...

দোতমা আই চি ডি এছ প্ৰকল্পৰ উদ্যোগ

দোতমা আই চি ডি এছ প্ৰকল্পৰ উদ্যোগ

দক্ষিণ আফ্লাগাঁৱত উলহ-মালহেৰে পালন শিশু দিৱস

দোতমা,১৪ নৱেম্বৰ:

আজীৱন শিশুৰ মৰমীয়াল তথা দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মজয়ন্তী তথা ৰাষ্ট্ৰীয় শিশু দিৱসৰ দিনটোত দোতমা আই চি ডি এছ প্ৰকল্প (Dotma ICDS Project)-ৰ উদ্যোগত দক্ষিণ আফ্লাগাঁৱত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয়।
আজি পুৱাৰ পৰাই স্থানীয় শিশুসকলৰ উৎসাহজনক অংশগ্ৰহণেৰে অনুষ্ঠানটিৰ কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হয়। অনুষ্ঠানত শিশুসকলৰ বিকাশ, স্বাস্থ্য, পুষ্টি আৰু শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন সজাগতামূলক তথা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আই চি ডি এছ প্ৰকল্পৰ এই প্ৰয়াসে স্থানীয় অঞ্চলৰ শিশু আৰু মাতৃসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে। আজিৰ অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ৰাতিপূৱা পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভউদ্বোধন কৰে বনৰগাওঁ সমষ্টিৰ পাৰিষদ যুবিৰাজ বসুমাতাৰী য়ে । ইয়াৰ পিছত পণ্ডিত জবাহৰ লাল নেহেৰুৰ প্ৰতিছৱিত পুষ্পাঞ্জলি দিয়াৰ লগতে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে খেলধেমালিৰ অনুষ্ঠান অনুষ্ঠিত কৰে । উক্ত অনুষ্ঠানত দোতমা আইছি ডিএছ প্ৰকল্পৰ বিষয়া ছবিতা ব্ৰহ্ম , জয়মল ব্ৰহ্ম , আদিত্য নাৰ্জাৰী আদি উপস্থিত থাকে । অনুষ্ঠানৰ শেষত বিভিন্ন খেলত স্থান পোৱা শিশু সকলোৰ লগতে অংগনাবাদী কৰ্মী আৰু সহায়ীকা সকলোক পুৰস্কাৰেৰ পুৰস্কৃত কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *