ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত ১৭-১৮ নৱেম্বৰত ‘ৱান আৰ্থ ৱান ফিউচাৰ, পাথৱেইঝ টু চাষ্টেইনেবিলিটি’ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সফলতাৰে সম্পন্ন হয়৷ এই আলোচনা চক্ৰৰ লগতে জিঅ’লিনো-ভূগোল সজাগতা সপ্তাহ আৰু বিশ্ব জি আই এছ দিৱসো পালন কৰা হয়৷ আলোচনা চক্ৰৰ মূল বিষয় আছিল উত্তৰ-পূব ভাৰতৰ বিশেষ প্ৰসংগত বহনক্ষমতা৷ ড॰ কৃষ্ণামণি শইকীয়াই আঁতধৰা অনুষ্ঠানটিত উদ্বোধনী ভাষণ প্ৰদান কৰে ডিব্ৰুগড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা বৰষা মেচে৷ শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ অধ্যাপক তাপস কুমাৰ গোস্বামী আৰু ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক পংকজ দাসে৷ মুখ্য বক্তা হিচাপে উপস্থিত থাকে ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ অধ্যাপক দেবেন্দ্ৰ কুমাৰ নায়কে৷ আদৰণি ভাষণ প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ সহকাৰী অধ্যাপিকা ড॰ শুক্লা আচাৰ্যই৷ দুদিনীয়া কাৰ্যসূচীত মুঠ ৫ টা বিষয়ভিত্তিক অধিবেশন অনুষ্ঠিত হয়, য’ত ৫৬ খন গৱেষণা পত্ৰ উপস্থাপন কৰা হয়৷ অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাবিদ আৰু গৱেষকৰ উপস্থিতিয়ে অনুষ্ঠানটি অত্যন্ত সমৃদ্ধিশালী কৰে৷ সামৰণি অনুষ্ঠানত উপস্থিত থাকে ভূতত্ত্ব বিভাগৰ অধ্যাপক তাপস কুমাৰ গোস্বামী আৰু মুখ্য বক্তা হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক কল্যাণ দাস৷ ভূগোল বিভাগৰ অধ্যাপক ড॰ চন্দ্ৰ কুমাৰ দত্ত, দিৰাম বৰি, অৰ্পণা সন্দিকৈৰ সহযোগিতাত সম্পন্ন হোৱা আলোচনা চক্ৰৰ শলাগ জ্ঞাপন কৰে সহকাৰী অধ্যাপিকা ড॰ প্ৰীতিবৰ্ষা বৰাই৷
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.