অৱসৰী ডিটিঅ’-লেখক সদানন্দ গগৈৰ দুখন গ্ৰন্থ উন্মোচন
‘একাঁজলি গীতৰ শৰাই’ আৰু ‘দুকুৰিমান লেছেৰি বোটলা’
চাইন অন ডেস্ক,১২নৱেম্বৰঃ
বিশিষ্ট লেখক, ডিব্ৰুগড় জিলাৰ অৱসৰী পৰিৱহণ বিষয়া তথা সংগীত শিল্পী সদানন্দ গগৈৰ দুখনি গ্ৰন্থ আজি ডিব্ৰুগড়ত উন্মোচন কৰা হয়৷ শেহতীয়া এই গ্ৰন্থ দুখনি হৈছে ‘একাঁজলি গীতৰ শৰাই’ আৰু ‘দুকুৰিমান লেছেৰি বোটলা’৷ এই উপলক্ষে মহানগৰখনৰ জ্যোতিনগৰস্থিত বাগড়োদিয়া নিৱাসত আয়োজিত এক অনুষ্টুপীয়া আৰু গাম্ভীৰ্যপূৰ্ণ উন্মোচনী অনুষ্ঠানত ‘একাঁজলি গীতৰ শৰাই’ নামৰ গ্ৰন্থখনি উন্মোচন কৰি ডিব্ৰুগড়ৰ বিশিষ্ট অনাঁতাৰ শিল্পী তথা লেখিকা ড॰ অদিতি বৰুৱাই ভাষণ প্ৰসংগত কয় যে গ্ৰন্থখনিৰ জৰিয়তে সদানন্দ গগৈক এগৰাকী গীতিকাৰ আৰু সুৰকাৰ
হিচাপে পাঠকে নতুনকৈ আৱিষ্কাৰ কৰিব৷ ইতিপূৰ্বে হিটলিষ্ট নামৰ বোলছবিৰ লগতে ‘শ্যামলীমা’, ‘সমলয়’ কেছেটৰ লগতে ব্যক্তিগতভাৱে বিশিষ্ট কন্ঠশিল্পী জিতুল সোণোৱাল, মনোৰঞ্জন গগৈ, সদানন্দ গগৈ আদিৰ জৰিয়তে পৰিৱেশিত গীতসমূহৰ একত্ৰ সংকলনটিৰ জৰিয়তে গগৈয়ে নিজকে এগৰাকী গীতিকাৰ আৰু সুৰকাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে৷ আনহাতে ‘দুকুৰিমান লোছেৰী বোটলা’ নামৰ গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট অনুবাদ সাহিত্যিক, লেখক সাহিত্যিক পেঞ্চনাৰ দেৱীপ্ৰসাদ বাগড়োদিয়াই৷ উন্মোচনী ভাষণত বাগড়োদিয়াই কয় যে গ্ৰন্থখনিত লেখকে জীৱনৰ ভিন্ন সময়ত ঘটা সৰু সৰু অথচ সঁচা ঘটনাৰ আলমত লিখা কাহিনী সন্নিৱিষ্ট কৰিছে৷ এই গ্ৰন্থখন পঢ়িলেই নিজৰ জীৱনত ঘটা কিছু ঘটনাৰ মিল সকলোৱে দেখা পাব৷ সেয়ে এই গ্ৰন্থখনি পাঠকে পঢ়ি ভাল পোৱাৰ লগতে আদৰি ল’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ অৰ্ধ শতাধিক লোক উপস্থিত থকা আৰু জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাই আঁতধৰা উক্ত অনুষ্ঠানত নিজৰ অনুভৱ ব্যক্ত কৰি লেখক সদানন্দ গগৈয়ে কয় যে নিজৰ কৰ্মব্যস্ততাৰ পিছতো সাহিত্য আৰু সংগীতৰ মাজত মাজত আপোন হ’বৰ বাবে চেষ্টা কৰি আহিছো৷ এসময়ত ‘হিট লিষ্ট’, সংঘাটকে ধৰি কেইবাখনো বোলছবিৰ স’তে সংগীতৰ পৰিচালক আৰু সহপৰিচালকৰ দৰে দায়িত্বত থাকি কাম কৰিছিলো যদিও সম্প্ৰতি অসমীয়া বোলছবি জগতত বেয়াদিন অহাৰ বাবে সেই কামত ব্যাঘাট জন্মিছে৷ আনহাতে লেছেৰি বোটলা গ্ৰন্থখনিত নিজৰ জীৱনৰ ৪২ টা সৰু অথচ সঁচা কাহিনী সন্নিৱিষ্ট হৈছে য’ত সাহিত্যহে আছে অতিৰঞ্জিত বৰ্ণনা নাই৷ অনুষ্ঠানত ডিব্ৰুগড় জিলা পৰিৱহণ বিষয়া উৎপল বৰুৱা, লাহোৱালৰ অৱসৰী প্ৰধান শিক্ষক মহদানন্দ গগৈ, বিশিষ্ট কবি, লেখিকা সুৰজিতা সন্দিকৈ গগৈ, অসমী সংঘৰ সভাপতি পদ্মেশ্বৰ মহন, সাধাৰণ সম্পাদক ত্ৰিদিব গগৈ, বিশিষ্ট ব্যৱসায়ী, সাহিত্যকৰ্মী সুনীল গগৈ, কুশল কোঁৱৰ উপস্থিত থাকে৷ উল্লেখ্য যে আজি উন্মোচিত গ্ৰন্থখনি সদানন্দ গগৈৰ ক্ৰমে নৱম আৰু দশম সংখ্যক গ্ৰন্থ৷ লেখকৰ অন্যান্য গ্ৰন্থসমূহ হৈছে ‘কাঞ্চন, পৰিক্ৰমা ইত্যাদি’,¸ ‘কামেশ্বৰ মণিমালা আদিকৰি’, দুঃস্বপ্ন প্ৰতিশোধ অনুশোচনা’, ‘মৰ্মান্তিক বিচ্চুৰিত কিৰণ’, ‘চিন্তনীয় অনুভৱৰ কৰণি’, মনস্তাত্তিক বিশ্লেষণ’ ‘প্ৰতাৰণাৰ পুৰস্কাৰ’ আৰু ‘মনিষীৰে মুখামুখি’৷