৰি। অৱশ্যে এনিৰ সেই নীৰৱতাৰ আঁৰত কি অনুভৱ বা পৰিস্থিতি আছিল, সেয়া অবুজ প্ৰাণীটোৰ বাহিৰে কোনেও নাজানে। মানুহৰ ভাষাৰে নিজৰ বেদনা প্ৰকাশ কৰিব নোৱাৰিলেও এনিৰ নিঃসংগ উপস্থিতিয়ে যেন বহন কৰিছে এক ভয়াৱহ ট্ৰেজেডীৰ নীৰৱ কাহিনী। যিখন ঘৰ এসময়ত তাৰ বাবে আছিল নিৰাপত্তা, মৰম আৰু আশ্ৰয়ৰ ঠিকনা, সেই ঘৰখনেই আজি হৈ পৰিছে আপোনজনক হেৰুওৱাৰ বেদনাৰে ভৰা এক নিস্তব্ধ পৰিৱেশ।
চন্দ্ৰকান্ত ভূঞা আৰু তেওঁৰ পৰিয়ালৰ হত্যাকাণ্ডই কেৱল তিনিটা জীৱনেই কাঢ়ি নিলে এনে নহয়, ঘৰখনৰ সৈতে আত্মিক সম্পৰ্ক গঢ়ি তোলা এটা অবুজ জীৱৰ পৰিচিত পৃথিৱীখনো থানবান কৰি পেলালে। আপোনজনৰ উভতি অহাৰ অপেক্ষাত থকা এনিৰ নীৰৱ উপস্থিতিয়ে আজি যেন সকলোকে এটা কথাই সোঁৱৰাই দিছে—মৰমৰ সম্পৰ্ক কেৱল মানুহৰ মাজতেই সীমাবদ্ধ নহয়; অবুজ জীৱ-জন্তুৰো থাকে গভীৰ আত্মীয়তা আৰু আপোনজনৰ প্ৰতি অকৃত্ৰিম টান।

Leave a Reply

Your email address will not be published. Required fields are marked *