...

সপ্তম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱত গ্ৰন্থপ্ৰেমীৰ উৎসাহজনক সঁহাৰি

সপ্তম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱত গ্ৰন্থপ্ৰেমীৰ উৎসাহজনক সঁহাৰি

পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছে সাংবাদিক ৰাতুল বুঢ়াগোহাঁইৰ নতুন উপন্যাস ‘কংক্ৰিট’এ

*ডিব্ৰুগড়:*

গ্ৰন্থৰ সুবাসে মুখৰিত হৈ পৰিছে ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰ। খোজ অসমৰ উদ্যোগত অনুষ্ঠিত হৈ থকা সপ্তম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱত প্ৰতিদিনে বৃদ্ধি পাইছে গ্ৰন্থপ্ৰেমীৰ সমাগম। বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠানৰ ন-পুৰণি গ্ৰন্থৰ বিশাল সম্ভাৰৰ মাজত শিশু-কিশোৰৰ পৰা আৰম্ভ কৰি সকলো বয়সৰ পাঠকৰ উপস্থিতিয়ে গ্ৰন্থ মহোৎসৱথলীত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

ইফালে, এইবাৰৰ গ্ৰন্থ মহোৎসৱত পাঠকৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সাংবাদিক তথা লেখক ৰাতুল বুঢ়াগোহাঁইৰ নতুন উপন্যাস *‘কংক্ৰিট’*। উপন্যাসখন সংগ্ৰহ কৰিবলৈ পাঠকৰ মাজত বিশেষ আগ্ৰহ পৰিলক্ষিত হোৱাৰ লগতে বিভিন্ন বিপনীত গ্ৰন্থখনৰ সন্ধান কৰিছে পাঠকে।

অসমৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান *বনলতা* আৰু *কৌস্তুভ প্ৰকাশন*ৰ বিপনীত উপলব্ধ উপন্যাসখন বিচাৰি বহু পাঠকে যোগাযোগ কৰাও পৰিলক্ষিত হৈছে। সাংবাদিকতাৰ অভিজ্ঞতা আৰু সমাজৰ বিভিন্ন বাস্তৱ ছবিৰ আধাৰত ৰচিত ‘কংক্ৰিট’ৰ প্ৰতি পাঠকৰ এনে আগ্ৰহে উৎসাহিত কৰিছে লেখক ৰাতুল বুঢ়াগোহাঁইকো।

উল্লেখযোগ্য যে, সপ্তম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱত বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠানৰ বিপনীত নতুন আৰু পুৰণি গ্ৰন্থৰ এক বিশাল সম্ভাৰ উপলব্ধ হৈছে। গ্ৰন্থপ্ৰেমীসকলৰ ব্যাপক সমাগমে মহোৎসৱখনক অধিক প্ৰাণৱন্ত কৰি তুলিছে।

ডিজিটেল মাধ্যমৰ ব্যাপক প্ৰসাৰৰ মাজতো কিতাপৰ প্ৰতি মানুহৰ আকৰ্ষণ যে আজিও অটুট আছে, ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱত পৰিলক্ষিত হোৱা গ্ৰন্থপ্ৰেমীৰ এনে উৎসাহজনক সঁহাৰিয়ে সেই আশাব্যঞ্জক ছবিকেই প্ৰতিফলিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *