সৰাপাতৰ খবৰ বিলাবলৈ আৰু উভতি নাহে গায়িকা গায়ত্ৰী হাজৰিকা
আজি দিনৰ ২.২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে
দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ আছিল সুকণ্ঠী গায়িকাগৰাকী
গায়ত্রী হাজৰিকাৰ অকাল মৃত্যুত অসমীয়া সংগীত জগতত পৰিছে শোকৰ ছাঁ
চাইন অন ডেস্কঃ
সৰাপাতৰ খবৰ বিলাবলৈ তেওঁ আৰু উভতি নাহে। ‘মিঠা আৱেশেৰে’ সুৰৰ পৃথিৱীত ‘সোণৱালী সপোন’ সিঁচা জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ দেহাৱসান। অজস্ৰ অনুৰাগী আৰু গুণমুগ্ধক কন্দুৱাই শুকুৰবাৰে দিনৰ ২.২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ আছিল সুকণ্ঠী গায়িকাগৰাকী।
শৈশৱেত তেজপুৰৰ এচ. মজুমদাৰৰ ওচৰত সংগীতৰ শিক্ষা লাভ কৰিছিল গায়ত্ৰীয়ে। পৰৱৰ্তী সময়ত গুৱাহাটীৰ দ্বিজেন দাসৰ পৰা লৈছিল শাস্ত্ৰীয় সংগীতৰ শিক্ষা। মেট্ৰিক পৰীক্ষাত তেখেতে সংগীত বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্ছ নম্বৰ পাইছিল। কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰপৰা শাস্ত্ৰীয় সংগীতত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ পাছতে ভাতখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা তেওঁ লাভ কৰিছিল‘এম. মিউজ’ ডিগ্ৰী ।
পৰৱৰ্তী সময়ত অসমীয়া সংগীত জগতৰ সৈতে জড়িত হৈ পৰিছিল গায়ত্ৰী হাজৰিকা। উল্লেখযোগ্য যে, কেইবাখনো বোলছবি, এলবামত কণ্ঠদান কৰা গায়ত্ৰী হাজৰিকাই ১৯৯২ চনতেই আকাশবাণী গুৱাহাটী আৰু গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰত শিশু শিল্পী হিচাপে গীত পৰিৱেশন কৰিছিল। ২০২১ চনত ৰত্নাকৰ বোলছবিৰ ‘ৰাতি ৰাতি’ শীৰ্ষক গীতটোৰ বাবে তেখেতে শ্ৰেষ্ঠ কণ্ঠশিল্পী (মহিলা শাখা)ৰ ‘প্ৰাগ্ চিনে এৱাৰ্ড’ লাভ কৰিছিল। আনহাতে ২০১৯ চনত তেওঁ কণ্ঠ দিয়া ‘ক্ৰোধ’ বোলছবিৰ সংগীতৰ বাবে বাবে ‘গপচপ মিউজিকেল এৱাৰ্ড’লাভ কৰিছিল শিল্পীগৰাকীয়ে। অসমীয়া চিৰিয়েল বৈদেহী, ৰ’দালী, দামিনী, মমতা, পৰিণীতা, আলপনা আদিৰ শীৰ্ষ গীতত তেখেতে কণ্ঠ নিগৰাইছিল।
‘ইমান সেমেকা’, ‘জোনাক নাছিল বনত’, ‘তুমি অহাৰ বাতৰি পালে’, ‘তোমালৈ মোৰ মৰম’ আদি গীতৰ জৰিয়তে শ্ৰোতাৰ হৃদয়ত স্থান দখল কৰিছিল সুকণ্ঠী গায়িকাগৰাকীয়ে। ‘মিঠা আৱেশেৰে’ (২০১৪), ‘সুৰৰ আৱেশেৰে’ (২০১৭) এলবাম দুটাইও লাভ কৰিছিল দৰ্শকৰ সমাদৰ। ‘সৰা পাতে পাতে ফাগুন নামে’ গীতটিৰ বাবে শ্ৰোতাৰ হৃদয়ত লাভ কৰিছিল সুকীয়া স্থান।
১৯৮০ চনত জন্মলাভ কৰা গায়ত্ৰী হাজৰিকাই মাত্ৰ ৪৫ বছৰ বয়সতে ইহ সংসাৰ ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ এৰি থৈ যায় স্বামী আৰু দুই পুত্ৰক। গায়ত্রী হাজৰিকাৰ অকাল মৃত্যুত অসমীয়া সংগীত জগতত পৰিছে শোকৰ ছাঁ।