বৰপথাৰ নাট্য সমাজৰ উদ্যোগত ‘কবিতাৰ এদিন’ শীৰ্ষক কাব্য অনুষ্ঠান
চাইন অন ডেস্ক,৯নবেম্বৰ:
পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে বৰপথাৰ নাট্য সমাজৰ উদ্যোগত আজি আবেলি ১ বজাৰ পৰা ‘কবিতাৰ এদিন’ শীৰ্ষক এটি কাব্য অনুষ্ঠান অনুষ্ঠিত হয়। নতুন- পুৰণি কবিৰ উপস্থিতি আৰু কবিতাৰ চৰ্চাৰে অনুষ্ঠানটি এক মনোজ্ঞ সাহিত্যিক পৰিৱেশেৰে সমৃদ্ধ হৈ পৰে।
মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা লেখক অনিৰুদ্ধ দত্তৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডাঃ ৰঞ্জিত কুমাৰ বৰুৱা। নিজৰ ভাষণত তেওঁ দীপাৱলীৰ পোহৰৰ উৎসৱৰ মাজতে বহু সংখ্যক লোকৰ উপস্থিতি আৰু স্থানীয় ৰাইজৰ কবিতাৰ প্ৰতি থকা আন্তৰিকতা তথা কাব্য চৰ্চাৰ প্ৰতি থকা অনুৰাগ দেখি অভিভূত হোৱা বুলি প্ৰকাশ কৰে। কবিতা চৰ্চাই মানুহৰ জীৱনলৈ এক অনন্য সুখানুভূতি কঢ়িয়াই আনে বুলি উল্লেখ কৰি তেওঁ অনুষ্ঠানত পাঁচটা কবিতা পাঠ কৰে।
অনুষ্ঠানত বিশিষ্ট কবি ৰুদ্ৰ গগৈ, সুকুমাৰ চেতিয়া, উজ্জ্বল চক্ৰৱৰ্তী, ৰাজেন দাস, গিৰিবালা দেৱী ভৰালী, নিজৰা গগৈ, প্ৰদীপ কুমাৰ সন্দিকৈ, কৃপাল কুমাৰ ফুকন,পাপৰি কটকী কোঁচ, মিনাক্ষী ফুকন, উমাকান্ত দিহিঙীয়া, পৰিস্মিতা গগৈ, কৰবী কোঁৱৰ বৰা, সুমন দুৱৰা গগৈ, ৰশ্মিৰেখা দুৱৰা আৰু তপস্যা দিহিঙীয়াকে ধৰি কেইবাগৰাকীও কবিয়ে স্বৰচিত কবিতা পাঠ কৰে। আনহাতে, অঞ্জন আগমাচাৰ্য, সোনাৰাম গগৈ, বিনন্দা ব্ৰহ্ম আৰু সদা বৰুৱাই অনুষ্ঠানত নিজৰ মনৰ ভাব প্ৰকাশ কৰে।
বৰপথাৰ নাট্য সমাজৰ সভাপতি ধ্ৰুৱ সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাজাভেটা গাঁও পঞ্চায়তৰ সভানেত্ৰী দেবযানী শইকীয়াই ভাষণ প্ৰদান কৰে। তেওঁ এনেধৰণৰ কাব্য অনুষ্ঠানে দৈনন্দিন জীৱনৰ ক্লান্তি, দুখ আৰু অৱসাদ দূৰ কৰি মানুহক নতুন উদ্যমেৰে জীৱন পথত আগবাঢ়িবলৈ সহায় কৰে বুলি মন্তব্য কৰে। লগতে বৰপথাৰ নাট্য সমাজৰ এই প্ৰচেষ্টাৰ শলাগ লৈ ভৱিষ্যতেও এনে কাৰ্যসূচীৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ পোষকতা কৰে। বৰপথাৰ নাট্য সমাজৰ সম্পাদক সুমন দত্তই আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত বৰপথাৰ যুৱক সংঘৰ সভাপতি যতীন কোঁৱৰ , সংঘৰ প্ৰাক্তন সভাপতি সদানন্দ গগৈ, বলোৰাম গগৈ, বলীন গগৈ, তীৰ্থনাথ কোঁৱৰ , মৃদুলা বৰুৱা ফুকন, ধনলতা লাহনকে ধৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তি আৰু সাহিত্যপ্ৰেমী ৰাইজ উপস্থিত থাকে।
