৫০ বছৰীয়া হ’ল ঢকুৱাখনাৰ সাপতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়
আৰম্ভ হ’ল সোণালী জয়ন্তী মহোৎসৱ
ঢকুৱাখনা,১৩ নৱেম্বৰ:
ঢকুৱাখনা সমজিলাৰ সাপতীয়া অঞ্চলৰ উচ্চতৰ মাধ্যমিক শিক্ষাৰ অন্যতম বাটকটীয়া শিক্ষানুষ্ঠান সাপতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে জ্ঞানৰ গৰিমা বিলাই গৌৰৱোজ্জ্বল ৫০ বছৰ অতিক্ৰম কৰিলে। ১৯৭৬ চনতে শিক্ষানুৰাগী বিদ্বৎ সমাজৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠা শিক্ষানুষ্ঠানখনৰ আজিৰে পৰা
তিনিদিনীয়া বৰ্ণিল কাৰ্যক্ৰমনিকাৰে অনুষ্ঠিত হৈছে সোনালী জয়ন্তী মহোৎসৱ। কাৰ্য্যসূচী অনুসৰি শুকুৰবাৰে পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক লোকেন্দ্ৰ নাথ গগৈয়ে।ইয়াৰ পিছতে
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল, কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত শিক্ষক-কর্মচাৰী, স্থানীয় ৰাইজৰ উপস্থিতিত এক উখল-মাখল পৰিৱেশত সোণালী জয়ন্তীৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক নৱ কুমাৰ দলেয়ে। অনুষ্ঠানত উপস্থিত হৈ বিধায়ক নৱ কুমাৰ দলেয়ে অঞ্চলটিৰ শিক্ষাৰ ক্ষেত্ৰলৈ বিদ্যালয়খনে আগবঢ়োৱা সুদীর্ঘ ৫০ বছৰীয়া সেৱাৰ বাবে সমূহ বিদ্যালয় পৰিয়ালবৰ্গলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ আগন্তুক দিনতো বিদ্যালয়খনে এইদৰেই অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰলৈ সেৱা আগবঢ়াই থাকিব বুলিও তেওঁ মন্তব্য কৰি ছাত্ৰ-ছাত্ৰী সকলক আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ লগতে বিভিন্ন ক্ষেত্ৰত কেনেকৈ একো একোজন ছাত্ৰ-ছাত্ৰী নিজকে সৱলভাবে প্ৰতিষ্ঠা কৰিব পাৰি তাৰ দিহা পৰামৰ্শ আগবঢ়ায়।পৰৱৰ্তী সময়ত ,মুখ্য তোৰণ উন্মোচন,স্মৃতি তৰ্পণ,
গ্ৰন্থ আৰু বাণিজ্য মেলাৰ দ্বাৰ উদ্ঘাটনৰ পিছতেই অনুষ্ঠিত হয় ভাৰতৰন্ত ড° ভূপেন হাজৰিকা আৰু অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।।দুপৰীয়া মঞ্চ উদ্ধোধনৰ পিছতেই আৰম্ভ হয় “স্মাৰ্ট ফোন, সামাজিক মাধ্যম আৰু
ছাত্ৰ ছাত্ৰী , শিক্ষা আৰু ডিজিটেল ব্যৱহাৰৰ মাজত ভাৰসাম্য”শীর্ষক আলোচনা চক্ৰ ।বিশিষ্ট শিক্ষাবিদ ড°বসন্ত গগৈৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনাচক্ৰখনিত আলোচক হিচাপে জোনাই সমজিলাৰ কাৰ্যবাহী দণ্ডাধীশ শোণিত কুমাৰ গগৈ আৰু হাৰ্হি মহাবিদ্যালয়ৰ অধ্যাপক জিতু কুমাৰ চমুৱাই আলোচনাত অংশগ্ৰহণ কৰে।বৃহত্তৰ অঞ্চলটোৰ ভিতৰত উচ্চ শিক্ষানুষ্ঠানটিৰ এই সোণালী জয়ন্তী উৎসৱৰ উপলক্ষত
শিক্ষানুষ্ঠানৰ সন্মুখত আটকধুনীয়া সোণালী জয়ন্তী স্মাৰক তোৰণ, বিদ্যালয়ৰ ভৱন আৰু শ্ৰেণীকোঠাসমূহ, মূল মণ্ডপ, প্ৰদৰ্শনীগৃহ, পতকা উত্তোলনৰ স্থলী আদিৰ পৰা চেল্ফি পইণ্টলৈকে আটকধুনীয়াকৈ সজাই-পৰাই তোলাৰ লগতে আমন্ত্ৰিত অতিথি-আলহী সকলো মিলি এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে।