...

অবৈধ বালি খননৰ ফলত নিঃশেষ হোৱাৰ পথত লৰুৱা মৌজাৰ দিহিং থান গাঁও

অবৈধ বালি খননৰ ফলত নিঃশেষ হোৱাৰ পথত লৰুৱা মৌজাৰ দিহিং থান গাঁও

ভু-মাফিয়া কবলত নিঃশেষ হোৱা দিশে এটি অঞ্চল

চাইন অন ডেস্ক,১৭নবেম্বৰ:

ডিব্ৰুগড় জিলাৰ খোৱাঙ সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড়ৰ পশ্চিম ৰাজহচক্ৰৰ লৰুৱা মৌজাৰ অন্তৰ্গত বুঢ়ীদিহিঙ নদীৰ কাষৰীয়া দিহি থান গাঁও খন অবৈধ বালি খননে খহাই নিলে ৫০ কোটি টকীয়া জলসম্পদ বিভাগৰ দিহিং নদীৰ খহনীয়া প্ৰতিৰোধী বান্ধ।উল্লেখযোগ্য যে অবৈধ বালি খনন ফলতে ভাবুকি নামি আহিছে দিহিং থান গাঁৱৰ জনজীৱনলৈ ।আনকি অবৈধ ভাৱে বুঢ়ীদিহিঙ নদীৰ পৰা বালি খননৰ ফলত ওপৰত নিৰ্মীয়মান দলংৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছে বুলিও স্থানীয় ৰাইজে গুৰুত্বতৰ অভিযোগ উত্থাপন কৰিছে।স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি দিনে নিশাই নদীত চলিছে বালি খনন বালি খনন কৰি অহাৰ ফলত লৰুৱা মৌজাৰ দিহিংথান গাঁও, ইটাখুলি আদি গাৱঁৰ উপৰিও বুঢ়ীদিহিঙ নদীৰ ওপৰত নিৰ্মীয়মান দলঙ খনৰ নিৰ্মাণ কাৰ্য্যত বাধাগ্রস্ত হোৱাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।ইতিমধ্যে অবৈধ বালি খনৰৰবিৰুদ্ধে বাতৰি সম্প্ৰচাৰৰ পাছতে বছৰ বছৰ ধৰি ডিব্ৰুগড় কলাখোৱা ইটাখুলি চলি থকা দিহিং নদীৰ অবৈধ বালি খনন সম্পূৰ্ণ ৰূপে বন বিভাগেবন্ধ কৰিছিল যদিও বৰ্তমান অবৈধ ভাৱে নদীৰ বুকুৰ পৰা মেছিন লগাই বালি খনন কাৰ্য্যত স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু উক্ত অবৈধ বালি খনন কাৰ্য্য বন্ধ কৰাৰ সন্দৰ্ভত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ ডিব্ৰুগড় জিলাৰ আয়ুক্তক দাবী জনাইছে।বালি মাফিয়াই বিগত ৫০ বছৰৰো অধিক কাল ইটাখুলিৰ দিহিং নদীত দিনে নিশাই ল খনন কৰি অবৈধ ভাবে চলাই আহিছে বুলিও ৰাইজে প্ৰকাশ কৰিছে.।এনেকৈ অবৈধ আৰু বে আইনী ভাৱে বালি খনাৰ পৰিণতিৰ ফলত লৰুৱা মৌজাৰ বৃহৎ কলাখোৱা ইটাখুলি, শিঙৰী, দিহিং থান গাওঁৰ অবৈধ খননৰ ফলতেই নিমিষতে ঘৰ ভেঁটি নদীৰ খহনীয়াত জাহ যোৱাৰ দৰে অবাঞ্চিত পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে বুলি বৃহত্তৰ অঞ্চলৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। পুনৰ এই স্থানত এতিয়া সক্ৰিয় হৈছে বালি মাফিয়া।এইবাৰ জে চি বি, এছকেভেটৰ নহয় এইবাৰ নদীত বৃহৎ মেচিন লগাই নদীৰ বুকুৰ পৰা দিনে নিশাই খনন বালি কৰি বন বিভাগক পুনৰ মেনেজ কৰি ৰাতি ৰাতি ট্ৰাকে ট্ৰাকে সৰবৰাহ হয় বালি।
কোনো অনুজ্ঞা নোহোৱাকৈ, নিবিদা নথকাকৈ নিৰ্মীয়মান দলংৰ কাষত এইদৰে চলিছে বৃহৎ খনন চলিছে স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।অবৈধ বালি খননৰ প্ৰকোপত ইতিমধ্য খহিব ধৰিছে নদী খহনীয়া ৰোধৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।
কাৰ আশীৰ্বাদপুষ্ট হৈ কৰিছে বালি মাফিয়াই অবৈধ খনন কৰা এফালে নিৰ্মীয়মান অৱস্থাত থকা দলং আৰু বুঢ়ীদিহিঙ নদীৰ খহনীয়া প্ৰতিৰোধী বান্ধৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে সিয়ো বিচাৰ্য বিষয় হিচাপে চৰ্চিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *