...

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত ডায়েলেচিছ ৰোগীৰ বাবে সুখবৰ

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত ডায়েলেচিছ ৰোগীৰ বাবে সুখবৰ

৮ টা অতিৰিক্ত নতুন সংযুক্ত মেচিনৰ শুভউদ্বোধন অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিৰ

চাইন অন ডেস্ক,১৯নবেম্বৰ:

অসম চিকিৎসা মহাবিদ্যালয়ত বুধবাৰে অত্যাধুনিক আৰু ৮ টা নতুন ডায়েলেচিছ মেচিন স্থাপন কৰি শুভ উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে।অসম চিকিৎসা মহাবিদ্যালয়ত পূৰ্বতে ১৪ টা অত্যাধুনিক ডায়েলেছিছ মেচিন আছিল যদিও ৰোগী অনুপাতে সেয়া যথেষ্ট নাছিল। সেয়েহে আৰু নতুনকৈ ৮ টা অত্যাধুনিক ডায়েলেচিছ মেচিন স্থাপনৰ পাছত বৰ্তমানে এই মেচিনৰ সংখা ২২ টা লৈ বৃদ্ধি হল। এই উদ্দেশ্যে চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ মেডিচিন বিভাগত থকা অতিৰিক্ত আই.চি.ইউনিতত উন্নত মানৰ মেচিনেৰে সজ্জিত ১০খন বিছনাযুক্ত ডায়েলাইছিছ ইউনিটৰ শুভ উদ্বোধন কৰে। উদ্বোধনৰ পিছত অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই এই সম্পৰ্কে কয় যে আগতে মাত্ৰ ১৪ টা ডায়েলেছিছ মেচিনেৰে দৈনিক বহু সংখ্যক ৰোগীক সেৱা কৰা সম্ভৱপৰ নাছিল। এতিয়া অতিৰিক্ত ভাৱে আৰু ৮ টা মেচিন স্থাপন কৰাত দৈনিক কমেও ৫০ জন ৰোগীয়ে এই সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ বাবে মহাবিদ্যালয়ৰ ফালৰ পৰা অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। প্ৰাপ্ত তথ্যমতে শেষতীয়াকৈ আৰু ২ টা অত্যাধুনিক ডায়েলেচিছ মেচিন অতি সোনকালে স্থাপন কৰা হব।
এই উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল মেডিচিন বিভাগৰ মূৰব্বী অধ্যাপক প্ৰশান্ত দিহিঙীয়া, অধ্যাপক ডা: এ. কে. দাস, ডাঃ অজিত পেগু, ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱা, ডাঃ প্ৰাঞ্জল দত্ত, ডাঃ সঞ্জীৱ বৰফুকন, ডাঃ ৰেবেকা মাৰাক আৰু ডাঃ তাপস ৰয়ৰ লগতে হাস্পতালখনৰ নাৰ্ছিং কৰ্মচাৰী আৰু কাৰিকৰীদলসহ বহু কেইগৰাকী চিকিৎসক, কৰ্মচাৰী উপস্থিত থাকে। উল্লেখযোগ্য যে ৰোগীসকলৰ বাবে সম্পূৰ্ণ বিনামূল্যে উন্নত মানৰ ডায়েলাইছিছ সেৱা আগবঢ়োৱা হব বুলিও অধীক্ষক গৰাকীয়ে কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *