...

ডিব্ৰুগড় জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত অদ্ভুত ঘটনা

ডিব্ৰুগড় জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত অদ্ভুত ঘটনা

নিশা কাৰ্যালয়ৰ তলা ভাঙি সাৰ-বীজসহ সামগ্ৰী লৈ গল ঠিকাদাৰে!

চাইন অন ডেস্ক,২০ নৱেম্বৰঃ

কৃষকৰ স্বাৰ্থত কাম কৰিবলগীয়া ডিব্ৰুগড় জিলা কৃষি বিষয়াৰ কাৰ্যালয়ক কেন্দ্ৰ কৰি এইবাৰ উত্থাপন হৈছে এক চাঞ্চল্যকৰ অভিযোগ। চৰকাৰী কাৰ্যালয়ৰ চৌহদৰ তলা ভাঙি কৃষকৰ বাবে মজুত কৰি ৰখা ৰাসায়নিক সাৰকে ধৰি বিভিন্ন সামগ্ৰী অনুমতি অবিহনে লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে নিৰ্মাণকাৰ্যৰ দায়িত্বত থকা ঠিকাদাৰ চাৰেঙীয়াৰ বিৰুদ্ধে। যোৱা ১২ নৱেম্বৰৰ নিশা সংঘটিত এই ঘটনাই বিভাগটোৰ ভিতৰচ’ৰাত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ঘটনা সন্দৰ্ভত ডিব্ৰুগড় জিলা কৃষি বিষয়া অনুপ কুমাৰ পেগুৱে প্ৰকাশ কৰা মতে, কাৰ্যালয়ৰ চৌহদত এটা গুদাম তথা গৃহ নিৰ্মাণৰ বাবে চৰকাৰী অনুমোদন লাভ কৰিছিল আৰু সেই অনুসৰি বিভাগীয় অভিযন্তাক নিৰ্মাণস্থলীও দেখুৱাই দিয়া হৈছিল। কিন্তু কৃষি বিষয়াগৰাকীৰ অভিযোগ অনুসৰি, যোৱা ১২ নৱেম্বৰৰ নিশা নিৰ্মাণকাৰ্যৰ ঠিকাদাৰ বিশ্বজিৎ চাৰেঙীয়াই কাৰ্যালয়ৰ তলা ভাঙি ভিতৰত থকা বিভিন্ন সামগ্ৰী কাৰ্যালয়ৰ অনুমতি অবিহনে লৈ যায়। ইয়াৰ ভিতৰত ৰাসায়নিক সাৰ, ম্যাদ উকলি যোৱা আৰু ম্যাদ থকা সাৰকে ধৰি বিভিন্ন সামগ্ৰী আছিল বুলি জানিবলৈ দিয়ে জিলা কৃষি বিষয়াগৰাকীয়ে। পিছদিনা পুৱা কাৰ্যালয়ত উপস্থিত হৈ সামগ্ৰীসমূহ নেদেখি বিষয়াসকলে অনুসন্ধান কৰাত ঠিকাদাৰ বিশ্বজিৎ চাৰেঙীয়া জৰিত থকা বুলি বিষয়াগৰাকীয়ে সদৰী কৰে। ঘটনা সন্দৰ্ভত তেওঁলোকে লগে লগে আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে ডিচিপি আৰু বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষকো অৱগত কৰা বুলি জানিবলৈ দিয়ে। ইফালে, এই ঘটনাক কেন্দ্ৰ কৰি অসম জাতীয়তাবাদী যুৱ পৰিষদে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সংগঠনটোৰ অভিযোগ অনুসৰি, কৃষকসকলৰ বাবে আবণ্টিত অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় জিলা কৃষি বিষয়াৰ কাৰ্যালয় বিফল হৈছে। জিলা কৃষি বিষয়া অনুপ কুমাৰ পেগুৱে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা কাৰ্যালয়টোত বিভিন্ন অনিয়ম আৰু কু-কৰ্ম সংঘটিত হোৱাৰ অভিযোগো উত্থাপন কৰিছে সংগঠনটোৱে। আনহাতে, কাৰ্যালয়ৰ পৰা লৈ যোৱা সামগ্ৰীসমূহৰ ভিতৰত ম্যাদ উকলি যোৱা সাৰো থকাৰ অভিযোগ উত্থাপন কৰি এনে সামগ্ৰী জনবসতিপূৰ্ণ অঞ্চললৈ কঢ়িয়াই নিয়াৰ ফলত মানুহৰ লগতে জীৱ-জন্তুৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰিছে সংগঠনটোৱে। এই সন্দৰ্ভত প্ৰশাসনৰ ওচৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ পিছতো এতিয়ালৈকে দৃশ্যমান পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে। ১২ নৱেম্বৰত সংঘটিত ঘটনাৰ পিছতো ১৮ নৱেম্বৰলৈকে অভিযুক্ত ঠিকাদাৰ বিশ্বজিৎ চাংমাইৰ বিৰুদ্ধে বিভাগীয় তদন্ত অথবা কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাক লৈও প্ৰশ্ন উত্থাপন কৰিছে সংগঠনটোৱে। সমগ্ৰ ঘটনাৰ এক ক্ষিপ্ৰ আৰু নিৰপেক্ষ তদন্তৰ লগতে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদে অন্যথা সংগঠনটোৰ লগতে বিভিন্ন জাতীয় দল-সংগঠনে আন্দোলনমূলক কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিছে। এতিয়া প্ৰশ্ন হৈছে, কৃষকৰ বাবে মজুত কৰি ৰখা চৰকাৰী সামগ্ৰী কাৰ অনুমতিত কাৰ্যালয়ৰ পৰা উলিয়াই নিয়া হ’ল আৰু এই ঘটনাৰ আঁৰত প্ৰকৃততে কোন জড়িত? আৰক্ষী তথা কৃষি বিভাগৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত সত্য।

Leave a Reply

Your email address will not be published. Required fields are marked *